ৰাহুল গান্ধীৰ বাসগৃহত বিৰোধীৰ সংকল্প: ভোট চুৰিৰ বিৰুদ্ধে হ'ব আন্দোলন
ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে ভোট চুৰিৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে ।

Published : August 8, 2025 at 2:25 PM IST
নতুন দিল্লী : বিহাৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা নিৰীক্ষণৰ বাবে বিশেষ অভিযান চলি আছে । তাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগ । নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনিলে ৰাহুল গান্ধীয়ে । ৰাহুল গান্ধীয়ে অভিযোগ কৰা মতে 'ভোট চুৰি মডেল'ৰ আশ্ৰয় লৈছে বিজেপিয়ে । নিৰ্বাচন আয়োগে ভুৱা ভোটাৰৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ অভিযোগো উত্থাপন কৰে গান্ধীয়ে । কংগ্ৰেছৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ বাসগৃহত বিৰোধী দলৰ নেতাসকলে নৈশ ভোজত অংশগ্ৰহণ কৰে । য'ত সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীয়ে সংঘটিত কৰা ভোট চুৰি মডেলৰ সবিশেষ জনায় ।
কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফলৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰে, "বেংগালুৰু চেণ্ট্ৰেল লোকসভা সমষ্টিৰ অন্তৰ্গত মহাদেৱপুৰা বিধানসভা সমষ্টিত ভয়ংকৰ ভোট চুৰিকাণ্ড সংঘটিত হৈছিল । তাত ১ লাখৰো অধিক ভোট চুৰি হৈছিল ।" ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে ২০২৪ চনৰ মহাৰাষ্ট্ৰৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়া ব্লকে ৪৮ খন আসনৰ ভিতৰত ৩০ খন আসন লাভ কৰিছিল । ঠিক ৫ মাহৰ পাছত যেতিয়া বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ল, তেতিয়া ইণ্ডিয়া ব্লকে ৫০ৰ সীমাও অতিক্ৰম কৰিব নোৱাৰিলে । ৰাহুল গান্ধীয়ে এই দুখন ৰাজ্যৰ উদাহৰণ দি নিৰ্বাচন আয়োগক লক্ষ্য কৰি ভোট চুৰিৰ অভিযোগ উত্থাপন কৰে ।
বৈঠকৰ অন্তত এক্সত কংগ্ৰেছে এটা পোষ্টত কয়, "আমি গণতন্ত্ৰক ৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু যিকোনো মূল্যৰ বিনিময়ত ইয়াক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিম ।"
সামাজিক মাধ্যমত গান্ধীয়ে কয়, "মই আজি নিশা ইণ্ডিয়া ব্লকৰ নেতাসকলৰ সন্মুখত বিজেপি-নিৰ্বাচন আয়োগৰ ভোট চুৰি ষড়যন্ত্ৰ পোহৰলৈ আনিছো । ইণ্ডিয়া ব্লক ঐক্যবদ্ধ, দৃঢ়প্ৰতিজ্ঞ আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে সাজু ।" তেওঁ লগতে কয়, "মই ৰাইজক যি কওঁ সেয়া মোৰ কথা । শপত হিচাপে লৈছো ।"
গান্ধীয়ে অভিযোগ কৰা অনুসৰি "নিৰ্বাচনী ঠগ-প্ৰৱঞ্চনা আৰু জালিয়াতি"ৰ বিৰুদ্ধে সংসদৰ পৰা ৰাজধানীত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াবলৈ সাজু হৈছে বিৰোধী নেতাসকল ।
সংবাদমেলত গান্ধীয়ে বিজেপি আৰু নিৰ্বাচন আয়োগৰ মাজত 'গোপন বুজাবুজি' থকাৰ কথা উল্লেখ কৰে । যাৰ জৰিয়তে নিৰ্বাচনত 'বৃহৎ অপৰাধমূলক জালিয়াতি' কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে । ইফালে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে এই বৈঠক সৰ্বাধিক সফল বুলি অভিহিত কৰে । তেওঁ কয় যে ইণ্ডিয়া ব্লকৰ নেতাসকলে অংশগ্ৰহণ কৰিছে আৰু লোকসভাৰ দলপতি গান্ধীয়ে সংবাদমেলত প্ৰেজেণ্টেশ্যন আগবঢ়াইছে ।
বেণুগোপালে কয়, "প্ৰেজেণ্টেশ্যনটো দেখাৰ পিছত সকলো স্তম্ভিত হৈ পৰিল । গণতন্ত্ৰক হত্যা কৰা ধৰণটোক সকলোৱে গৰিহণা দিছে । ইয়াৰ বিৰুদ্ধে কাম কৰিবলৈ সকলোৱে একমত হৈছে । আমাক এখন স্পষ্ট ভোটাৰ তালিকা লাগে, ডিজিটেল ভোটাৰ তালিকা জাতিটোৰ তাৎক্ষণিক প্ৰয়োজনীয়তা ।" তেওঁ কয় যে আৰজেডি নেতা তেজস্বী যাদৱে বিহাৰ যাত্ৰা সন্দৰ্ভত আলোচনা কৰিছে আৰু ১ ছেপ্টেম্বৰত সামৰণিৰ সময়ত মিত্ৰজোঁটৰ সকলো নেতাক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ।
সোমবাৰে সংসদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদলত কেইবাজনো বিৰোধী নেতাই অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয়, "আমি নিৰ্বাচন জালিয়াতিৰ বিৰুদ্ধে প্ৰতিবাদী সমদলৰ বিষয়ে আলোচনা কৰিছিলো ।" উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়েও আলোচনা কৰা হৈছে নেকি বুলি সাংবাদিকে সোধাত তেওঁ কয় যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ বিশেষ আলোচনা হোৱা নাছিল...ইয়াৰ বাবে আন কিছুমান বৈঠক আছে ।
কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে এই বৈঠকক ইতিবাচক বুলি অভিহিত কৰি কয় যে এছ আই আৰ আৰু গান্ধীয়ে কৰা অভিযোগবোৰ মূল বিষয় হৈয়েই আছে । তেওঁ লগতে কয় যে ই কোনো আনুষ্ঠানিক বৈঠক নহয় আৰু অন্যান্য বিষয়সমূহো নেতাসকলৰ মাজত আলোচনা কৰা হৈছিল ।
ইফালে বৈঠকৰ পিছত চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাই কয় যে বৈঠকখন অতি অৰ্থপূৰ্ণ । ৰাজাই কয়, "আজিৰ বৈঠকখন অতি অৰ্থপূৰ্ণ আছিল । ইয়াত এছআইআৰক লৈ চলি থকা বিতৰ্ক, ইচিয়ে কেনেদৰে কাম কৰি আহিছে আৰু লগতে ভোটাৰৰ নাম অন্তৰ্ভুক্ত আৰু তেওঁলোকৰ পৰিচয়ৰ ক্ষেত্ৰত হেতালি খেলাৰ বিষয়েও আলোচনা কৰা হৈছে ।" ৰাজাই লগতে কয় যে প্ৰেজেণ্টেশ্যনৰ সময়ত ৰাহুল গান্ধীয়ে কয় যে আজি বিহাৰত যি হৈ আছে সেয়া দেশৰ যিকোনো ঠাইতে হ'ব পাৰে ।
নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাই কয় যে তেওঁলোকে জম্মু-কাশ্মীৰৰ বাবে ৰাজ্যিক মৰ্যাদাৰ বিষয়টো উত্থাপন কৰিছে লগতে ৰাজ্যখনত কিছুমান বিশেষ গ্ৰন্থত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰোধিতা কৰিছে । তেওঁ কয়, "মই দেখিছো যে কেনেকৈ ভোট চুৰি হয়...।"
উল্লেখ্য যে এই বৈঠকত মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, শৰদ পাৱাৰ, ফাৰুক আব্দুল্লাহ, মেহবুবা মুফতি, অখিলেশ যাদৱ, তেজশ্বী যাদৱ, অভিষেক বেনাৰ্জী, উদ্ধৱ থাকৰে, ডি এম কে নেতা তিৰুচি শিৱ আৰু টি আৰ বালু, চি পি আই (এম)ৰ এম এ বেবী, চি পি আইৰ ডি ৰাজা, ডিপাংকৰ ভট্টাচাৰ্যকে ধৰি ২৫ টা বিৰোধী দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে ।
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়া, হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীও বৈঠকত উপস্থিত থাকে । লগতে উপস্থিত থকা আন আন নেতাসকলৰ ভিতৰত আছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, জে এম এমৰ মহুৱা মাঁঝি, আৰ এছ পিৰ এন কে প্ৰেমচন্দ্ৰন আদি ।
লগতে পঢ়ক :নেশ্যনেল হেৰাল্ড গোচৰ সন্দৰ্ভত পিছুৱালে আদালতৰ নিৰ্দেশ - NATIONAL HERALD CASE

