ETV Bharat / bharat

মেঘালয় চৰকাৰক কিহৰ বাবে দোষাৰোপ ? মন্ত্ৰী আলেকজেণ্ডাৰৰ প্ৰশ্ন

ৰাজা ৰঘুবংশীৰ পৰিয়ালে মেঘালয় চৰকাৰক দোষাৰোপ কৰিছে যদিও আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি এক ‘উৎকৃষ্ট’ কাম কৰিলে । মেঘালয়ৰ মন্ত্ৰী আলেকজেণ্ডাৰ লালু হেকে ক'লে ৷

Indore Couple Case
ৰাজা ৰঘুবংশী হত্যাৰ গোচৰৰ ন ন তথ্য ফাদিল (Getty Images)
author img

By ANI

Published : June 9, 2025 at 3:23 PM IST

2 Min Read
Choose ETV Bharat

শ্বিলং: প্ৰয়াত ৰাজা ৰঘুবংশীৰ পত্নীক গাজীপুৰত আন ৩ গৰাকী সহযোগীৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ পিছতে ইন্দোৰ দম্পতীৰ গোচৰে এক নতুন মোৰ লৈছে । কিন্তু স্বামীৰ হত্যাত পত্নীৰ হাত থকা বুলি মেঘালয় আৰক্ষীয়ে যি দাবী কৰিছে সেয়া অস্বীকাৰ কৰিছে সোনমৰ পৰিয়ালে ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মেঘালয়ৰ মন্ত্ৰী আলেকজেণ্ডাৰ লালু হেকে । তেওঁ কয় যে ৰাজা ৰঘুবংশীৰ পৰিয়ালে মেঘালয় চৰকাৰ আৰু আৰক্ষীক দোষাৰোপ কৰিছে যদিও আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰি এক ‘উৎকৃষ্ট’ কাম কৰিলে ।

Minister Alexander Laloo Hek
মন্ত্ৰী আলেকজেণ্ডাৰ লালু হেক (ANI)

এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মেঘালয়ৰ মন্ত্ৰীগৰাকীয়ে কয়, "সত্য পোহৰলৈ আহিছে ... বিগত দিনবোৰত ৰাজা ৰঘুবংশীৰ পৰিয়াল আৰু তেওঁৰ বন্ধুবৰ্গই মেঘালয় আৰক্ষী আৰু মেঘালয় চৰকাৰক বদনাম কৰি আহিছে । কিন্তু আটাইতকৈ লজ্জাজনক কথাটো হৈছে যে তেওঁলোকে মেঘালয়ৰ জনসাধাৰণক অপমান কৰি আছিল ... আমাৰ আৰক্ষীয়ে উৎকৃষ্ট কাম কৰিছে আৰু অপৰাধীক ৭ দিনৰ ভিতৰত জালত পেলাইছে ...৷"

তেওঁ লগতে কয়, "মেঘালয় আৰু ৰাজ্যখনৰ জনসাধাৰণৰ ভাবমূর্তিক অপমান কৰা সকলোৰে বিৰুদ্ধে আমি মানহানিৰ গোচৰ ৰুজু কৰা উচিত ৷"

আনহাতে, ৰাজাৰ ভাতৃ বিপুল ৰঘুবংশীয়ে মেঘালয় চৰকাৰক সমর্থন দি কয় যে তদন্তত তেওঁৰ ভাতৃক হত্যাৰ ষড়যন্ত্রত আন লোকৰ ভূমিকাৰ ইংগিত পোৱা গৈছে ৷ বিপুলে লগতে এই গোচৰত সোনম জড়িত থকাৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰে ।

এ এন আইৰ সৈতে হোৱা কথা-বতৰাত বিপুল ৰঘুবংশীয়ে কয়, "... সেই ৩-৪ জন লোকৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল, যেতিয়ালৈকে মই তেওঁলোকৰ নাম নাজানিছিলোঁ ... ৰাজ কুশৱাহাৰ নাম প্ৰকাশ পাইছে, অৰ্থাৎ হত্যাকাণ্ডত সোনম জড়িত হ'ব পাৰে... ৰাজ কুশৱাহা সোনমৰ কৰ্মচাৰী আছিল । তেওঁলোকে অনবৰতে ফোনত কথা পাতিছিল... তেওঁলোকৰ বিয়া ঠিক হোৱাৰ সময়ত দুয়োৱে সুখী আছিল ... যেতিয়াই নামবোৰ পোহৰলৈ আহে, মই ভাবোঁ এইক্ষেত্ৰত অন্য জড়িত থকা সন্দৰ্ভত মেঘালয় চৰকাৰে মিছা কোৱা নাছিল ... অভিযুক্তক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছোঁ ... মই এতিয়ালৈকে ৰাজ কুশৱাহাক দেখা নাই, মাত্ৰ তেওঁৰ নাম শুনিছোঁ... সোনম ইয়াৰ লগত জড়িত থাকিব পাৰে... ৷"

লগতে পঢ়ক :পৰকীয়া প্ৰেমৰ বাবেই সোনমে হত্যা কৰিছিল নেকি ৰাজাক ! - RAJA RAGHUVANSHI MURDER CASE
লগতে পঢ়ক :মেঘালয়ত সন্ধানহীন সোনমক উত্তৰ প্ৰদেশত উদ্ধাৰ: পেছাদাৰী ঘাতকৰ হতুৱাই স্বামী ৰাজাক হত্যা কৰোৱাইছিল সোনমে - INDORE COUPLE MISSING IN SHILLONG