নতুন দিল্লী: বিপদৰ সময়ত ভাৰত সদায়ে থিয় দি আহিছে বন্ধু ৰাষ্ট্ৰৰ কাষত । সদস্য ৰাষ্ট্ৰসমূহক বিভিন্ন ধৰণৰ সহায় কৰি প্ৰায়ে চৰ্চাত থাকে ভাৰত । যাৰ বাবে ২০২৬-২৮ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদলৈ ভাৰত নিৰ্বাচিত হৈছে । বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই কথা ঘোষণা কৰে । তেওঁ উন্নয়নৰ বিষয়সমূহৰ নেতৃত্ব দিয়া আৰু ইকোছ'কক (ECOSOC) শক্তিশালী কৰাৰ বাবে কাম কৰি যাবলৈ ভাৰতৰ দায়বদ্ধতা প্ৰকাশ কৰে ।
তেওঁ ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক ভাৰতৰ প্ৰতি সমৰ্থন আৰু বিশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । নিউয়ৰ্কত ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনে কৰা প্ৰচেষ্টাকো তেওঁ শলাগ লয় ।
India was elected to the Economic and Social Council for the term 2026-28 @UN today. Thank member states for their overwhelming support and reposing their trust in us. Appreciate the efforts of @IndiaUNNewYork.
— Dr. S. Jaishankar (@DrSJaishankar) June 4, 2025
India remains committed to championing development issues and keep…
Xৰ এটা পোষ্টত জয়শংকৰে কয়, "আজি ভাৰত ৰাষ্ট্ৰসংঘৰ ২০২৬-২৮ কাৰ্যকালৰ বাবে অৰ্থনৈতিক আৰু সামাজিক পৰিষদলৈ নিৰ্বাচিত হৈছে । সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ অতিশয় সমৰ্থনৰ বাবে আৰু আমাৰ ওপৰত আস্থা ৰখাৰ বাবে ধন্যবাদ । ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী মিছনৰ প্ৰচেষ্টাৰো শলাগ লওঁ । ভাৰত উন্নয়নৰ বিষয়সমূহৰ নেতৃত্ব ল'বলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে আৰু ইকোছ'কক শক্তিশালী কৰাৰ বাবে কাম কৰি যাব ।"
বহনক্ষম উন্নয়নৰ তিনিটা মাত্ৰা ক্ৰমে অৰ্থনৈতিক, সামাজিক আৰু পৰিৱেশগতক আগুৱাই নিয়াৰ বাবে ৰাষ্ট্ৰসংঘৰ ব্যৱস্থাৰ মূলতে আছে ইকোছ'ক । ই হৈছে বিতৰ্ক আৰু উদ্ভাৱনী চিন্তাধাৰাক আগুৱাই লৈ যোৱাৰ পথৰ ওপৰত একমত গঢ়ি তোলা আৰু আন্তঃৰাষ্ট্ৰীয়ভাৱে সহমতত লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টাসমূহৰ সমন্বয়ৰ কেন্দ্ৰীয় মঞ্চ ।
ৰাষ্ট্ৰসংঘৰ বিবৃতি অনুসৰি ৰাষ্ট্ৰসংঘৰ বৃহৎ সন্মিলন আৰু শীৰ্ষ সন্মিলনসমূহৰ অনুসৰণৰো ইয়াৰ দায়িত্ব আছে । ৰাষ্ট্ৰসংঘৰ চনদত ১৯৪৫ চনত ৰাষ্ট্ৰসংঘৰ ৬ টা মূল অংগৰ ভিতৰত অন্যতম হিচাপে ইকোছ' প্ৰতিষ্ঠা কৰা হয় ।
লগতে পঢ়ক :ইৰাণত নিৰুদ্দেশ ৩ ভাৰতীয়ৰ সন্ধান লাভ: দূতাবাস - MISSING INDIANS IN IRAN TRACED