ETV Bharat / bharat

বাতিল সিন্ধু জলচুক্তি, পাকিস্তানী নাগৰিকক ভিছা নিদিয়াৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ - PAHALGAM TERROR ATTACK

ভাৰতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল চুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছে ৷ লগতে গ্ৰহণ কৰিছে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

PAHALGAM TERROR ATTACK
বৈদেশিক সচিব বিক্ৰম মিশ্ৰী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 10:24 PM IST

3 Min Read

নতুন দিল্লী: পহলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পিছত কেইবাটাও বিষয়ত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে ৷

বুধবাৰে অনুষ্ঠিত হোৱা নিৰাপত্তা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ কেবিনেট কমিটীৰ বৈঠকৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ৷ সেই অনুসৰি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে সিন্ধু জল চুক্তি ৷ তদুপৰি পাকিস্তানী নাগৰিকৰ ভিছা প্ৰদান কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে ৷

চি চি এছৰ বৈঠকৰ পিছত সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ৷ মিশ্ৰীয়ে জনাইছে যে ‘‘ভাৰতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল চুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰিছে ৷’’

শীৰ্ষ বিষয়াগৰাকীয়ে পাকিস্তানী নাগৰিকক ভাৰতত প্ৰৱেশৰ অনুমতি দিয়া নহ’ব বুলি স্পষ্টকৈ উল্লেখ কৰি ভাৰতে পাকিস্তানী নাগৰিকক ভিছা প্ৰদান বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি অৱগত কৰে । ইয়াৰ বাহিৰেও তেওঁ উল্লেখ কৰে যে ৱাঘা-আটাৰী সীমান্ত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হৈছে ।

আন এক সিদ্ধান্ত অনুসৰি ভাৰতত থকা পাকিস্তানী দূতাবাস বন্ধ কৰাৰো সিদ্ধান্ত ইতিমধ্যে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে ৷ পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত পাকিস্তানী নাগৰিকক ভাৰত এৰাৰ বাবেও নিৰ্দেশ প্ৰদান কৰিছে মোদী চৰকাৰে ৷

তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও বৰ্তমান ভাৰতত নিয়োজিত সকলো পাকিস্তানী সামৰিক উপদেষ্টাক অনতিপলমে ভাৰত এৰি যাবলৈ নিৰ্দেশ দিছে ।

চি চি এছ বৈঠকত তলত উল্লেখ কৰা ব্যৱস্থাসমূহৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে

  1. ১৯৬০ চনৰ সিন্ধু জল চুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বাতিল কৰা হৈছে ৷ যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদৰ প্ৰতি সমৰ্থন অস্বীকাৰ নকৰে ।
  2. তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বন্ধ কৰা হ’ব আটাৰী-ৱাঘা সীমান্ত । যিসকলে বৈধ অনুমোদনৰ সৈতে সীমান্ত অতিক্ৰম কৰিছে, তেওঁলোকে ১ মে’ ২০২৫ ৰ পূৰ্বে সেই পথৰে ঘূৰি আহিব পাৰে ।
  3. SAARC Visa Exemption Scheme (SVES) ভিছাৰ অধীনত পাকিস্তানী নাগৰিকক ভাৰতত প্ৰৱেশত অনুমতি প্ৰদান কৰা নহ’ব ৷ পূৰ্বতে পাকিস্তানী নাগৰিকক প্ৰদান কৰা যিকোনো SVES ভিছা বাতিল কৰা বুলি গণ্য কৰা হ’ব । বৰ্তমান SVES ভিছাৰ অধীনত ভাৰতত থকা যিকোনো পাকিস্তানী নাগৰিকে ৪৮ ঘণ্টাৰ ভিতৰত ভাৰত এৰি যাব লাগিব ।
  4. নতুন দিল্লীত পাকিস্তানী উচ্চায়ুক্তৰ প্ৰতিৰক্ষা/সামৰিক, নৌসেনা আৰু বায়ু উপদেষ্টাসকলক Persona Non Grata হিচাপে ঘোষণা কৰা হয় । ভাৰত এৰি যাবলৈ তেওঁলোকৰ হাতত এসপ্তাহ সময় আছে । ইছলামবাগত থকা ভাৰতীয় উচ্চায়ুক্তৰ পৰা ভাৰতে নিজাববীয়া প্ৰতিৰক্ষা/নৌসেনা/বায়ু উপদেষ্টা প্ৰত্যাহাৰ কৰিব । নিজ নিজ উচ্চায়ুক্তৰ এই পদসমূহ বাতিল কৰা বুলি গণ্য কৰা হ’ব । দুয়োটা উচ্চায়ুক্তৰ পৰা সেৱা উপদেষ্টাসকলৰ পাঁচজন সহায়ক কৰ্মচাৰীকো প্ৰত্যাহাৰ কৰা হ’ব ।
  5. উচ্চ আয়োগসমূহৰ সামগ্ৰিক শক্তি বৰ্তমানৰ ৫৫ টাৰ পৰা ৩০ লৈ হ্ৰাস কৰা হ’ব, যিটো ২০২৫ চনৰ ১ মে’ৰ ভিতৰত প্ৰভাৱিত হ’ব ।

লগতে পঢ়ক: এইকেইটাই সেইকেইটা দানৱ: পহলগামৰ নৰসংহাৰত জড়িত সন্ত্ৰাসবাদীৰ স্কেচ্চ ৰাজহুৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.