ETV Bharat / bharat

হে বীৰ সৈনিক তোমাক প্ৰণাম ! সতীৰ্থক বচাবলৈ গৈ আত্মবলিদান ভাৰতীয় সেনা জোৱানৰ

সেনাৰ এজন যুৱ বিষয়াৰ সৰ্বোচ্চ বলিদান । ছিকিমত এজন সতীৰ্থক বচাই নিজৰ জীৱন বলিদান দিলে লেফটেনেণ্ট শশাংক তিৱাৰীয়ে ।

Lieutenant Shashank Tiwari
লেফটেনেণ্ট শশাংক তিৱাৰীক অন্তিম শ্ৰদ্ধা ভাৰতীয় সেনাৰ (Social Media@EasternCommandIndianArmy)
author img

By ETV Bharat Assamese Team

Published : May 24, 2025 at 10:49 AM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : এক মৰ্মান্তিক তথা হৃদয় বিদাৰক কাহিনী । ভাৰতীয় সেনাৰ এজন লেফটেনেণ্টে নিজৰ দলৰ সতীৰ্থক বচাবলৈ গৈ প্ৰাণ আহুতি দিবলগা হয় । ছিকিমত এজন সতীৰ্থক বচাই নিজৰ জীৱন বলিদান দিলে লেফটেনেণ্ট শশাংক তিৱাৰীয়ে ।

নিজৰ অদম্য সাহস, নেতৃত্ব আৰু সতীৰ্থৰ প্ৰতি দায়বদ্ধতাৰ এক অসাধাৰণ নিদৰ্শন প্ৰদৰ্শন কৰি ভাৰতীয় সেনাৰ ছিকিমস্থিত স্কাউটৰ (Sikkim Scouts) লেফটেনেণ্ট শশাংক তিৱাৰীয়ে ২২ মে’ত উত্তৰ ছিকিমত এক অপাৰেচনেল টাস্কৰ সময়ত এজন সহযোগী সৈনিকক বচাবলৈ গৈ চূড়ান্ত ত্যাগ কৰিবলগীয়া হয় ।

লেফটেনেণ্ট শশাংক তিৱাৰীক অন্তিম শ্ৰদ্ধা ভাৰতীয় সেনাৰ (Indian Army)

গুৱাহাটীৰ প্ৰতিৰক্ষা মুখপাত্ৰ মহেন্দ্ৰ ৰাৱাতে এই বিষয়ে অৱগত কৰে । ২০২৪ চনৰ ১৪ ডিচেম্বৰত নিযুক্তি লাভ কৰা ২৩ বছৰীয়া বিষয়াগৰাকীয়ে ছমাহ নৌহওঁতেই ছিকিমৰ এটা টেকটিকেল অপাৰেটিং বেছৰ (টি অ’ বি) দিশে পথ (ৰুট) মুকলি কৰা টহলদাৰী দল এটাক নেতৃত্ব দি আছিল । এই পথটো এটা গুৰুত্বপূৰ্ণ পথ আৰু ভৱিষ্যতে ইয়াৰ ব্যৱহাৰৰ বাবে প্ৰস্তুত কৰা হৈছে । ঘটনাৰ দিনা পুৱা প্ৰায় ১১ বজাত টহলদাৰী দলৰ সদস্য অগ্নিবীৰ ষ্টেফান চুব্বাই এখন দলং পাৰ হৈ যোৱাৰ সময়ত ভৰি পিছলি পৰে আৰু প্ৰচণ্ড পাহাৰীয়া ঢৌৱে তেওঁক উটুৱাই নিয়ে ।

