ইন্দোৰ/মহু: অৱশেষত গোচৰ ৰুজু হ'ল মধ্য প্ৰদেশৰ প্ৰতাপী মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে ৷ ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে মহুৰ মানপুৰ থানাত বুধবাৰে নিশা প্ৰায় 11 বজাত গোচৰ পঞ্জীয়ন কৰা হয় ৷ উল্লেখ্য যে এইগৰাকী প্ৰতাপী মন্ত্ৰীয়ে দুদিন পূৰ্বে মহুৰ এখন সভাত কৰ্ণেল ছ'ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে কেতবোৰ আপত্তিজনক মন্তব্য কৰিছিল ৷
মন্ত্ৰীগৰাকীৰ এনে দায়িত্বজ্ঞানহীন মন্তব্যই সমগ্ৰ দেশজুৰি সৃষ্টি কৰিছিল প্ৰতিক্ৰিয়াৰ ৷ বিৰোধী দল কংগ্ৰেছেও মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাৰ দাবী তুলিছিল ৷ আনহাতে, জবলপুৰ উচ্চ ন্য়ায়ালয়ে বুধবাৰে বিয়লি চাৰি ঘণ্টাৰ ভিতৰত মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছিল ৷ সেইমৰ্মেই নিশা প্ৰায় 11 বজাত ৰুজু কৰা হয় এই গোচৰ ৷
माननीय मध्यप्रदेश हाईकोर्ट के आदेश का पालन करते हुए माननीय मुख्यमंत्री जी ने कैबिनेट मंत्री श्री विजय शाह के बयान के संदर्भ में कार्यवाही करने के निर्देश दिए है।@DrMohanYadav51
— Office of Dr. Mohan Yadav (@drmohanoffice51) May 14, 2025
কি কৈছিল ছ'ফিয়া কুৰেশ্বীৰ বিৰুদ্ধে:
ভাৰতীয় সেনাই কৰ্ণেল ছ'ফিয়া কুৰেশ্বীৰ নেতৃত্বত পাক সমৰ্থিত সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই এফালৰ পৰা সন্ত্ৰাসবাদীক নিধন কৰাৰ পিছত এখন ৰাজহুৱা সভাত ভাষণ দি এইগৰাকী মন্ত্ৰী বিজয় শ্বাহে ছ'ফিয়া কুৰেশ্বীৰ নাম উল্লেখ নকৰাকৈয়ে সুদক্ষ সেনা বিষয়াগৰাকীক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি আখ্যা দিছিল ৷ এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ লগে লগে স্বয়ং বিজেপিৰ আভ্যন্তৰতো সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ৷
সুৰ সলালে মন্ত্ৰীয়ে:
পৰিস্থিতি বেয়ালৈ গতি কৰাত মধ্য প্ৰদেশ চৰকাৰৰ বিতৰ্কিত মন্ত্ৰী বিজয় শ্বাহে অৱশেষত ক্ষমা খোজে ৷ তেওঁ কয়- " আমাৰ প্ৰধানমন্ত্ৰীয়ে সেন্দূৰ কাঢ়ি নিয়াসকলক যিদৰে প্ৰত্যুত্তৰ দিলে, আমাৰ ভগ্নীসকলৰ সৈতে সিহঁতে যি কৰিছিল সেয়াই সিহঁতৰ ভাষাৰে বুজাই দিয়া হ'ল ৷ কিন্তু মোৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰা হ'ল ৷"
লগতে পঢ়ক: যিকোনো পৰিস্থিতিৰ বাবে ভাৰতীয় সামৰিক বাহিনী সম্পূৰ্ণ সাজু আৰু সজাগ হৈ আছে : কমাণ্ডাৰ ৰঘু আৰ নাইৰ