ইন্দোৰত প্ৰথমবাৰৰ বাবে হস্ত দান: এজন ব্যক্তিয়ে দিলে চাৰিজন ব্যক্তিক নৱজীৱন
অংগ দান এক মহান দান । ইন্দোৰৰ এটা পৰিয়ালে ইয়াক পুনৰবাৰ প্ৰমাণ কৰিলে ।

Published : January 1, 2025 at 1:51 PM IST
ইন্দোৰ : ইন্দোৰত অংগ দান সন্দৰ্ভত মানুহৰ মাজত সজাগতা নিৰন্তৰ বৃদ্ধি পাই আহিছে । অংগ দানৰ ক্ষেত্ৰত ইন্দোৰ মধ্যপ্ৰদেশ ভিতৰত শীৰ্ষস্থানত আছে । এইবাৰ ইন্দোৰত মৰণোত্তৰ অংগ দানৰ দ্বাৰা 4 জন লোকে এক নতুন জীৱন লাভ কৰে । আনহাতে, চিকিৎসালয়ৰ কৰ্মচাৰীৰ লগতে নগৰবাসীয়ে অংগ দাতা মৃতকক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে এই অংগ দানৰ বাবে এক সেউজ কৰিড'ৰ সৃষ্টি কৰা হয় । ইয়াকে লৈ ইন্দোৰত ৬০ বাৰতকৈও অধিক সেউজ কৰিড'ৰ সৃষ্টি কৰা হয় ।
ব্ৰেইন ডেড ঘোষণাৰ পিছত পৰিয়ালৰ সিদ্ধান্ত

ইন্দোৰত বাস কৰা সুৰেন্দ্ৰ জৈনক চিকিৎসাৰ বাবে এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । কিন্তু চিকিৎসকসকলে তেওঁক ব্ৰেইন ডেড ঘোষণা কৰে । ইয়াৰ পিছত যেতিয়া ইন্দোৰ অংগ দানৰ সদস্যসকলে এই বিষয়ে জানিব পাৰে, তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতে আৰু তেওঁলোকক মৃতকৰ অংগ দান কৰিবলৈ উৎসাহিত কৰে । ইয়াৰ পিছতে পৰিয়ালটোৱে তেওঁৰ অংগ দান কৰে । মৃতকৰ যকৃত, দুখন হাত, দুটা বৃক্ক, চকু আৰু ছাল পৰিয়ালটোৱে দান কৰে ।

মৃতকৰ পৰিয়ালক প্ৰশংসা চিকিৎসকৰ
অংগ দাতা সংগঠনটোৰ এজন সদস্য জিতু বাগৱানীয়ে কয়, "এই মহৎ কামে ৪ জন লোকক এক নতুন জীৱন প্ৰদান কৰিছে । ইয়াৰ পূৰ্বে চিকিৎসকসকলেও মৃতকক অন্তিম বিদায় জনাইছিল । মৃতকৰ হাত গ্লোবেল হস্পিটেল মুম্বাইৰ এজন ৰোগীৰ শৰীৰত সংৰোপণ কৰা হৈছে । আনহাতে, যকৃতটো জুপিটাৰ হস্পিটেল মুম্বাইত ভৰ্তি হোৱা ৰোগীক দিয়া হৈছে । ইন্দোৰত প্ৰথমবাৰৰ বাবে দুয়োখন হাত দান কৰা হৈছে ।"
অংগ দানৰ বাবে ইন্দোৰত 60 বাৰ সেউজ কৰিড'ৰ সৃষ্টি
ইয়াৰ উপৰি এটা বৃক্ক চোইথ্ৰাম চিকিৎসালয়ক দিয়া হৈছে আৰু আনটো বৃক্ক ৰাজশ্ৰী চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীক দিয়া হৈছে । চকুযোৰ এম কে ইণ্টাৰনেচনেল আই বেংকত সংৰক্ষণ কৰা হৈছে । সময় আহিলে সেয়া কাৰোবাক দান কৰা হ'ব । একেদৰে ছালখন চোইথ্ৰাম স্কিন বেংকত ৰখা হৈছে । উল্লেখ্য যে এইটোকে লৈ ইন্দোৰত ৬০ বাৰৰ বাবে সেউজ কৰিড'ৰ সৃষ্টি কৰা হয় । 2015 চনৰ পৰা অংগ দানৰ বাবে ইন্দোৰত সেউজ কৰিড'ৰ সৃষ্টি কৰা হৈছে ।

