ETV Bharat / bharat

‘অপাৰেশ্যন সেন্দূৰ’ত ১০০ সন্ত্ৰাসবাদীক নিঃশেষ: DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই

যুদ্ধবিৰতি চুক্তি উলংঘনৰ অভিযোগৰ প্ৰত্যুত্তৰত পাকিস্তানে দেওবাৰে কয় যে তেওঁলোক চুক্তিখনৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে ।

Operation Sindoor
প্ৰতিনিধিত্বমূলক ছবি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 8:56 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ভাৰতীয় সেনাৰ মহানিৰ্দেশক সেনা অভিযানৰ (Director General Military Operations, DGMO) লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই ৰাজৰৱাৰে কয় যে 'অপাৰেশ্যন সেন্দূৰ' অধীনত ১০০ সন্ত্ৰাসবাদী নিহত হৈছে ।

ঘায়ে কয় যে অপৰাধৰ নিষ্ঠুৰতা আৰু ৰাষ্ট্ৰই যি ভয়াৱহতা প্ৰত্যক্ষ কৰিলে তথা ইয়াৰ পিছত সশস্ত্ৰ বাহিনীৰ ওপৰত আক্ৰমণ সংঘটিত হ'ল, ইয়াৰ দ্বাৰা আমাৰ এইটো উপলব্ধি হ'ল যে এক কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ সময় আহি গৈছে ।

"অপাৰেশ্যন সেন্দূৰৰ পৰিকল্পনা সন্ত্ৰাসবাদৰ অপৰাধীক দণ্ড প্ৰদান কৰা আৰু সন্ত্রাসবাদী ঘাটি ধ্বংস কৰাৰ সেনা উদ্দেশ্যৰে কৰা হৈছিল । ই ভাৰতৰ সন্ত্রাসবাদৰ প্ৰতি অসহনশীলতা প্ৰদৰ্শন কৰিছে । নিখুঁতভাৱে সন্ত্রাসবাদী স্থানসমূহ চিনাক্ত কৰা হৈছিল আৰু আমি এইটো জানিবলৈ পাওঁ যে এনে ঘাটি বহুত আছে । আমি এইটোও জানিব পাৰোঁ প্ৰত্যাক্ৰমণৰ ভয়ত কিছু ঘাটি খালী কৰা হৈছিল ।" ঘায়ে কয় ।

তেওঁ লগতে কয়, "আমি কেৱল সন্ত্ৰাসবাদীক লক্ষ্য কৰি লৈছিলো আৰু অন্য যিকোনো ক্ষতি হ'ব পৰাটো ৰক্ষা কৰিছিলোঁ । এই ঘাটিসমূহত বহু বছৰ ধৰি সন্ত্ৰাসবাদী সংগঠন গঢ়ি তোলা হৈছিল । এই আক্ৰমণত ১০০ সন্ত্ৰাসবাদীৰ মৃত্যু হয় । য'ত বিমান অপহৰণ আৰু পুলৱামাত জড়িত সন্ত্ৰসবাদীও জড়িত আছে । এই আক্ৰমণত ভাৰতীয় বায়ুসেনা আৰু নৌসেনাই বিশেষ ভূমিকা পালন কৰে ।"

উল্লেখ্য যে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ শীৰ্ষ নেতাসকলে দেওবাৰে 'অপাৰেশ্যন সেন্দূৰ' সম্পৰ্কে তথ্য অৱগত কৰিবলৈ এক যুটীয়া সংবাদমেল সম্বোধন কৰে । ইয়াত লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইৰ উপৰি ভাৰতীয় বায়ুসেনাৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শ্বেল অৱধেশ কুমাৰ ভাট্টি আৰু ভাৰতীয় নৌসেনাৰ নেভী অপাৰেচনৰ সঞ্চালক প্ৰধান ভাইচ এডমিৰেল এ এন প্ৰমোদো উপস্থিত থাকে ।

ইফালে দেওবাৰে পুৱাৰ ভাগত ভাৰতীয় বায়ুসেনাই ঘোষণা কৰে যে 'অপাৰেশ্যন সেন্দূৰ' এতিয়াও সক্ৰিয় হৈ আছে । ভাৰতীয় বায়ুসেনাই নিজৰ X হেণ্ডলত লিখিছে যে এই অভিযান ৰাষ্ট্ৰীয় উদ্দেশ্যৰ হকে 'সম্পূৰ্ণ পৰিকল্পনাৰে আৰু গোপনীয় পদ্ধতিত' সম্পন্ন কৰা হৈছে ।

লগতে পঢ়ক :সেন্দূৰ অভিযান ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু সেনা শক্তিৰ প্ৰতীক : ৰাজনাথ সিং - OPERATION SINDOOR
লগতে পঢ়ক :সীমান্তত উলংঘনৰ যিকোনো ঘটনা কঠোৰভাৱে মোকাবিলা কৰিবলৈ সেনাক নিৰ্দেশ ভাৰতৰ - OPERATION SINDOOR