ETV Bharat / bharat

লেহত প্ৰথম 3ডি-প্ৰিণ্টেড সামৰিক ঘাটি নিৰ্মাণ ভাৰতৰ - 3D PRINTED MILITARY BASE

ভাৰতে লেহত প্ৰথম ৩ডি-প্ৰিণ্টেড সামৰিক ঘাটি নিৰ্মাণ কৰে । আই আই টি-হায়দৰাবাদ আৰু ছিম্পলিফৰ্জ ক্ৰিয়েচনে 11,000 ফুট উচ্চতাত বিশ্ব অভিলেখ গঢ়ে ।

3D Printed Military Base in Leh
লেহত প্ৰথম 3ডি-প্ৰিণ্টেড সামৰিক ঘাটি নিৰ্মাণ ভাৰতৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 1:39 PM IST

2 Min Read

চাংগাৰেড্ডী: ভাৰতীয় প্ৰতিৰক্ষা আন্তঃগাঁথনিৰ বাবে এক গুৰুত্বপূৰ্ণ সাফল্য । আই আই টি হায়দৰাবাদ আৰু ছিম্পলিফৰ্জ ক্ৰিয়েচনে সম্পূৰ্ণ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি লাডাখৰ লেহত যুটীয়াভাৱে দেশৰ প্ৰথমটো ৩ডি প্ৰিণ্টেড সামৰিক ঘাটি নিৰ্মাণ কৰিছে । সাগৰপৃষ্ঠৰ পৰা 11,000 ফুট উচ্চতাত নিৰ্মিত এই আন্তঃগাঁথনিটো এতিয়া কম অক্সিজেনযুক্ত অঞ্চলত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৩ডি প্ৰিণ্টেড আন্তঃগাঁথনি হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃত হৈছে ।

প্ৰবাল প্ৰকল্প নামৰ এই প্ৰকল্পটোৰ নেতৃত্ব দিয়ে আই আই টি হায়দৰাবাৰ অধ্যাপক কে ভি এল সুব্ৰমনিয়মে । "আমি স্থানীয়ভাৱে লাভ কৰা সামগ্ৰী ব্যৱহাৰ কৰি এই সামৰিক বাংকাৰটো নিৰ্মাণ কৰিছো । ই বিশেষকৈ চৰম পৰিস্থিতিৰ বাবে খাপ খাব পৰাকৈ নিৰ্মিত । ই ভাৰতৰ প্ৰতিৰক্ষা আৰু নিৰ্মাণ দুয়োটা খণ্ডৰ বাবে এক নতুন অধ্যায় ৰচনা কৰিছে ।" এক বিবৃতিত সুব্ৰমনিয়মে কয় ।

অভিলেখ সময়ত নিৰ্মিত

ছিম্পলিফৰ্জ ক্ৰিয়েচনৰ মুখ্য কাৰ্যবাহী বিষয়া ধ্ৰুৱ গান্ধীয়ে উল্লেখ কৰে যে এই প্ৰকল্পটোৰ বাবে ব্যৱহৃত ৰবটিক 3ডি প্ৰিণ্টাৰটো 24 ঘণ্টাৰ ভিতৰত স্থাপন কৰা হৈছিল আৰু গোটেই বাংকাৰটো মাত্ৰ 5 দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছিল । অতি উচ্চ অঞ্চলৰ প্ৰতিকূল বতৰ আৰু ইয়াত কাৰ্য পৰিচালনাৰ বাবে সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ সহ্য কৰাৰ বাবে এই ডিজাইনটো প্ৰস্তুত কৰা হৈছে ।

আই আই টি হায়দৰাবাদৰ এগৰাকী পি এইচ ডি শিক্ষাৰ্থী অৰুণেও এই প্ৰকল্পটোত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । এই উদ্ভাৱনে সমগ্ৰ দেশৰ দূৰৱৰ্তী আৰু কৌশলগত সামৰিক ক্ষেত্ৰত দ্ৰুত আন্তঃগাঁথনি উন্নয়নত বৈপ্লৱিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :শতিকা পুৰণি কাশ্মীৰী কাৰ্পেট উদ্যোগৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ট্ৰাম্পৰ শুল্কনীতিয়ে - KASHMIRI CARPET
লগতে পঢ়ক :লক্ষাধিক গছপুলি ৰোপণেৰে অতিবাহিত ৪০ বছৰ, সহায়ৰ বাবে জনসাধাৰণৰ হাত - ODISHA TREE MAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.