ETV Bharat / bharat

সুখকৰ নহ’ল ৰাজা-সোণমৰ শ্বিলং ভ্ৰমণ ! হনিমুনলৈ আহি মৃত্যুক সাবটিলে ব্য়ৱসায়ীয়ে - INDORE COUPLE MISSING IN SHILLONG

হনিমুনলৈ বুলি শ্বিলঙলৈ গৈ মৃত্যুক সাবটি লোৱা ৰাজা ৰঘুবংশীৰ অন্ত্যেষ্টিক্ৰিয়া বুধবাৰে সম্পন্ন ৷ পত্নী সোণম এতিয়াও সন্ধানহীন ।

INDORE COUPLE MISSING IN SHILLONG
যুগ্ম জীৱনৰ সপোন পূৰণ নহ’ল ৰাজা-সোণমৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 5, 2025 at 12:15 AM IST

4 Min Read

ইন্দোৰ: সুখকৰ নহ’ল এটা দম্পতীৰ হনিমুন ৷ ন জীৱনৰ আৰম্ভণিৰ প্ৰাকক্ষণত মধ্যপ্ৰদেশৰ ইন্দোৰৰ দম্পতীটোৱে হনিমুনৰ বাবে বাছি লৈছিল মেঘালয়ৰ শ্বিলঙক ৷

কিন্তু সেইখন শ্বিলঙতে যে কালে ৰৈ আছিল, সেয়া দম্পতীটোৰ সপোনৰো অগোচৰ আছিল ৷

দম্পতীৰ হনিমুনৰ দশমটো দিনত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশী নামৰ লোকজনৰ মৃতদেহ ৷ ৰঘুবংশী আছিল পেছাত এজন ব্যৱসায়ী ৷ আনহাতে, ৰাজা ৰঘুবংশীৰ পত্নী সোণম এতিয়া সন্ধানহীন হৈ আছে ৷

হনিমুনত শ্বিলঙলৈ গৈ হঠাৎ হেৰুৱাই পেলাইছিল যোগাযোগ

ইন্দোৰৰ সহকৰ নগৰত বাস কৰা পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীয়ে যোৱা ১১ মে’ত সংগম নগৰ অঞ্চলৰ বাসিন্দা সোণম ৰঘুবংশীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷

নতুন জীৱনৰ পাতনি মেলাৰ পূৰ্বে দুয়োগৰাকীয়ে মধুচন্দ্ৰিকা উদযাপনৰ উদ্দেশ্যে উপস্থিত হৈছিল মেঘে আৱৰা ৰাজ্যৰ মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত ৷ প্ৰথমাৱস্থাত সকলো ঠিকেই আছিল যদিও বিগত ২৩ মে’ত তেওঁলোকৰ ফোনটোৰ সংযোগ বিচ্ছিন্ন হৈ যায় বন্ধ হৈ যায় ৷

পৰিয়ালৰ লোকে বহুবাৰ চেষ্টা কৰিও দম্পতীটোৰ সৈতে সংযোগ স্থাপনত ব্যৰ্থ হয় ৷ ইয়াৰ পিছত ২৫ মে’ৰ আশে-পাশে তেওঁলোকৰ সন্ধানত পৰিয়ালৰ লোক উপস্থিত হয় শ্বিলঙত ৷

INDORE COUPLE MISSING IN SHILLONG
দৰা হৈ ওলাই যোৱা ঘৰখনৰ পৰা 24 দিন পিছত চিৰবিদায় ৰাজাক (ETV Bharat)

পোৱা গ’ল ৰাজাৰ মৃতদেহ, পত্নী এতিয়াও নিৰুদ্দেশ

মধ্যপ্ৰদেশৰ দম্পতীটোৰ লগত হোৱা এনে ঘটনা পোহৰলৈ অহাৰ পিছতে শ্বিলং আৰক্ষীয়ে দুয়োকে বিচাৰি অভিযান আৰম্ভ কৰে ৷ দম্পতীটোৱে ভাড়ালৈ লোৱা এক্টিভা স্কুটীখনো ওছাৰা পাহাৰৰ সমীপত পৰি থকা অৱস্থাত পোৱা যায় । ইয়াৰ পিছতে দম্পতীটোৰ সৈতে ডকাইতি কাৰ্য সংঘটিত হোৱাৰ অনুমান প্ৰকাশ কৰে আৰক্ষীৰ লগতে পৰিয়ালৰ লোকে ৷

