ETV Bharat / bharat

বিবদমান স্থানৰ পৰা সেনা স্থানান্তৰ আৰম্ভ ভাৰত-চীনৰ

ডেমচোক আৰু ডেপচাং প্লেইনছত দুটা বিবদমান স্থানত সেনা আঁতৰোৱা কাম আৰম্ভ হৈছে ।

Indo China Troop Disengagement
প্ৰতিনিধিত্বমূলক ছবি (Getty Image)
author img

By PTI

Published : October 25, 2024 at 4:21 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰত আৰু চীনে পূব লাডাখৰ ডেমচোক আৰু ডেপচাঙৰ দুই বিবদমান সীমান্তৰ পৰা সেনা স্থানান্তৰণৰ কাম আৰম্ভ কৰিছে । চৰকাৰী সূত্ৰত শুকুৰবাৰে এই কথা প্ৰকাশ ।

পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত (এল এ চি) সেনাৰ টহল আৰু স্থানান্তৰৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত শেহতীয়াভাৱে হোৱা চুক্তি অনুসৰি এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । ইয়াৰ দ্বাৰা চাৰি বছৰতকৈও অধিক সময় ধৰি চলি থকা অচলাৱস্থাৰ সমাপ্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে পৰিগণিত হৈছে ।

ডেমচোক আৰু ডেপচাং প্লেইনছত দুটা বিবদমান স্থানত সেনা আঁতৰোৱা কাম আৰম্ভ হৈছে, সূত্ৰটোৱে কয় ।

দুয়োপক্ষৰ মাজত হোৱা চুক্তি অনুসৰণ কৰি ভাৰতীয় সেনাই এই অঞ্চলবোৰৰ সমীপৱৰ্তী স্থানসমূহলৈ নিজৰ সামৰিক সঁজুলি ঘূৰাই আনিবলৈ আৰম্ভ কৰিছে । আন এক সূত্ৰই কয় ।

উল্লেখ্য যে ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত সংঘটিত এক ভয়ংকৰ সংঘৰ্ষৰ পিছত এছিয়াৰ দুই শক্তিধৰৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটে । আনহাতে, এই পৰিস্থিতি দশকটোৰ ভিতৰত দুয়োপক্ষৰ মাজত সংঘটিত আটাইতকৈ গুৰুতৰ সামৰিক সংঘৰ্ষ হিচাপে চিহ্নিত হৈছে ।

বৈদেশিক সচিব বিক্ৰম মিছৰীয়ে ২১ অক্টোবৰত দিল্লীত সাংবাদিকৰ আগত উল্লেখ কৰিছিল যে বিগত কেইবা সপ্তাহ ধৰি অনুষ্ঠিত আলোচনাৰ পিছত চুক্তিখন চূড়ান্ত হয় আৰু ইয়াৰ ফলত ২০২০ চনত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধান হ'ব ।

২৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ সময়ত তেওঁলোকৰ দ্বিপাক্ষিক বৈঠকত পূব লাডাখত এল এ চিত টহল আৰু সেনা আঁতৰোৱাৰ চুক্তিক সমৰ্থন কৰে ।

দ্বিপাক্ষিক বৈঠকৰ পিছত কাজানত সংবাদ মাধ্যমক সম্বোধনৰ সময়ত পূব লাডাখ বিতৰ্ক সন্দৰ্ভত নতুন দিল্লীৰ ধাৰাবাহিক স্থিতিৰ কথা উল্লেখ কৰি মিছৰীয়ে কয় যে সীমান্ত অঞ্চলসমূহত শান্তি আৰু শৃংখলা পুনৰুদ্ধাৰে দ্বিপাক্ষিক সম্পৰ্ক স্বাভাৱিক কৰাৰ পথলৈ উভতি অহাৰ বাবে গতি লাভ কৰিব ।

তেওঁ কয়, "যিহেতু আপোনালোক সকলোৱে জানে, ২০২০ চনত ভাৰত-চীন সীমান্ত অঞ্চলত উদ্ভৱ হোৱা সমস্যাসমূহৰ নিষ্পত্তি আৰু টহল চুক্তিৰ ওপৰত নিৰ্ভৰ কৰি এই বৈঠকখন অনুষ্ঠিত হৈছিল ।"

লগতে পঢ়ক :জাৰ্মান চাঞ্চেলৰৰ ভ্ৰমণ : ভাৰতৰ বাবে অৰ্থনৈতিক গুৰুত্ব
লগতে পঢ়ক :বাৰামুলাত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ; সেনা আৰু পৰ্টাৰ নিহত