ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ চাম্বাত উৰিছে সন্দেহযুক্ত পাকিস্তানী ড্ৰোণ, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই মাজ আকাশতে ইয়াক কৰিছে ধ্বংস - PAKISTANI DRONES

জম্মু-কাশ্মীৰৰ চাম্বাত ব্লেকআউটৰ মাজতে দেখা গ’ল এখন ড্ৰোণ, ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই মাজ আকাশতে ধ্বংস কৰি দিয়ে এই সন্দেহযুক্ত পাকিস্তানী ড্ৰোণ ।

Indian Air defence intercepts pakistani drones amid blackout in samba jammu kashmir
পাকিস্তানী ড্ৰোণ (ANI)
author img

By ETV Bharat Assamese Team

Published : May 12, 2025 at 11:02 PM IST

2 Min Read

জম্মু : এতিয়াও শিকনি লোৱা নাই পাকিস্তানে । ইতিমধ্যে ভাৰতৰ হাতত পৰাস্ত হৈছে পাকিস্তানী সেনা । ভাৰতে পৰ্বেও মাজ আকাশতে ধ্বংশ কৰিবলৈ সক্ষম হৈছিল । ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পাছতো আন্তঃৰাষ্ট্ৰীয় সীমান্ত আৰু জম্মু-কাশ্মীৰৰ LoC ত অবিৰতভাৱে সন্দেহযুক্ত পাকিস্তানী ড্ৰোণ কাৰ্যকলাপ দেখিবলৈ পোৱা গৈছে ।

সোমবাৰে নিশা সাম্বাত ব্লেকআউটৰ মাজতে ভাৰতীয় এয়াৰ ডিফেন্স চিষ্টেমে আকাশৰ মাজভাগত সন্দেহযুক্ত পাকিস্তানী ড্ৰোণ প্ৰত্যক্ষ কৰে । এই সময়ছোৱাত বিস্ফোৰণৰ শব্দও শুনিবলৈ পোৱা যায় ।

সংবাদ সংস্থা ANI-এ সেনাৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰি অনুসৰি, পূৰ্বৰ দিনৰ তুলনাত সোমবাৰে চাম্বা অঞ্চললৈ অতি কম সংখ্যক ড্ৰোণ আহিছিল । ইতিমধ্যে সকলো ড্ৰোণকে বাধা দিয়া হৈছে । কোনেও ভয় খাব নালাগে বুলি ভাৰতীয় সেনাই কয় ।

ইফালে সোমবাৰে নিশা পঞ্জাবৰ অমৃতসৰতো ব্লেকআউট জাৰি কৰা হয় । ইয়াৰ পূৰ্বে অমৃতসৰ DC-এ ৰাইজক তেওঁলোকৰ ঘৰৰ লাইট বন্ধ কৰি ৰাখাৰ লগতে সকলোকে ঘৰৰ খিৰিকীৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল । ''শান্ত হৈ থাকক, আমি আপোনালোকক জনাই দিম যেতিয়া বিদ্যুৎ যোগান পুনৰ আৰম্ভ কৰিবলৈ সাজু হ’ব । একেবাৰে আতংকিত নহ'ব ।''

পঞ্জাবৰ হোছিয়াৰপুৰ জিলাৰ উপ আয়ুক্ত (DC) আছিকা জৈনে ভিডিঅ’ বাৰ্তাযোগে কয়, ''আমি সতৰ্কতামূলক ব্যৱস্থা হিচাপে কিছুদিনৰ বাবে দসুয়া আৰু মুখীয়ান অঞ্চলত আংশিকভাৱে বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ কথা ঘোষণা কৰিছো । হোছিয়াৰপুৰৰ বাসিন্দাসকলক নিজেই ব্লেকআউট পালন কৰি ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছো । আতংকিত হোৱাৰ প্ৰয়োজন নাই ।''

লগতে পঢ়ক : অপাৰেশ্যন সেন্দূৰ কেৱল নাম নহয়; প্ৰধানমন্ত্ৰী মোদীয়ে ৰাইজক সম্বোধন কৰি কয়

লগতে পঢ়ক : ভাৰতীয় বায়ুসেনা ঘাটি ধ্বংসৰ দাবী পাকিস্তানৰ: দাবী খণ্ডন কৰি বিভ্ৰান্তিকৰ আখ্যা পি আই বিৰ

লগতে পঢ়ক : আমাৰ যুদ্ধ সন্ত্রাসবাদৰ বিৰুদ্ধেহে, পাকিস্তানৰ বিৰুদ্ধে নহয়: এয়াৰ মাৰ্শ্বেল এ কে ভাৰতী

লগতে পঢ়ক : ভাৰতলৈ আহিব পুটিন, ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আমন্ত্ৰণ ৰক্ষা কৰিব প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.