নতুন দিল্লী : মঙলবাৰে (২২ এপ্ৰিল) পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাচতে পাকিস্তানৰ আকাশমাৰ্গ বন্ধ কৰি দিয়া হৈছে । ইয়াৰ ফলত কিছুমান আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত বাৰুকৈ প্ৰভাৱ পৰিছে । এই কথা শুকুৰবাৰে সদৰী কৰে ইণ্ডিগ’ কৰ্তৃপক্ষই । ইতিমধ্যে এই বিষয়টোৰ সন্দৰ্ভত ইণ্ডিগ’ কৰ্তৃপক্ষই তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি জানিব পৰা গৈছে ।
বৃহস্পতিবাৰে দিল্লীৰ পৰা কাজাখস্তানৰ আলমাটি আৰু উজবেকিস্তানৰ তাছকেন্দলৈ বিমান সেৱাকে ধৰি কিছু আন্তঃৰাষ্ট্ৰীয় বিমান বাতিল কৰা হৈছিল । পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাবেই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে বৃহস্পতিবাৰে পাকিস্তানে ভাৰতীয় বিমান সংস্থাসমূহক নিজৰ আকাশমাৰ্গ ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰে ।
ভাৰতৰ পঞ্জীয়নভুক্ত বিমানৰ লগতে ভাৰতীয় অপাৰেটৰৰ মালিকানাধীন বা লিজত থকা বিমানো এই আকাশমাৰ্গ ব্যৱহাৰ কৰিব নোৱাৰিব বুলি উল্লেখ কৰে পাকিস্তানে ।
শুকুৰবাৰে এক্সত প্ৰকাশ কৰা এটা পোষ্টত দৈনিক প্ৰায় ২২০০ খন বিমান সেৱা চলোৱা ইণ্ডিগ’ই কয় যে পাকিস্তানে হঠাতে আকাশমাৰ্গ বন্ধ কৰাৰ পিছত পৰিস্থিতি তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু ইয়াৰ ফলত কিছুমান আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাৰ ওপৰতো প্ৰভাৱ পৰিছে ।
#6ETravelAdvisory: We’re closely monitoring the situation following the sudden airspace closure by Pakistan. Some of our international flights remain impacted. Please check your flight status https://t.co/ll3K8PwtRV and rebooking options https://t.co/51Q3oUe0lP. pic.twitter.com/ya6WlSS4EM
— IndiGo (@IndiGo6E) April 25, 2025
বিমান সংস্থাটোৱে কয়, ''পাকিস্তানে আকাশমাৰ্গ বন্ধ কৰাৰ বাবে আমাৰ কেইখনমান আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত প্ৰভাৱ পৰিছে । আমাৰ দলসমূহে পৰিস্থিতিৰ মূল্যায়ন আৰু প্ৰভাৱিত গ্ৰাহকসকলক সম্ভৱপৰ উত্তম বিকল্পৰে সহায় কৰাৰ বাবে অহৰহ কাম কৰি আছে ।''
পাকিস্তানৰ আকাশমাৰ্গ বন্ধ হোৱাৰ লগে লগে দিল্লীকে ধৰি উত্তৰ ভাৰতৰ চহৰৰ পৰা পশ্চিমমুখী বিমান সেৱাত ইয়াৰ প্ৰভাৱ পৰিছে । এই বিমানসমূহে বিকল্প পথ গ্ৰহণ কৰিব লাগিব যিবোৰ আৰব সাগৰৰ ওপৰেদি অধিক দীঘলীয়া যাত্ৰা কৰিব লাগিব ।
ইতিমধ্যে সকলোৰে জ্ঞাত যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৬ জন ভাৰতীয় লোক নিহত হয় । এই আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছে । এই ঘটনাৰ পিছতে কেন্দ্ৰই পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰিছে ।