অপাৰেশ্যন সেন্দূৰত কেইখন পাকিস্তানী যুদ্ধবিমান ধ্বংস হ’ল ? ক'লে ভাৰতীয় বায়ুসেনাৰ মুৰব্বীয়ে
আই এ এফৰ মুৰব্বীগৰাকীয়ে কয় যে ‘ৰাজনৈতিক ইচ্ছাশক্তি’য়ে এই অভিযানত লাভ কৰা সফলতাৰ মূল কাৰণ ।

Published : August 9, 2025 at 3:57 PM IST
বেংগালুৰু : সীমা অতিক্ৰম কৰি পাকিস্তানত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শেহতীয়াকৈ যি সামৰিক পদক্ষেপ গ্ৰহণ কৰা হৈছিল সেই ক্ষেত্ৰত ভাৰতৰ দক্ষতাৰ সন্দৰ্ভত এক ডাঙৰ কথা প্ৰকাশ পাইছে । শনিবাৰে বায়ুসেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল অমৰ প্ৰীত সিঙে কয় যে ভাৰতীয় বায়ুসেনাই অপাৰেশ্যন সেন্দূৰৰ সময়ত পাঁচখন পাকিস্তানী যুঁজাৰু বিমান আৰু এখন এ ই ডব্লিউ এণ্ড চি (Airborne Warning and Control) বিমান গুলীয়াই সফলতাৰে ধ্বংস কৰে । আনহাতে, তেওঁ দেশৰ S-400 এয়াৰ ডিফেন্স ছিষ্টেমক 'এক গেম-চেঞ্জাৰ' বুলিও অভিহিত কৰে ।
শনিবাৰে বেংগালুৰুত অনুষ্ঠিত এয়াৰ চীফ মাৰ্শ্বেল এল এম কাট্ৰে স্মাৰক বক্তৃতা অনুষ্ঠানৰ সময়ত দিয়া ভাষণত আই এ এফৰ মুৰব্বীগৰাকীয়ে দাঙি ধৰা এই তথ্য ৭ মে’ত আৰম্ভ হোৱা অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানে যি ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল সেই বিষয়ত ভাৰতৰ এনে প্ৰথমটো নিশ্চিতকৰণ । উল্লেখ্য যে এপ্ৰিল মাহত ২৬ জন নিৰীহ লোকে প্ৰাণ হেৰুওৱাবলগা হোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতে তীব্ৰ সঁহাৰি জনায় ।
সিঙে কয়, "...আমাৰ ওচৰত কমেও পাঁচখন যুঁজাৰু বিমান আৰু এখন বৃহৎ বিমান ধ্বংস হোৱাৰ নিশ্চিত তথ্য আছে । ডাঙৰ বিমানখন হয় ইলিনট বিমান হ'ব পাৰে, নহ'লে এ ই ডব্লিউ এণ্ড চি বিমান হ'ব পাৰে, যিখন প্ৰায় ৩০০ কিলোমিটাৰ দূৰত্বত লক্ষ্য কৰি লোৱা হৈছিল ।"
বায়ুপ্ৰধানগৰাকীয়ে উপগ্ৰহৰ চিত্ৰ আৰু চোৰাংচোৱা তথ্যসমূহ দাঙি ধৰে, যিয়ে পাকিস্তানৰ বিমানঘাটি আৰু সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ ক্ষতিৰ পৰিসৰৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰে ।