ধাৰাবাহিকভাৱে চলোৱা অভিযানৰ দশমটো দিনৰ অন্তত ৰাজা ৰঘুবংশীৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে । হাতত অংকিত টাটুৰ দ্বাৰা মৃতদেহটো ৰাজাৰ বুলি চিনাক্ত কৰা হয় । অৱশ্যে ৰাজাৰ পত্নী সোণম সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে । সোণমক বিচাৰি অব্যাহত আছে অনুসন্ধান ।

ৰাজাক হত্যাৰ অভিযোগ ভাতৃ বিপিনৰ

জ্যেষ্ঠ ভাতৃ আৰু বৌয়েকক বিচাৰি শ্বিলঙলৈ যোৱা বিপিন ৰঘুবংশীয়ে ঘৰলৈ ওভতে ককায়েক ৰাজাৰ মৃতদেহৰ সৈতে ৷ ৰাজাৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত চোকা অস্ত্ৰৰে হত্যা কৰাৰ কথা পোহৰলৈ আহিছে ৷

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে কথা পাতি বিপিনে কয় ‘‘শ্বিলং আৰক্ষীয়ে প্ৰথম দিনাৰ পৰাই মোৰ জ্যেষ্ঠ ভাতৃ আৰু পত্নীৰ সন্ধানত গাফিলতি কৰিছিল । যাৰ বাবে মোৰ ভাতৃক হত্যা কৰা হৈছিল ।’’

চি বি আইৰ তদন্তৰ দাবী পৰিয়ালৰ

এই সন্দৰ্ভত চি বি আইৰ তদন্ত দাবী জনাইছে ৰাজাৰ পৰিয়ালটোৱে । ইয়াৰ বাবে তেওঁলোকে নিজৰ ঘৰত এখন ডাঙৰ পোষ্টাৰ লগাই এই কথা উল্লেখ কৰিছে । লগতে পৰিয়ালৰ লোকসকলে শেষকৃত্যৰ সময়ত বাহিৰ কৰা সমদলত ৰাজা ৰঘুবংশীৰ ন্যায়ৰ দাবীত বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ এই সন্দৰ্ভত মেঘালয় চৰকাৰৰ পৰাও উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে ৰাজাৰ পৰিয়ালে ৷

৬ মাহ পূৰ্বে ঠিৰাং হৈছিল বিবাহৰ

জানিব পৰা মতে, ৰাজা ৰঘুবংশী আৰু সোণমৰ সম্পৰ্কটো দুয়ো ঘৰৰ পৰিয়ালে ঠিৰাং কৰিছিল । ৰাজাই ৬ মাহ পূৰ্বে সোণমক দেখিছিল আৰু এংগেজমেণ্টৰ মাত্ৰ দুমাহ পিছতে বিবাহ সম্পন্ন হৈছিল ৰাজা-সোণমৰ ।

উল্লেখ্য় যে, ৰাজাৰ মৃতদেহ ইন্দোৰস্থিত বাসগৃহ আহি পোৱাৰ লগে লগে সৃষ্টি হয় এক শোকাকুল পৰিৱেশ ৷ পুত্ৰৰ মৃতদেহ দেখি মাতৃ দিশহাৰা হৈ পৰে ৷ সকলোৱে অশ্ৰুসিক্ত নয়নৰে ৰাজাক শেষ বিদায় দিয়ে । ইয়াৰ লগতে ৰাজাৰ পত্নী সোণমক দুৰ্বৃত্তই অপহৰণ কৰি বাংলাদেশলৈ নিয়াৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: হুৰহুৰকৈ খহি অহা মাটিয়ে কাল মাতিলে ! বায়ুসেনাৰ বিষয়াপত্নীসহ লেফটেনেণ্ট কৰ্ণেলকে ধৰি ৬ জনৰ সন্ধানেই ওলোৱা নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.