২০২৮ ত ভাৰত হ'ব তৃতীয় বৃহত্তম বিশ্ব অৰ্থনীতি; ব্ৰিটিছ প্ৰধানমন্ত্ৰী
দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ ।

Published : October 8, 2025 at 4:12 PM IST
মুম্বাই : দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণলৈ আহিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰ । শেহতীয়াভাৱে ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি সম্পাদন হোৱাৰ পিচত ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে ভাৰতত খোজ পেলায়েই কয় যে এই বাণিজ্যিক চুক্তিখনৰ পৰা লাভ কৰা সুফলৰ বাবে ২০২৮ চনৰ ভিতৰত ভাৰতে তৃতীয় বৃহত্তম বিশ্ব অৰ্থনীতি হিচাপে স্থান লাভ কৰিব । ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে কয় যে ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তিৰ অধীনত অন্তৰ্ভুক্ত হ’বলৈ অপেক্ষা কৰি থকা সুযোগসমূহ অতুলনীয় ।
মোদী-ষ্টাৰমাৰৰ আলোচনা :
আজি পুৱা দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰিটেইনৰ বিশিষ্ট ব্যৱসায়িক নেতা, উদ্যোগী আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰে গঠিত বিশাল প্ৰতিনিধি দলৰ সৈতে মুম্বাইত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ । ষ্টাৰমাৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে আলোচনাত মিলি হ'ব । দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক সম্প্ৰসাৰণৰ উপায় বিচাৰি আলোচনা কৰিব ।
ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আমি জুলাইত ভাৰতৰ সৈতে এক বৃহৎ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছিলো -- যিকোনো দেশৰ দ্বাৰা সৰ্বোত্তম সুৰক্ষিত -- কিন্তু কাহিনী ইয়াতেই স্তব্ধ হোৱা নাই ।" তেওঁ কয়, "এয়া কেৱল কাগজৰ টুকুৰা নহয়, ই বিকাশৰ বুনিয়াদ । ২০২৮ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ'ব আৰু তেওঁলোকৰ সৈতে বাণিজ্য দ্ৰুত আৰু সস্তা হ'বলৈ ওলোৱাৰ বাবে অন্তৰ্ভুক্তৰ অপেক্ষা কৰি থকা সুযোগসমূহ অতুলনীয় ।"
ষ্টাৰমাৰে কয় যে ভাৰতত বৃদ্ধিৰ অৰ্থ হ’ল ব্ৰিটিছ জনসাধাৰণৰ বাবে অধিক পচন্দ, স্থিতিশীলতা আৰু ঘৰতে চাকৰি । উল্লেখ্য় যে ২০৩০ চনৰ ভিতৰত বজাৰত প্ৰৱেশ বৃদ্ধি, শুল্ক কৰ্তন আৰু দ্বিপাক্ষিক বাণিজ্য দুগুণ হ’ব । দুয়োখন দেশে গুৰুত্বপূৰ্ণ মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰাৰ ডেৰ-দুমাহৰ পাছত তেওঁৰ এই ভাৰত ভ্ৰমণ । জুলাইত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ লণ্ডন ভ্ৰমণৰ সময়ত এই গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তিখন স্বাক্ষৰ কৰা হৈছিল ।
ষ্টাৰমাৰৰ ভাৰত ভ্ৰমণ সম্পৰ্কে এইবুলি চৰ্চা হৈছে যে ব্ৰিটেইন-ভাৰত বাণিজ্যিক চুক্তিৰ পৰা অহা গতিবেগ বৃদ্ধি কৰিব বিচৰা হৈছে । কিয়নো ইয়াৰ দ্বাৰা ব্ৰিটিছ ব্যৱসায়ীসকলৰ বাবে বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ পথ প্ৰশস্ত হ’ব ।
ভাৰতলৈ আমদানি কৰা ব্ৰিটিছ সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰা সন্দৰ্ভত জুলাইত ব্ৰিটেইন-ভাৰতৰ গুৰুত্বপূৰ্ণ বাণিজ্য চুক্তি স্বাক্ষত উল্লেখ কৰা হৈছে । এই চুক্তিৰ পিছত ব্ৰিটিছ ব্যৱসায়ীসকলে বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ সৈতে নিজৰ বাণিজ্যৰ দুৱাৰ মুকলি কৰা বুলিও চৰ্চা হৈছে ।
কোন কোন কোম্পানীৰ প্ৰতিনিধি ভাৰতত উপস্থিত ?
