ETV Bharat / bharat

এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ

দিল্লীৰ পৰা লেহলৈ উৰামৰা বিমানখন পুনৰ ঘূৰাই আনিবলগা হয় । সকলো যাত্ৰীক সুৰক্ষিতভাৱে বিমানৰ পৰা নমোৱা হয় ।

Indigo flight technical issue
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 2:40 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: বিগত কিছুদিন ধৰি বিমানৰ বিজুতিৰ ঘটনা সঘনাই সংঘটিত হ'ব ধৰিছে । বিশেষকৈ এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমানত যান্ত্ৰিক বিজুতিৰ বাবে হয় যাত্ৰা বাতিল কৰিবলগা হৈছে, নতুবা মাজ আকাশৰ পৰা পুনৰ ঘূৰাই আনিবলগা হৈছে ।

এইবাৰ যান্ত্ৰিক বিজুতিৰ সন্মুখীন হৈছে ইণ্ডিগ'ৰ এখন বিমান । দিল্লী বিমানবন্দৰৰ পৰা লেহলৈ উৰা মৰা ইণ্ডিগ' বিমানখন জৰুৰী অৱতৰণ কৰাবলগা হয় । জানিব পৰা মতে যান্ত্ৰিক বিজুতিৰ বাবে বিমানখন পুনৰ দিল্লী বিমানবন্দৰলৈ ওভতাই আনিবলগা হয় । বিমানখনে উৰা মৰাৰ পিছতে পাইলটে ইয়াৰ কাৰিকৰী সমস্যাৰ সংকেত লাভ কৰে আৰু লগে লগে বিমানখন দিল্লী বিমানবন্দৰলৈ ওভতাই অনা হয় । বিমানখনত মুঠ ১৮০ গৰাকী যাত্ৰী আছিল ।

প্ৰাপ্ত তথ্য মতে, নিৰ্ধাৰিত সময় মতে বিমানখনে বৃহস্পতিবাৰে পুৱা দিল্লী বিমানবন্দৰৰ পৰা উৰা মাৰিছিল । কিন্তু উৰামৰাৰ কিছু সময়ৰ পিছতে যান্ত্ৰিক বিজুতিৰ আশংকাত বিমানখন পুনৰ দিল্লী বিমানবন্দৰলৈ ঘূৰাই আনিবলগা হয় ।

অৱশ্যে বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰোৱাৰ পিছত যাত্ৰীসকলক তাৰ পৰা নমাই অনা হয় । এই সন্দৰ্ভত ইণ্ডিগ' কৰ্তৃপক্ষৰ পৰা এক বিবৃতি জাৰি কৰি কোৱা হৈছে যে যাত্ৰীৰ সুৰক্ষা তেওঁলোকৰ প্ৰথম অগ্ৰাধিকাৰ আৰু সকলো যাত্ৰীকে বিকল্প ব্যৱস্থাৰ বাবে সহায় আগবঢ়োৱা হৈছে । বৰ্তমান বিমানখনৰ কি যান্ত্ৰিক বিজুতি হৈছে সেয়া পৰীক্ষা কৰি থকা হৈছে । আনহাতে, কোনো যাত্ৰী আঘাতপ্ৰাপ্ত হোৱা বা অন্য কোনো অনিষ্ট সাধনৰ বাতৰি পোৱা হোৱা নাই ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বুধবাৰে দিল্লীৰ পৰা বালিলৈ উৰামৰা এয়াৰ ইণ্ডিয়াৰ এ আই ২১৪৫ বিমানখন মাজ আকাশৰ পৰা দিল্লীলৈ উভতি আহিবলগা হৈছিল । ইণ্ডোনেছিয়াৰ লেবোটোবিৰ লাকী লাকী আগ্নেয়গিৰি হঠাতে উদ্গীৰণ হোৱাৰ ফলত বিমানখন ঘূৰাই আনিবলগা হৈছিল । বালি বিমানবন্দৰৰ কাষতে এই আগ্নেয়গিৰিটোত ১০ কিলোমিটাৰ উচ্চতালৈকে লাভা উদ্গীৰণ হৈছিল । যাৰ বাবে ওচৰ-পাজৰৰ বায়ুমণ্ডলত স্ফুলিংগৰ প্ৰভাৱ পৰিছিল আৰু এয়াৰ ট্ৰেফিকৰ ক্ষেত্ৰত গুৰুতৰ বিপদৰ সৃষ্টি হৈছিল ।

এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষৰ সূত্ৰ মতে যেতিয়া স্ফুলিংগ ভৰা ডাৱৰ বিমানখনৰ যাত্ৰাপথলৈ আহিবলৈ ধৰে তেতিয়া সুৰক্ষাৰ কথা বিবেচনা কৰি বিমানখন আগবাঢ়ি যোৱাটো বিপজ্জনক হৈ পৰে । তাৰ বাবেই পাইলটে দিল্লীলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে । অৱশ্যে কোনো ধৰণৰ বাধা অবিহনে বিমানখন দিল্লীলৈ ঘূৰি আহে । ইয়াৰ পিছত সকলো যাত্ৰীকে বিমানখনৰ পৰা সুৰক্ষিতভাৱে নমোৱা হয় । এয়াৰ ইণ্ডিয়াই অসুবিধাৰ সৃষ্টি হোৱাৰ বাবে যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰে আৰু সকলো যাত্ৰীৰ বাবে হোটেল সুবিধা, সম্পূৰ্ণ ভাৰা ঘূৰাই দিয়া বা নতুন যাত্ৰাৰ সময়সূচীৰ বিকল্প আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক :২১০ গৰাকী নিহতৰ ভিতৰৰ ১৮৭ গৰাকীৰ DNA-ৰ নমুনা মিল, পৰিয়ালক হস্তান্তৰ - AHMEDABAD PLANE CRASH
লগতে পঢ়ক :যুদ্ধবিধ্বস্ত ইৰাণৰ পৰা আৰ্মেনিয়ালৈ যোৱা শতাধিক ভাৰতীয় ছাত্ৰক লৈ দিল্লীত অৱতৰণ বিমান - OPERATION SINDHU