ETV Bharat / bharat

যুদ্ধবিৰতি ঘোষণা; উভতি আহিছে সীমান্তৰ গাঁৱৰ বাসিন্দাসকল

পাকিস্তানী সেনাৰ গোলাবৰ্ষণৰ পিছতে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ গাঁৱৰ বাসিন্দাসকলে পলায়ন কৰিছিল । যুদ্ধ বিৰতি ঘোষণা কৰাৰ পিছতে তেওঁলোক উভতি আহিছে ।

LoC residents return home
যুদ্ধবিৰতি ঘোষণা;উভতি আহিছে সীমান্তৰ গাঁৱৰ বাসিন্দাসকল (PTI)
author img

By ETV Bharat Assamese Team

Published : May 11, 2025 at 3:00 PM IST

3 Min Read
Choose ETV Bharat

শ্ৰীনগৰ : আমেৰিকাৰ মধ্যস্থতাকাৰীত ইতিমধ্যে ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিত সন্মত হৈছে । এনে পৰিস্থিতিত সীমান্তৰ গাঁওবোৰৰ লোকসকল পুনৰ ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে । দুয়োখন দেশৰ সেনাৰ সংঘৰ্ষৰ বাবে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ গাঁওবোৰত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছিল । সেই সময়ত পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰি নিৰ্বিচাৰ গুলীচালনা কৰিছিল । এনে পৰিস্থিতিত লোকসকলে জীৱন ৰক্ষাৰ স্বাৰ্থত ঘৰৰ পৰা পলায়ন কৰিছিল ।

উল্লেখ্য যে প্ৰচণ্ড গুলীবৰ্ষণৰ বাবে সীমান্তৰ বাৰামুলা জিলাৰ উৰি, কুপৱাৰাৰ কেৰাণ, বান্দিপোৰাৰ গুৰেজত বুধবাৰে নিশাৰে পৰা তীব্ৰ গোলাবৰ্ষণ হৈছিল । যাৰ বাবে নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ গাঁওবোৰৰ হাজাৰ হাজাৰ লোকে পলায়ন কৰিছিল । পাকিস্তানী সেনাৰ গোলাবৰ্ষণত বহু ঘৰ ধ্বংসস্তুপত পৰিণত হৈছিল, দেৱাল ভাঙি যায় । সম্পত্তিৰ বিস্তৰ ক্ষতি হয় ।

কৰ্ণাহৰ বাটপোৰাৰ বাসিন্দা ফায়াজ কৰ্ণাহীয়ে কয় যে বুধবাৰে নিশাৰ পৰা পাকিস্তানী সেনাই এলঅ'চিৰ সিপাৰৰ পৰা কৰা তীব্ৰ গুলীচালনাৰ ফলত তেওঁলোকৰ গাঁওখনক আঘাত কৰিছিল ।কৰ্ণাহীয়ে কয় যে তেওঁৰ গাঁৱৰ বাসিন্দা আৰু অঞ্চলটোৰ বহু গাঁৱৰ শতাধিক লোকে বৃহস্পতিবাৰে পুৱা শ্ৰীনগৰৰ লগতে অন্যান্য স্থানৰ সুৰক্ষিত স্থানলৈ পলায়ন কৰিছিল ।

ইটিভি ভাৰতৰ সন্মুখত এগৰাকী লোকে কয়, "বাসিন্দাসকল ঘৰলৈ উভতি আহিছে । অঞ্চলটোত শান্তি বিৰাজ কৰিছে ;জীৱিত অৱস্থাত ঘূৰি আহিবলৈ সক্ষম হোৱাত মানুহ সুখী হৈছে । কিন্তু ঘৰ আৰু অন্যান্য সা-সম্পত্তি হেৰুৱাই তেওঁলোকৰ মাজত দুখ দেখা গৈছে ।"

উল্লেখ্য যে বাৰামুলা জিলাৰ উৰি নগৰকে ধৰি বহু গাঁও পাকিস্তানী সেনাৰ গোলাবৰ্ষণৰ চিকাৰ হৈছিল । সেই অঞ্চলৰ হাজাৰ হাজাৰ লোক বাৰামুলালৈ পলায়ন কৰে । প্ৰশাসনে তেওঁলোকক চৰকাৰী মহাবিদ্যালয়ৰ আশ্ৰয় শিবিৰত ৰাখিছিল ।

ইফালে হাটলাঙা গাঁৱৰ যুৱক শ্বাহিদ ৰুষ্টমে কয় যে বৃহস্পতিবাৰ আৰু শুকুৰবাৰে তেওঁৰ পৰিয়াল আৰু অন্যান্য চুবুৰীয়াসকল বাৰামুলালৈ ৰাওনা হৈছিল । তেওঁ কয়, "আমি এতিয়া ঘৰলৈ উভতি আহিছোঁ, আমাৰ ওচৰ-চুবুৰীয়াও আহিছে । আমাৰ গাঁৱৰ ৪০ টা ঘৰৰ ভিতৰত ২০ টা ঘৰে ক্ষতিগ্ৰস্ত হৈছে ।" উৰিতকৈ কম প্ৰভাৱিত বান্দিপোৰা জিলাৰ গুৰেজ খণ্ড আৰু কুপৱাৰাত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ আশংকা কৰি বাসিন্দাসকলে পলায়ন কৰিছিল । গুৰেজৰ বাসিন্দা ইমটিয়াজ আহমেদে কয় যে লোকসকল ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে ।

লোকসকল ঘৰলৈ উভতি আহিবলৈ আৰম্ভ কৰিছে যদিও তেওঁলোকৰ মুখত হাঁহি নাই । পাকিস্তানী সেনাৰ আক্ৰমণত বহুতৰে ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে । যাৰ বাবে লোকসকলে চৰকাৰী সাহায্যৰ লগতে পুনৰ সংস্থাপনৰ দাবী জনাইছে । ক্ষতিগ্ৰস্ত ঘৰবোৰ পুনৰ নিৰ্মাণ কৰি দিবলৈ তেওঁলোকে চৰকাৰক দাবী জনাইছে ।

উৰিৰ বিধায়ক চাজ্জদ শ্বাফীয়ে ইটিভি ভাৰতক জনোৱা মতে ১.৭০ লাখ লোকে বাস কৰা উৰি মহকুমাত ৫০ শতাংশ বাসিন্দা ক্ষতিগ্ৰস্ত হৈছে । তেওঁ কয়,"চৰকাৰে প্ৰথমে বাসিন্দাসকলক পুনৰ সংস্থাপন কৰিব, ঘৰ আৰু অন্যান্য সম্পত্তিৰ ক্ষতিৰ মূল্যায়ন কৰি তেওঁলোকৰ সম্পূৰ্ণ সংস্থাপনৰ পৰিকল্পনা প্ৰস্তুত কৰিব । প্ৰথম অৱস্থাত আমাৰ গুৰুত্ব পলায়ন কৰা পৰিয়ালসমূহক নিৰাপদে ঘূৰাই অনা ।"

৩ দিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সংঘৰ্ষৰ অন্তত শনিবাৰে আমেৰিকাৰ অনুৰোধত যুদ্ধবিৰতিত সন্মত হয় । যাৰ ফলত এলঅ'চিৰ জনসাধাৰণে কিছু সকাহ পাইছে ।

লগতে পঢ়ক :যুদ্ধবিৰতিত সহমত ভাৰত-পাকিস্তানৰ : ড’নাল্ড ট্ৰাম্প; বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কৰিছে নিশ্চিত - INDIA AND PAKISTAN WAR