2025 চনৰ প্ৰথম সূৰ্যোদয়ৰে ভাৰতত নৱবৰ্ষক স্বাগতম
সূৰুযৰ প্ৰভাতী কিৰণেৰে আৰম্ভ হৈছে ইংৰাজী নতুন বৰ্ষ ।

By ANI
Published : January 1, 2025 at 11:25 AM IST
|Updated : January 1, 2025 at 12:02 PM IST
নতুন দিল্লী : ভাৰতত নতুন প্ৰত্য়াশাৰে প্ৰভাতী কিৰণত আৰম্ভ ২০২৫ বৰ্ষ । এই কিৰণে সমগ্ৰ দেশতে আশাৰ সঞ্চাৰ বিয়পাইছে । দেশৰ পূবৰ ৰাজ্যৰ পৰা আৰম্ভ কৰি মধ্য় অঞ্চললৈকে মানুহে আগন্তুক এক উজ্জ্বল আৰু সুখী বছৰৰ আশাৰে নতুন প্ৰভাতক আদৰণি জনাইছে । সমগ্ৰ দেশৰ মানুহকে নৱবৰ্ষৰ প্ৰথম সূৰ্যোদয়ৰ কিৰণে স্পৰ্শ কৰিছে । উত্তৰাখণ্ডৰ পৰা তামিলনাডু আৰু বংগৰ পৰা অসমলৈকে শ্বাসৰুদ্ধকাৰী দৃশ্যবোৰে সঁচাকৈয়ে মন্ত্ৰমুগ্ধ কৰি তুলিছে । ২০২৫ চনৰ প্ৰথম পুৱাতেই মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়াৰ পৰা মহাৰাষ্ট্ৰৰ মানুহে ফটো তুলিছে ।
মুম্বাইৰ ৰাজভৱনৰ ওচৰত নৱবৰ্ষৰ প্ৰথম সূৰ্যোদয়ৰ এক শ্বাসৰুদ্ধকাৰী দৃশ্য বন্দী কৰা হৈছে । আকাশত বিয়পি পৰা সোণালী ৰশ্মিয়ে নতুন আশা আৰু নতুন সম্ভাৱনাৰ আৰম্ভণিৰ সংকেত দিছে ।
কেৰালাৰ কোচিৰ বৃক্ষৰ পিছফালে সূৰুযৰ প্ৰথম কিৰণে ২০২৫ সংকেত দিয়াৰ লগে লগেই ৰাজ্য়বাসীয়ে উপভোগ কৰিছে এক শ্বাসৰুদ্ধকাৰী প্ৰতিচ্ছবি।
ইফালে,পশ্চিম বংগৰ লোকসকলে বীৰভূমত ২০২৫ চনৰ প্ৰথম সূৰ্যোদয়ৰ সাক্ষী হয়।
ৰাজ্যখনে ২০২৫ চনক আদৰণি জনোৱাৰ লগে লগে হিমাচল প্ৰদেশৰ চিমলাত পুৱা আকাশখন সোণোৱালী ছাঁই উজ্জ্বল কৰে যি হৈছে আশাৰ অনুভূতিৰ প্ৰতীক ।
ওড়িশাৰ ময়ূৰভঞ্জত ৰাজ্যখনে প্ৰথম সূৰ্যোদয়ৰ লগে লগে 2025 চনক জনাই আদৰণি । ঠাণ্ডা আৰু ঘন কুঁৱলীয়ে পৰিৱেশ মনোমোহা কৰি তোলে ।
মাদুৰাইত ডাঠ ডাৱৰৰ মাজত উদিত সূৰুযে ২০২৫ চনৰ ১ জানুৱাৰীত মানুহক এক সুন্দৰ দৃশ্য প্ৰদান কৰে ।
চেন্নাইৰ মেৰিনা বীচ্চত ২০২৫ চনৰ প্ৰথম সূৰ্যোদয়ৰ আকৰ্ষণীয় দৃশ্য়
বিশ্ববাসীয়ে সংকল্প আৰু আশাৰে এক প্ৰতিশ্ৰুতিপূৰ্ণ নৱবৰ্ষ উদযাপন কৰিছে। নৱবৰ্ষৰ উৎসৱে আপোনাৰ প্ৰিয়জনৰ সৈতে যোগাযোগ কৰিব আৰু আপোনাৰ আকাংক্ষাবোৰ পূৰণ কৰিব । (এএনআই)

