কূটনৈতিক অচলাৱস্থাৰ অৱসান;ভাৰত-কানাডাই নিয়োগ কৰিছে নতুন উচ্চায়ুক্ত
জ্যেষ্ঠ কূটনীতিবিদ দীনেশ কে পাটনায়ক হ'ব কানাডাত ভাৰতৰ উচ্চায়ুক্ত । অট'ৱাই ক্রিষ্ট'ফাৰ কুটাৰক নতুন দিল্লীলৈ দূত হিচাপে নিযুক্তি দিছে ।

Published : August 29, 2025 at 10:18 AM IST
নতুন দিল্লী : দীৰ্ঘদিনীয়া কূটনৈতিক অচলাৱস্থাৰ পিছত ক্ৰমাৎ সুস্থিৰ হৈছে ভাৰত আৰু কানাডাৰ সম্পৰ্ক । তাৰ অন্যতম পদক্ষেপ হিচাপে দুয়োখন দেশেই নতুন ৰাষ্ট্ৰদূতৰ নাম ঘোষণা কৰিছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে বৰ্তমান স্পেইনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা তথা ভাৰতীয় বৈদেশিক সেৱাৰ জ্যেষ্ঠ বিষয়া দীনেশ কে পাটনায়কক অট'ৱাৰ পৰৱৰ্তী উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে । বিবৃতিটোত লগতে কোৱা হৈছে যে তেওঁ অতি সোনকালে এই দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।
কানাডাইও নতুন দিল্লীলৈ নতুন দূত হিচাপে ক্রিষ্ট'ফাৰ কুটাৰক নিযুক্তি দিছে । অট'ৱাত কানাডাৰ বৈদেশিক মন্ত্ৰী অনিতা আনন্দে ঘোষণা কৰে যে কুটাৰ ভাৰতৰ পৰৱৰ্তী উচ্চায়ুক্ত হ'ব, যিটো পদত পূৰ্বে কেমেৰণ মেককে আছিল । আনন্দই কয় যে নতুন উচ্চায়ুক্ত নিযুক্তিয়ে ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্ক শক্তিশালী আৰু দ্বিপাক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কানাডাৰ পদক্ষেপক প্ৰতিফলিত কৰিছে ।
কানাডাৰ অৰ্থনীতিক সমৰ্থন কৰিবলৈ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে কানাডাৰ লোকসকলৰ বাবে সেৱা পুনৰুদ্ধাৰৰ দিশত এই নিযুক্তি এক গুৰুত্বপূৰ্ণ উন্নয়ন হিচাপে বিবেচিত হৈছে । কানাডাৰ এক বিবৃতিত কোৱা হৈছে যে এই নিযুক্তিসমূহ দুয়োখন দেশৰ নাগৰিক আৰু ব্যৱসায়ীসকলৰ বাবে প্ৰয়োজনীয় কূটনৈতিক সেৱাসমূহ পুনৰুদ্ধাৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।
কানাডাৰ কানানাস্কিছত অনুষ্ঠিত হোৱা জি-৭ সন্মিলনৰ সময়ত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আলোচনা কৰাৰ দুমাহৰ ভিতৰতে এই উন্নয়ন ঘটিছে ।
উল্লেখ্য যে কুটাৰৰ ৩৫ বছৰীয়া কূটনৈতিক অভিজ্ঞতা আছে । শেহতীয়াকৈ ইজৰাইলত কানাডাৰ চাৰ্জ ডি এফেয়াৰ হিচাপে আৰু দক্ষিণ আফ্ৰিকা, নামিবিয়া, লেচোথো, মৰিচাছ আৰু মাদাগাস্কাৰত কানাডাৰ উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
তেওঁ ১৯৯৮ চনৰ পৰা ২০০০ চনলৈ নতুন দিল্লীত থকা কানাডাৰ উচ্চায়ুক্তৰ প্ৰথম সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । জুন মাহত প্ৰধানমন্ত্ৰী মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ভাৰত-কানাডাৰ সম্পৰ্কত স্থিতিশীলতা ঘূৰাই অনাৰ বাবে গঠনমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্মত হয় ।
খালিস্তানী নেতা হৰদ্বীপ সিং নিজ্জাৰ হত্যাক লৈ কূটনৈতিক বিবাদৰ পিছতে ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্কৰ অৱনতি হৈছিল । ২০২৩ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে নিজ্জাৰৰ হত্যাৰ সৈতে ভাৰতৰ সম্ভাৱ্য সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে দুয়োখন দেশৰ সম্পৰ্কৰ অৱনতি হৈছিল । বিগত বছৰৰ অক্টোবৰ মাহত ভাৰতে উচ্চায়ুক্তকে কূটনীতিবিদক দেশলৈ মাতি পঠিয়াইছিল । একদৰে ভাৰতে কানাডাৰ কূটনীতিবিদক বহিষ্কাৰো কৰিছিল ।

