ETV Bharat / bharat

অৰুণাচলত ভিণ্টেজ গ্ৰেনেড নিষ্ক্ৰিয় ভাৰতীয় সেনাৰ

১২ মে’ৰ সন্ধিয়া অসামৰিক নিৰ্মাণকাৰ্যৰ সময়ত প্ৰায় ৪৭ টা ভিণ্টেজ হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হৈছিল ।

vintage grenades defused
অৰুণাচলত ভিণ্টেজ গ্ৰেনেড নিষ্ক্ৰিয় ভাৰতীয় সেনাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2025 at 7:28 AM IST

2 Min Read
Choose ETV Bharat

তেজপুৰ : সুদীৰ্ঘ ৬৩ বছৰৰ মূৰত অৰুণাচল প্ৰদেশত উদ্ধাৰ হৈছে ভাৰত-চীন যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা ভিণ্টেজ গ্ৰেণেড । অৱশ্যে ভিণ্টেজ গ্ৰেণেডবোৰ নিৰাপদে নিষ্ক্ৰিয় কৰে ভাৰতীয় সেনাই । উল্লেখ্য যে সেই সময়ত যুদ্ধৰ বাবে ব্যৱহাৰ কৰা হৈছিল এই গ্ৰেণেডসমূহ । কিন্তু জনবসতি নোহোৱাৰ বাবে ডাপৰিজো নদীৰ পাৰত এই গ্ৰেণেডসমূহ পৰি আছিল ।

আনহাতে, জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি থকা সম্ভাব্য ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি তৎকালীনভাৱে ভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ ডাপৰিজোত অসামৰিক নিৰ্মাণৰ কামৰ সময়ত উদ্ধাৰ হোৱা ৪৭ টা ভিণ্টেজ হেণ্ড গ্ৰেনেড সফলতাৰে নিষ্ক্ৰিয় কৰে ।

এই সন্দৰ্ভত তেজপুৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেণ্ট কৰ্ণেল অতুল শ্ৰীধৰণে জনায়, "যোৱা ১২ মে’ৰ সন্ধিয়া অসামৰিক নিৰ্মাণকাৰ্যৰ সময়ত প্ৰায় ৪৭ টা ভিণ্টেজ হেণ্ড গ্ৰেনেড উদ্ধাৰ কৰা হয়। সন্ধিয়া প্ৰায় ৬.৩০ বজাত এই নিৰ্মাণকাৰ্যৰ ঠাইত অসামৰিক প্ৰশাসনে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলটো ঘেৰাও কৰি উদ্ধাৰ হোৱা সামগ্ৰীসমূহ সুৰক্ষিতভাৱে নিষ্ক্ৰিয় কৰাৰ বাবে ভাৰতীয় সেনাৰ সহায় বিচাৰে । এই খবৰৰ প্ৰতি তাৎক্ষণিক সঁহাৰি জনাই সেনাৰ বিশেষজ্ঞৰ এটা দল উক্ত স্থানত উপস্থিত হয় । দলটোৱে জনসাধাৰণৰ সুৰক্ষা আৰু পৰিৱেশ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব দি অত্যন্ত সাৱধানতা অৱলম্বন কৰি ১৪ মে’ত সেনাৰ নিয়ন্ত্ৰণত বিস্ফোৰণ ঘটায় ।"

শ্ৰীধৰণে লগতে কয়, "অসামৰিক প্ৰশাসনে সেনাৰ এই তাৎক্ষণিক সেৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সময়োপযোগী আৰু পেছাদাৰী সঁহাৰিৰ বাবে সেনা দলটোক সম্বৰ্ধনা জনায় । স্থানীয় জনসাধাৰণৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় সেনা আৰু অসামৰিক কৰ্তৃপক্ষৰ মাজত অৰুণাচলৰ শক্তিশালী সমন্বয়ৰ প্ৰমাণ হিচাপে থিয় দিছে এই অভিযান ।"

উল্লেখযোগ্য যে সেনাৰ তৰফৰ পৰা সদৰী কৰিছে যে এই গ্ৰেনেডসমূহ ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল ।

সুদীৰ্ঘ ৬৩ বছৰ পিছত উক্ত অঞ্চলত এই গ্ৰেনেডসমূহ ডাপৰিজো জিলা প্ৰশাসনে উদ্ধাৰ কৰে ।

লগতে পঢ়ক :ইটিভি ভাৰতৰ দায়বদ্ধতা; প্ৰয়াত সাংবাদিক ৰাতুল ডেকাৰ পৰিয়াললৈ আৰ্থিক সাহায্য - JOURNALIST RATUL DEKA
লগতে পঢ়ক :অসমত হ’ব আমূলৰ বৃহৎ গাখীৰ উদ্যোগ; কেবিনেটে জনালে ২০ বিঘা ভূমিৰ অনুমোদন - AMUL