সেই সময়ত লেফটেনেণ্ট শশাংক তিৱাৰীয়ে উপস্থিত বুদ্ধি, নিস্বাৰ্থ নেতৃত্ব আৰু নিজৰ দলৰ প্ৰতি থকা অদম্য দায়বদ্ধতা প্ৰদৰ্শন কৰি অগ্নিবীৰজনৰ জীৱন বচাবলৈ পানীত জঁপিয়াই পৰে । তেওঁৰ এই সমৰ্পিত কাৰ্যক অনুসৰণ কৰি লগে লগে আন এজন জোৱান নায়ক পুকাৰ কাটেলেও পানীত জঁপিয়াই পৰে ৷ দুয়োৱে মিলি পানীত ডুব যোৱা অগ্নিবীৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু লেফটেনেণ্ট তিৱাৰী খৰস্ৰোতা নৈৰ সোঁতে উটুৱাই নিয়ে ।

ইফালে তেওঁৰ টহলদাৰী দলটোৰ অশেষ প্ৰচেষ্টা সত্ত্বেও তেওঁক বচাব পৰা নগ'ল । অৱশেষত পুৱা ১১.৩০ বজাত তেওঁৰ মৃতদেহ ৮০০ মিটাৰ তলৰ পৰা উদ্ধাৰ কৰা হয় । লেফটেনেণ্ট শশাংক তিৱাৰীৰ এই বীৰত্বপূৰ্ণ কাৰ্য ভাৰতীয় সেনাৰ মূল্যবোধৰ এক উজ্জ্বল উদাহৰণ হিচাপে পৰিগণিত হৈছে । যিটো এগৰাকী জোৱানৰ নিস্বাৰ্থ সেৱা, সততা, আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হোৱা আৰু নিজৰ পদবী অতিক্ৰম কৰি যুদ্ধ আৰু শান্তি দুয়োটাতে প্ৰতিফলন কৰা বিষয়া আৰু এজন বীৰ পুৰুষ সেনাৰ মাজত অবিচ্ছেদ্য বন্ধন হৈ পৰিছে ।

মাত্ৰ ২৩ বছৰ বয়সতে লেফটেনেণ্ট তিৱাৰীয়ে ভাৰতীয় সেনাৰ উন্নততম পৰম্পৰাক সজীৱ কৰি তুলিলে- এজন সতীৰ্থৰ জীৱনক নিজৰ জীৱনতকৈ আগস্থান দি, সন্মুখৰ পৰা নেতৃত্ব দি আৰু সামৰিক নৈতিকতা আৰু বীৰত্বৰ উচ্চতম মান ৰক্ষা কৰে ।

উল্লেখ্য যে, মৃত্যুৰ সময়ত সেনাৰ বিষয়াগৰাকীয়ে ইহসংসাৰত পিতৃ-মাতৃ আৰু এগৰাকী ভগ্নীক এৰি থৈ যায় । ইফালে এই কৰুণ ঘটনাত ভাৰতীয় সেনাই শোক প্ৰকাশ কৰিছে । ভাৰতীয় সেনাৰ এক বিবৃতিত কোৱা হৈছে যে এজন সাহসী হৃদয় আৰু এজন আগশাৰীৰ নেতৃত্বক হেৰুৱাই মৰ্মাহত হৈছে, যিয়ে নিজৰ অতি কম বয়স আৰু অতি কম সময়ৰ সেৱাৰ মাজতো সকলোৰে মাজত এক নিদৰ্শন এৰি থৈ গৈছে । তেওঁৰ এনে সাহস আৰু সতীৰ্থৰ প্ৰতি দায়বদ্ধতাৰ মহান আদৰ্শই আগন্তুক প্ৰজন্মৰ জোৱানক অনুপ্ৰাণিত কৰিব ।

লগতে পঢ়ক :উত্তৰ-পূব ভাৰত অভূতপূৰ্ব উন্নতিৰ সাক্ষী হৈছে: প্ৰধানমন্ত্ৰী - RISING NORTH EAST INVESTORS SUMMIT
লগতে পঢ়ক :উত্তৰ-পূৰ্বাঞ্চলে এটা দশকত ৬.৭৫ লাখ কোটি টকা বৃদ্ধিৰে বিনিয়োগৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে: ড'নাৰ মন্ত্ৰী সিন্ধিয়া - RISING NORTH EAST INVESTORS SUMMIT