ETV Bharat / bharat

পানী-সীমান্ত ইতিমধ্য়ে বন্ধ, বাতিল কৰা হ’ল পাকিস্তানী নাগৰিকৰ ভিছা

ভাৰতত থকা পাকিস্তানী উচ্চায়ুক্তৰ বিষয়াসকলকো এসপ্তাহৰ ভিতৰত ভাৰত এৰি যোৱাৰ নিৰ্দেশ চৰকাৰৰ ৷

PAHALGAM TERROR ATTACK
কঠোৰ ভাৰত (ANI Photo)
author img

By ANI

Published : April 24, 2025 at 6:27 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: শেহতীয়াকৈ পহলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত ২৬ জন লোকৰ প্ৰাণহানি হোৱাৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷ ভাৰতে পাকিস্তানী নাগৰিকৰ বাবে ভিছা সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে, যিটো তৎক্ষণাত কাৰ্যকৰী হ’ব ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়- “পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে লোৱা সিদ্ধান্তৰ ধাৰাবাহিকতাৰে ভাৰত চৰকাৰে পাকিস্তানী নাগৰিকৰ ভিছা সেৱা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ।”

বিবৃতিটোত লগতে কোৱা হৈছে- "ভাৰতে পাকিস্তানী নাগৰিকক প্ৰদান কৰা বৰ্তমানৰ সকলো বৈধ ভিছা ২০২৫ চনৰ ২৭ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে । পাকিস্তানী নাগৰিকক প্ৰদান কৰা মেডিকেল ভিছা ২০২৫ চনৰ ২৯ এপ্ৰিললৈকেহে বৈধ হ'ব ।"

ইয়াৰ উপৰিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতত থকা সকলো পাকিস্তানী নাগৰিকে ভিছাৰ ম্যাদ উকলি যোৱাৰ আগতেই ভাৰত এৰিব লাগিব, যিটো এতিয়া সংশোধন কৰা হৈছে ।

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক পৰাপক্ষত পাকিস্তান ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিছে । বৰ্তমান পাকিস্তানত থকা ভাৰতীয় নাগৰিকসকলকো অতি সোনকালে ভাৰতলৈ উভতি আহিবলৈ পৰামৰ্শ দিছে মন্ত্ৰালয়ে ৷

মঙলবাৰে পহলগামৰ বৈছাৰণ ঘাঁহনিত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত আক্ৰমণ চলাই ২৫ গৰাকী ভাৰতীয় আৰু এজন নেপালী নাগৰিকক হত্যা কৰে ৷ এই আক্ৰমণত আন কেইবাজনো লোক আহত হয় ৷ ২০১৯ চনৰ পুলৱামা আক্ৰমণৰ পিছত উপত্যকাটোত সংঘটিত হোৱা অন্যতম ভয়াৱহ এই আক্ৰমণ ৷ পুলৱামাৰ আক্ৰমণত শ্বহীদ হৈছিল দেশৰ ৪০ গৰাকীকৈ চি আৰ পি এফৰ জোৱান ৷

এই আক্ৰমণৰ পিছতে ভাৰতে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বাবে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত চি চি এছৰ বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ভাৰতে ১৯৬০ চনৰ সিন্ধু জল চুক্তি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰি দিয়া হয় ৱাঘা-আটাৰী সীমান্তৰ দুৱাৰ ৷

ভাৰতে পাকিস্তানী উচ্চায়ুক্তৰ বিষয়াসকলকো ‘‘পাৰ্চোনা নন গ্ৰাটা’’ বুলি ঘোষণা কৰি এসপ্তাহৰ ভিতৰত ভাৰত এৰি যোৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰোপৰি দেশখনে ছাৰ্ক ভিছা ৰেহাই আঁচনিৰ অধীনত প্ৰদান কৰা যিকোনো ভিছা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পাকিস্তানী নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰাৰ নিৰ্দেশ: উত্তৰ প্ৰদেশত পাকিস্তানীৰ হাহাকাৰ