হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ভাৰতীয় উপকূলক্ষী বাহিনীৰ ডি জি ৰাকেশ পালৰ - Rakesh Pal Dies
Indian Coast Guard : যোৱা বছৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ২৫ সংখ্যক সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰা ৰাকেশ পালৰ হৃদৰোগত আক্ৰান্ত হৈ চেন্নাইত মৃত্যু হয় বুলি জানিব পৰা গৈছে। তেওঁৰ ৩৪ বছৰতকৈও অধিক সময় ধৰি এক বিশিষ্ট কেৰিয়াৰ আছিল।

Published : August 18, 2024 at 11:02 PM IST
নেশ্যনেল ডেস্ক, 18 আগষ্ট : ইণ্ডিয়ান ক’ষ্ট গাৰ্ড অৰ্থাৎ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান ৰাকেশ পালৰ দেওবাৰে চেন্নাইৰ এখন চৰকাৰী চিকিৎসালয়ত হাৰ্ট এটেকত মৃত্যু হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে আই চি জিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ চেন্নাইলৈ আহিছিল পাল ৷ তেওঁ অস্বস্তিৰ অভিযোগ উত্থাপন কৰি দিনটোৰ পূৰ্বে ৰাজীৱ গান্ধী সাধাৰণ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷ পালে যোৱা বছৰৰ 19 জুলাইত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ 25 সংখ্যক সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ৷
পালক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজনাথ সিঙে ততাতৈয়াকৈ চিকিৎসালয়লৈ যায় ৷ তেওঁৰ মৃতদেহ দিল্লীলৈ অনাৰ ব্যৱস্থা কৰা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে ৷
34 বছৰতকৈও অধিক সময়ৰ বিশিষ্ট কেৰিয়াৰত বিষয়াগৰাকীয়ে সাগৰ আৰু তীৰত কেইবাটাও গুৰুত্বপূৰ্ণ নিযুক্তি লাভ কৰিছিল ৷ ইয়াৰ ভিতৰত বিশিষ্ট আছিল কমাণ্ডাৰ অৱ ক’ষ্ট গাৰ্ড ৰিজিঅ’ন (উত্তৰ পশ্চিম), উপ-সঞ্চালক প্ৰধান (নীতি আৰু পৰিকল্পনা) আৰু নতুন দিল্লীৰ ক’ষ্ট গাৰ্ড মুখ্য কাৰ্যালয়ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ৷
ইয়াৰ উপৰিও তেওঁ ক’ষ্ট গাৰ্ডৰ মুখ্য কাৰ্যালয়ত সঞ্চালক (ইনফ্ৰা এণ্ড ৱৰ্কছ) আৰু প্ৰধান সঞ্চালক (প্ৰশাসন) আদি বিভিন্ন সন্মানীয় বিষয়াৰ দায়িত্ব পালন কৰিছিল ৷ পালৰ বিশাল সাগৰীয় অভিজ্ঞতা থকাৰ বাবে পৰিচিত আছিল আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সকলো শ্ৰেণীৰ জাহাজ ক্ৰমে সমৰ্থ, বিজিত, সুচেতা কৃপলানি, অহল্যাবাই আৰু চি-03ৰ কমাণ্ডাৰ আছিল ৷
বিষয়াগৰাকীয়ে গুজৰাটৰ ফৰৱাৰ্ড এলেকাত দুটা ক’ষ্ট গাৰ্ড বেছকো কমাণ্ড কৰিছিল -- ওখা আৰু ভাদিনাৰ ৷ 2022 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁক অতিৰিক্ত সঞ্চালক প্ৰধান পদলৈ উন্নীত কৰা হয় আৰু ক’ষ্ট গাৰ্ডৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হয় ৷ তেওঁৰ শীৰ্ষ তত্বাৱধানত ক’ষ্ট গাৰ্ডে বহু বৃহৎ অভিযান আৰু অনুশীলন চলাইছিল য’ত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য আৰু কোটি কোটি টকাৰ সোণ জব্দ কৰা হৈছিল ৷
ইফালে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্সৰ এটা পোষ্টত তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, "আজি চেন্নাইত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ ডি জি শ্ৰী ৰাকেশ পালৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো ৷ তেওঁ আছিল এজন সক্ষম আৰু দায়বদ্ধ বিষয়া ৷ যাৰ নেতৃত্বত আই চি জি-য়ে ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা শক্তিশালী কৰাৰ ক্ষেত্ৰত ডাঙৰ অগ্ৰগতি লাভ কৰিছিল ৷"
লগতে পঢ়ক : CAAৰ অধীনত আহমেদাবাদত নাগৰিকত্ব প্ৰমাণপত্ৰ প্ৰদান; কংগ্ৰেছক কটাক্ষ অমিত শ্বাহৰ - Citizenship Certificate