ষ্টাৰমাৰৰ প্ৰতিনিধি দলৰ অংশ হিচাপে আছে ৰ’লছ ৰয়েচ, ব্ৰিটিছ টেলিকম, ডায়েজিঅ’, লণ্ডন ষ্টক এক্সচেঞ্জ আৰু ব্ৰিটিছ এয়াৰৱেজৰ দৰে ডাঙৰ কোম্পানীসমূহৰ শীৰ্ষ কাৰ্যবাহীসকল ।
ব্ৰিটেইনৰ ব্যৱসায় আৰু বাণিজ্য সচিব পীটাৰ কাইলে কয়, "আমি দেখুৱাইছো যে ভাৰতৰ সৈতে বাণিজ্য বৃদ্ধিৰ বাবে আমাৰ উচ্চাকাংক্ষাৰ কোনো সীমা নাই । এবছৰ নৌহওঁতেই আমি এক চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰাৰ পৰা, ইয়াৰ বাণিজ্যিক মূলধনলৈ ১২৫ জন বিচক্ষণ ব্যৱসায়িক নেতাক অনালৈকে আগবাঢ়িছো । এই চুক্তিখন ভাৰতৰ সৈতে যিকোনো দেশে লাভ কৰা সৰ্বোত্তম চুক্তি আৰু ই বৃহৎ আৰু সদায় বৃদ্ধি পোৱা বজাৰত প্ৰৱেশৰ বাবে ব্ৰিটিছ ব্যৱসায়ীসকলক শাৰীৰ সন্মুখত ৰাখিছে ।"
গড় শুল্ক তিনি শতাংশলৈ হ্ৰাস পাব :
ব্ৰিটিছ সামগ্ৰীৰ ওপৰত ভাৰতৰ গড় শুল্ক ১৫ শতাংশৰ পৰা তিনি শতাংশলৈ হ্ৰাস পাব । ইয়াৰ অৰ্থ হ’ল ভাৰতক শীতল পানীয় আৰু প্ৰসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি গাড়ী আৰু চিকিৎসা সঁজুলিলৈকে সামগ্ৰী বিক্ৰী কৰা ব্ৰিটিছ কোম্পানীসমূহে ভাৰতীয় বজাৰত বিক্ৰী কৰাত সহজ হ’ব ।
উল্লেখ্য় যে হুইস্কি উৎপাদকসকলে বিশেষভাৱে লাভৱান হ’ব । এই শুল্ক তৎক্ষণাত ১৫০ শতাংশৰ পৰা ৭৫ শতাংশলৈ হ্ৰাস কৰা হ’ব । তাৰ পিছত অহা ১০ বছৰত আৰু অধিক হ্ৰাস পাই ৪০ শতাংশলৈ হ’ব যিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগীসকলৰ তুলনাত ব্ৰিটেইনক সুবিধা প্ৰদান কৰিব ।
ব্ৰিটেইন আৰু ইয়াৰ বাহিৰত প্ৰযুক্তিক বৃদ্ধিৰ ইঞ্জিন হিচাপে স্বীকৃতি দি দুয়োগৰাকী নেতাই কৃত্ৰিম বুদ্ধিমত্তা, টেলিকম আৰু প্ৰতিৰক্ষা প্ৰযুক্তিৰ মাজেৰে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰি ব্যৱসায়ীসকলৰ বাবে বিনিয়োগ আৰু বৃদ্ধিৰ নতুন সুযোগ সৃষ্টি কৰিব । এই আলোচনাই লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাক শক্তিশালী কৰাৰ লক্ষ্য ৰাখিব বুলি চৰ্চা লাভ কৰিছে ।
বিশ্বৰ অন্যতম উল্লেখযোগ্য প্ৰযুক্তিকাৰী হিচাপে পৰিগণিত হৈছে ভাৰত । ২০৩০ চনৰ ভিতৰত টেক খণ্ডৰ মূল্য এক ট্ৰিলিয়ন পাউণ্ড হ’ব বুলি আশা কৰা হৈছে । ব্ৰিটিছ এয়াৰৱেজৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী শ্বেন ডয়েলে কয় যে ভাৰতৰ সৈতে বিমান সংস্থাটোৰ সম্পৰ্ক ১০০ বছৰতকৈও অধিক পূৰ্বে স্থাপন হৈছিল আৰু আজি ভাৰতত প্ৰায় ২৫০০ ব্ৰিটিছ এয়াৰৱেজৰ কৰ্মচাৰী আছে । তেওঁ কয় যে ভাৰতৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে আমাৰ দুয়োখন দেশৰ মাজত অৰ্থনৈতিক গতি বৃদ্ধি কৰিব আৰু ব্ৰিটিছ এয়াৰৱেজে সঁচাকৈয়ে সেই কাৰ্যকলাপৰ কেন্দ্ৰবিন্দুতেই আছে ।

