বেংগালুৰু : আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কিছুদিন পিছতে আন এখন বিমানৰ পাইলটে মে'ডে কল কৰে । এই আহ্বান গুৱাহাটীৰ পৰা চেন্নাইলৈ যোৱা ইণ্ডিগ’ৰ বিমানখনৰ পাইলটে । ইয়াৰ পিছতে বিমানখনে বেংগালুৰুত জৰুৰীকালীন অৱতৰণ কৰে ।
যদিও এই তথ্য শনিবাৰে পোহৰলৈ আহিছে, এই ঘটনাটো কিন্তু ১৯ জুনত সংঘটিত হোৱা বুলি কোৱা হৈছে । ইণ্ডিগ’ এই বিমানখনত ১৬৮ জন যাত্ৰী আছিল । কোৱা হৈছে যে বিপজ্জনকভাৱে ইন্ধনৰ মাত্ৰা কম হোৱাৰ বাবে পাইলটে ‘মে'ডে কল’ কৰিছিল ।
ইণ্ডিগ’ বিমানখনৰ পাইলটে বিমানখনত ইন্ধনৰ নাটনি লক্ষ্য কৰিছিল আৰু তাৰ পিছত তেওঁ এয়াৰ ট্ৰেফিক কণ্ট্ৰ’ল (এ টি চি)লৈ জৰুৰীকালীন ফোন কৰে । ইয়াৰ পিছত পাইলটে পুনৰ চেন্নাইত অৱতৰণৰ চেষ্টা নকৰাৰ সিদ্ধান্ত লয় আৰু বিমানখন অৱতৰণৰ বাবে বেংগালুৰুলৈ ডাইভাৰ্ট কৰা হয় । এই সন্দৰ্ভত অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডি জি চি এ) তদন্ত আৰম্ভ কৰিছে ।
অধিক তদন্ত নোহোৱালৈকে বিমানখনৰ সৈতে জড়িত দুয়োজন পাইলটকে আঁতৰাই দিয়া হৈছে । যদিও ইণ্ডিগ’ই পাইলটৰ এই কাৰ্য বা ইন্ধনৰ পৰিস্থিতি সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই, তথাপিও বিমান সংস্থাৰ সূত্ৰই নিশ্চিত কৰিছে যে ১৬৮জন যাত্ৰীক বিমানখনৰ পৰা নিৰাপদে উলিয়াই অনা হৈছে । এয়াৰ ইণ্ডিয়া বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰৰ সৈতে জড়িত এক মৰ্মান্তিক কাণ্ডৰ মাত্ৰ এসপ্তাহৰ পিছতে এই জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হয় । যোৱা ১২ জুনত লণ্ডন অভিমুখে উৰা মৰাৰ কিছু সময়ৰ পাছতে আহমেদাবাদৰ আৱাসিক অট্টালিকাত দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনত থকা ২৪১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মাত্ৰ এজন যাত্ৰীহে ৰক্ষা পৰে ।
শুকুৰবাৰে চেন্নাইৰ পৰা মাদুৰাইলৈ উৰা মৰা আন এখন ইণ্ডিগ’ বিমানত কাৰিকৰী বিজুতি ঘটিছিল । ৭০ জন যাত্ৰী লৈ চেন্নাইলৈ উভতি অহা বিমানখন নিৰাপদে অৱতৰণ কৰে । সঘনাই জৰুৰীকালীন অৱতৰণ আৰু কাৰিকৰী বিজুতিৰ পৰিপ্ৰেক্ষিতত বিমান সুৰক্ষা বিশেষজ্ঞসকলে কাৰ্যকৰী পৰিদৰ্শন, বিমানৰ প্ৰস্তুতি আৰু ইন্ধন ব্যৱস্থাপনাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে । যদিও ইণ্ডিগ’ত শেহতীয়াকৈ সংঘটিত হোৱা কাণ্ডত কোনো যাত্ৰীৰ ক্ষতি হোৱা নাই, তথাপিও ক্ৰমাৎ বৃদ্ধি পোৱা ডিষ্ট্ৰেছ কলৰ ফলত কঠোৰ নিৰীক্ষণ আৰু উন্নত ককপিট সিদ্ধান্ত গ্ৰহণৰ প্ৰট’কলৰ দাবীত ইন্ধন যোগাইছে । আনহাতে, ডি জি চি এই এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই যদিও দুয়োটা ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে পুংখানুপুংখ তদন্ত কৰা হ’ব বুলি বিষয়াসকলে কয় ।
এজন যাত্ৰীয়ে ইটিভি ভাৰতক জনোৱা মতে, তেওঁ গম পোৱা নাছিল যে এয়া জৰুৰীকালীন, কাৰণ সেইয়া ঘোষণা কৰা হোৱা নাছিল । তেওঁ কয়, "আমি অৱতৰণ কৰাৰ পাছত ইমান নিৰাপত্তা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ ব্যৱস্থা দেখি আতংকিত হৈছিল সাধাৰণতে এনে ক্ষেত্ৰত যাত্ৰীসকলক কেতিয়াও জৰুৰীকালীন অৱস্থাৰ কথা কোৱা নহয় আৰু কেৱল কেবিন ক্ৰু আৰু পাইলটেহে এই বিষয়ে অৱগত হয় ।"