ETV Bharat / bharat

পাকিস্তান উচ্চায়ুক্তৰ বিষয়াক ‘অবাঞ্ছিত’ বুলি ঘোষণা ভাৰতৰ, ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ - INDIA PAKISTAN TENSIONS

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ভাৰত চৰকাৰে নতুন দিল্লীত পাকিস্তান উচ্চায়ুক্তৰ এজন বিষয়াক অবাঞ্ছিত ব্যক্তি বুলি ঘোষণা কৰিছে ।

India declares Pakistani officials as persona non grata posted at pakistan high commission new delhi
পাকিস্তান উচ্চায়ুক্তৰ বিষয়াক ‘অবাঞ্ছিত’ বুলি ঘোষণা ভাৰতৰ (File Photo- ANI)
author img

By ETV Bharat Assamese Team

Published : May 13, 2025 at 11:07 PM IST

Updated : May 13, 2025 at 11:20 PM IST

2 Min Read

নতুন দিল্লী : নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ পদবীত থকা এজন পাকিস্তানী বিষয়াক ‘অবাঞ্ছিত ব্যক্তি’ বুলি ঘোষণা কৰি ভাৰত চৰকাৰে ২৪ ঘণ্টাৰ ভিতৰত দেশ এৰি যাবলৈ নিৰ্দেশ দিয়ে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই তথ্য সদৰী কৰে ।

মন্ত্ৰালয়ে কয় যে পাকিস্তানী বিষয়াগৰাকী ভাৰতত চৰকাৰী মৰ্যাদাৰ বিপৰীতে কামত জড়িত হৈ আছে । এই সন্দৰ্ভত আজি পাকিস্তান উচ্চায়ুক্তৰ চাৰ্জ ডি এফেয়াৰ্ছলৈ এখন প্ৰতিবাদী পত্ৰ প্ৰেৰণ কৰা হয় ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি পাকিস্তানী বিষয়াজনে দিল্লীত থাকি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল । প্ৰতিবেদনত দাবী কৰা হৈছে যে এই ব্যক্তিজন পাকিস্তানী চোৰাংচোৱা সংস্থা ISI ৰ এজেণ্ট হ’ব পাৰে ।

অপাৰেশ্যন সেন্দূৰৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ মাজতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । ৬-৭ মে’ৰ মাজৰ নিশা ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ চলাই ধ্বংস কৰে । ভাৰতৰ এই আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয় ।

ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছিল যে পাকিস্তানে সন্ত্ৰাসবাদৰ সমৰ্থন বন্ধ নকৰালৈকে সিন্ধু জল সন্ধি ভাৰতৰ পক্ষৰ পৰা স্থগিত হৈ থাকিব ।

PoK ৰ বিষয় সন্দৰ্ভত বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, ''জম্মু-কাশ্মীৰৰ সৈতে জড়িত যিকোনো সমস্যা দুয়োপক্ষই দ্বিপাক্ষিকভাৱে সমাধান কৰিব লাগিব বুলি ভাৰতৰ দীৰ্ঘদিনীয়া স্থিতি হৈ আহিছে । এই নীতিৰ কোনো পৰিৱৰ্তন হোৱা নাই । এতিয়া কেৱল PoK ৰ ওপৰত আলোচনা হ’ব আৰু পাকিস্তানে অবৈধভাৱে দখল কৰা ভাৰতীয় ভূখণ্ড খালী কৰিব লাগিব ৷''

লগতে পঢ়ক : ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই কেনেকৈ আকাশতে শত্ৰুৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিছিল, সেনাই দেখুৱালে ভিডিঅ'

লগতে পঢ়ক : জম্মু-কাশ্মীৰত এনকাউণ্টাৰত নিহত তিনি সন্ত্ৰাসবাদী, পহলগাম আক্ৰমণকাৰীৰ সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা

Last Updated : May 13, 2025 at 11:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.