ইন্দোৰ: পহলগামৰ ঘটনাক লৈ শোকস্তব্ধ দেশবাসী । ইতিমধ্যে ভাৰতে এই ঘটনাৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে । তাৰ অংশ হিচাপে সিন্ধু জলচুক্তি বাতিলকে ধৰি কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে । তাৰ মাজতে মধ্যপ্ৰদেশৰ অৰ্থনৈতিক ৰাজধানীৰ পৰাও পাকিস্তানৰ বিৰুদ্ধে আহিছে সকীয়নি । পাকিস্তানলৈ শুকান ফল অৰ্থাৎ ড্ৰাই ফ্ৰুইটছৰ ৰপ্তানি বন্ধৰ সিদ্ধান্ত লৈছে মধ্যপ্ৰদেশৰ একাংশ ব্যৱসায়ীয়ে । ব্যৱসায়ীসকলৰ মতে ইন্দোৰৰ পৰা পাকিস্তানলৈ ৫০ৰ পৰা ১০০ কোটি টকাৰ ড্ৰাই ফ্ৰুইটছ, চেনি আৰু অন্যান্য গেলামালৰ সামগ্ৰী ৰপ্তানি কৰা হয় । কিন্তু এতিয়া ব্যৱসায়ীসকলে এই ৰপ্তানি বন্ধ কৰি দিছে । তেওঁলোকৰ মতে পাকিস্তানলৈ নপঠিয়ালেও আন কেইবাখনো দেশে তেওঁলোকৰ পৰা সামগ্ৰী ক্ৰয় কৰে ।
ব্যৱসায় নহয়, দেশ প্ৰথম
জম্মু-কাশ্মীৰৰ পহলগামত ২৬ গৰাকী নিৰীহ লোকক হত্যা কৰা হৈছিল । সেই সন্দৰ্ভত সমগ্ৰ দেশতে প্ৰচণ্ড ক্ষোভ দেখা গৈছে । পাকিস্তানী সন্ত্ৰাসবাদীৰ গুলীচালনাত ইন্দোৰৰ বাসিন্দা সুজিত কুমাৰ নাথনিয়ালৰো মৃত্যু হয় । তেওঁৰ কন্যাৰ ভৰিতো গুলী লাগে । তেতিয়াৰে পৰা সমগ্ৰ ইন্দোৰ চহৰত বিশেষকৈ বাণিজ্যিক ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে ব্যাপক ক্ষোভ দেখা গৈছে । বৃহস্পতিবাৰে চহৰখনৰ চাহ ব্যৱসায়ী সন্থাই ব্যৱসায় বন্ধ ৰাখে । তাৰ পিছতে পাকিস্তানলৈ বিভিন্ন সামগ্ৰী প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লয় ব্যৱসায়ী সন্থাই ।
পাকিস্তানলৈ সামগ্ৰী ৰপ্তানি বন্ধ
পাকিস্তানলৈ সামগ্ৰী ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লয় শ্ৰী মাৰোথিয়া বজাৰ ব্যৱসায়ী সন্থাই । সন্থাৰ সভাপতি বিশাল শৰ্মাই এই সন্দৰ্ভত কয়, "ইন্দোৰৰ মাৰোথিয়া বজাৰত প্ৰতি মাহে প্ৰায় ৫০ৰ পৰা ১০০ কোটি টকাৰ ব্যৱসায় হয় । তাৰ ভিতৰত ইন্দোৰৰ পৰা পাকিস্তানলৈ চেনী, কাজু, আখৰোট আৰু বাদাম আদি ৰপ্তানি কৰা হয় । কিন্তু সীমিত পৰিমাণে খেজুৰ, কেশৰ আদি পাকিস্তানৰ উপৰিও অন্য দেশৰ পৰাও আহে ।"
পাকিস্তানক একোৱে নিদিওঁ...
প্ৰথমবাৰৰ বাবে কোনো এখন চহৰে তেওঁলোকে উৎপাদিত সামগ্ৰী পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শ্ৰী মাৰোথিয়া বজাৰ ব্যৱসায়ী সন্থাৰ উপৰিও ছিয়াগঞ্জ ব্যৱসায়ী সন্থাইও একে ধৰণৰ সিদ্ধান্ত লোৱাৰ বাবে আলোচনা কৰি আছে । শ্ৰী মাৰোথিয়া বজাৰ ব্যৱসায়ী সন্থাৰ দৰে মালহাৰগঞ্জ ব্যৱসায়ী সন্থাইও পাকিস্তানলৈ সামগ্ৰী প্ৰেৰণ নকৰা সন্দৰ্ভত আলোচনা কৰি আছে । ইন্দোৰৰ আন বজাৰসমূহেও শীঘ্ৰেই এই দিশত সিদ্ধান্ত ল'ব বুলি আশা কৰা হৈছে ।
উল্লেখ্য যে পুলৱামা আক্ৰমণৰ পিছত ভাৰত চৰকাৰে পাকিস্তানৰ পৰা আমদানি কৰা খেজুৰত ২০০ শতাংশ শুল্ক আৰোপ কৰিছিল । তাৰ পিছত বৃহৎ পৰিমাণৰ শুল্ক পৰিহাৰ কৰিবলৈ পাকিস্তানী খেজুৰ উপসাগৰীয় দেশবোৰৰ মাজেৰে ইন্দোৰত উপস্থিত হৈছিল । এতিয়া পাকিস্তানৰ পৰা আমদানি কৰা অন্যান্য সামগ্ৰীবোৰো নিষিদ্ধ কৰা হৈছে, যি পাকিস্তানৰ বাবে এক গুৰুত্বপূৰ্ণ আঘাত হিচাপে দেখা গৈছে ।
কেশৰৰ বাবে পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল নহয় ভাৰত
খেজুৰ, আখৰোট আৰু কেশৰৰ বাবে ভাৰত পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল নহয় । কিয়নো ইয়াৰে বহু সামগ্ৰী বিশেষকৈ কেশৰ কেৱল কাশ্মীৰতে পোৱা যায় । ইয়াৰ উপৰিও ভাৰতে ইয়াৰ ৯৫ শতাংশ আমদানি আন দেশৰ পৰা কৰে । ইন্দোৰ মাৰোথিয়া বজাৰ ড্ৰাই ফ্ৰুইটছ সন্থাৰ মতে বৰ্তমান কাশ্মীৰৰ বাহিৰেও চিলি আৰু কেলিফৰ্ণিয়াৰ পৰা আখৰোট আহি আছে । আনহাতে কেশৰ ইৰাণ আৰু কাশ্মীৰৰ পৰা আহে ।
লগতে পঢ়ক :হুলেৰেহে হুল কাঢ়িব পাৰি ! পাক সৈন্যক গুলীৰে প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ - PAHALGAM TERROR ATTACK