"এইবোৰ হৈছে আমি বাহাৱালপুৰ, জে ই এমৰ (জৈশ-ই-মহম্মদ) মুখ্য কাৰ্যালয়ত কৰা ক্ষতিৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ৰ ছবি । ইয়াত প্ৰায় কোনো আঘাতপ্ৰাপ্ত সামগ্ৰী বাচি যোৱা নাই, কাষৰীয়া অট্টালিকাবোৰ মোটামুটি অক্ষত অৱস্থাত আছে ।" তেওঁ হাই-ৰিজলিউশ্যন দৃশ্যৰ ফালে আঙুলিয়াই কয়, যিবোৰে আক্ৰমণৰ সঠিক দিশটো উন্মোচিত কৰে ।
উল্লেখ্য যে প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, সমগ্ৰ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি চলোৱা এই অভিযানত এশৰো অধিক সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হয় ।
সীমান্তৰ সিপাৰে ভাৰতে কেনেদৰে নিখুঁত আক্ৰমণ চলাবলৈ সক্ষম হৈছিল সেই বিষয়ে অধিক বৰ্ণনা দি আই এ এফৰ মুৰব্বীগৰাকীয়ে কয়, "শ্বাহবাজ জেকবাবাদ বিমানবন্দৰ হৈছে আক্ৰমণ সংঘটিত কৰা অন্যতম প্ৰধান বিমানবন্দৰ । ইয়াত এখন এফ-১৬ হেংগাৰ আছে । হেংগাৰৰ আধা অংশ নাইকিয়া হৈ গৈছে । আৰু মই নিশ্চিত যে ইয়াৰ ভিতৰত কিছুমান যুদ্ধবিমান আছিল, যিবোৰ তাত ক্ষতিগ্ৰস্ত হৈছিল । আমি মুৰিদ আৰু চাকলালাৰ দৰে কমেও দুটা কেন্দ্ৰত নিয়ন্ত্ৰণ আৰু কমাণ্ড পাবলৈ সক্ষম হৈছিলোঁ ।
সিঙে ভাৰতৰ এয়াৰ ডিফেন্স ছিষ্টেমক প্ৰশংসা কৰি ইয়াক 'গেম চেঞ্জাৰ' আখ্যা দিয়ে । "আমি শেহতীয়াকৈ ক্ৰয় কৰা এছ-৪০০ ব্যৱস্থাটো গেম চেঞ্জাৰ হৈ পৰিছে । সেই ব্যৱস্থাৰ পৰিসৰে সঁচাকৈয়ে তেওঁলোকৰ বিমানক তেওঁলোকৰ অস্ত্ৰৰ পৰা আঁতৰাই ৰাখিছে, যেনেদৰে তেওঁলোকৰ হাতত থকা দীৰ্ঘ দূৰত্বৰ গ্লাইড বোমা । তেওঁলোকে সেইবোৰৰ কোনো এটাও ব্যৱহাৰ কৰিব পৰা নাই, কাৰণ তেওঁলোকে ব্যৱস্থাটোত প্ৰৱেশ কৰিব পৰা নাই ।"
অপাৰেশ্যন সেন্দূৰৰ ওপৰত ভাষণ প্ৰদান কৰি সিঙে কয় যে সফলতাৰ এটা মূল কাৰণ হৈছে 'ৰাজনৈতিক ইচ্ছাশক্তি' । "আমাক অতি স্পষ্ট নিৰ্দেশনা দিয়া হৈছিল । আমাৰ ওপৰত কোনো বাধা আৰোপ কৰা হোৱা নাছিল... যদি কিবা বাধা আছিল, তেন্তে সেইবোৰ স্ব-নিৰ্মিত আছিল... আমি সিদ্ধান্ত লৈছিলোঁ যে আক্ৰমণ কিমান বৃদ্ধি কৰিব লাগে... পৰিকল্পনা আৰু কাৰ্যকৰী কৰাৰ সম্পূৰ্ণ স্বাধীনতা আমাৰ আছিল । আমাৰ আক্ৰমণবোৰ মানাংকন কৰা হৈছিল, কাৰণ আমি ইয়াৰ বিষয়ে পৰিপক্ব হ'ব বিচাৰিছিলোঁ... তিনিওটা শক্তিৰ মাজত এক সমন্বয় আছিল... চি ডি এছৰ পদবীটোৱে প্ৰকৃততে এক পাৰ্থক্য আনিছিল । তেওঁ তাত আছিল আমাক একত্ৰিত কৰিবলৈ... এন এছ এয়েও এক ডাঙৰ ভূমিকা পালন কৰিছিল ।" তেওঁ কয় ।

