নিৰ্ধাৰিত ৩০ দিনৰ ভিতৰত পুৰী দুৰ্ঘটনাৰ তদন্ত সমাপ্ত হ’ব : ওড়িশাৰ আইন মন্ত্ৰী
ওড়িশাৰ আইন মন্ত্ৰী হৰিচন্দনে কয় যে উন্নয়ন আয়ুক্ত গাৰ্গে নিৰ্ধাৰিত ৩০ দিনৰ ভিতৰত পুৰীৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীক দাখিল কৰিব ।

Published : June 30, 2025 at 10:34 AM IST
ভূৱনেশ্বৰ : পুৰীৰ ৰথ যাত্ৰাৰ তৃতীয় দিনটোত সংঘটিত হয় এক অঘটন ৷ ফলত তিনিজন লোকৰ মৃত্যু হোৱৰা লগতে ৫০ জন লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷ এই শোকাৱহ ঘটনা সন্দৰ্ভত বিভিন্নজনে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া ৷
ইয়াৰে মাজতে দেওবাৰে ওড়িশাৰ আইন মন্ত্ৰী পৃথ্বীৰাজ হৰিচন্দনে কয়, ‘‘৩০ দিনৰ ভিতৰত তিনিজন লোকৰ মৃত্যু আৰু ৫০ জন লোক আহত হোৱা ঘটনাৰ প্ৰশাসনিক তদন্ত সম্পূৰ্ণ হ’ব । দেওবাৰে পুৱা পুৰীৰ শ্ৰীগুণ্ডিচা মন্দিৰৰ সমীপত চলি থকা ৰথযাত্ৰা উদযাপনৰ সৈতে জড়িত এক অনুষ্ঠানৰ সময়তে এই ভয়াৱহ ঘটনাটো সংঘটিত হয় ।’’
হৰিচন্দনে কয়, ‘‘উন্নয়ন আয়ুক্ত অনু গাৰ্গে নিৰ্ধাৰিত ৩০ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীক তদন্তৰ প্ৰতিবেদন দাখিল কৰিব । এই মৰ্মান্তিক ঘটনাৰ লগত জড়িত দোষীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।’’
মুখ্য জিলা চিকিৎসা বিষয়া পুৰী কিশোৰ সতাপথীয়ে সংবাদ সংস্থা PTI-ক জনোৱা মতে, নিশা ৮ বজাৰ ভিতৰত আটাইকেইজন আহত লোককে চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।’’
তেওঁ কয়, ‘‘আটাইকেইজন আহত লোকৰে স্বাস্থ্যৰ অৱস্থা সুস্থিৰ ৷ ইতিমধ্যে তেওঁলোকৰৰ চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অব্যাহতি দিছে ।’’ ইফালে এই ঘটনাৰ বাবে জগৰীয়া কৰি যুৱ কংগ্ৰেছ কৰ্মীসকলে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু আইন মন্ত্ৰী পি হৰিচন্দনৰ পদত্যাগৰ দাবী জনাইছে ।
যুৱ কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰাৰ সময়ত নিৰাপত্তাৰক্ষী আৰু আৰক্ষী জোৱানৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ পিছত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সমীপত থকা বেৰিকেড ভঙাৰ বাবে কেবাজনো প্ৰতিবাদকাৰীক উক্ত স্থানৰ পৰা আৰক্ষীয়ে উঠাই লৈ যায় ।
ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত ওড়িশা বিজেপিৰ সভাপতি মনমোহন সমলে এই ঘটনাক লৈ শোক প্ৰকাশ কৰি ইয়াক ‘দুৰ্ভাগ্যজনক’ বুলি অভিহিত কৰে ।
‘‘ভৱিষ্যতে যাতে এই ঘটনা সংঘটিত নহয়, তাৰ বাবে ৰাজ্য প্ৰশাসনক কিছু সাৱধান হ’ব লাগে ৷ মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক সিদ্ধান্তক আমি আদৰণি জনাইছো আৰু মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো ।” ওড়িশা বিজেপিৰ সভাপতিগৰাকীয়ে উল্লেখ কৰিছে ৷

