ETV Bharat / bharat

ভাৰত-পাকিস্তানৰ কয়দীৰ তালিকা বিনিময়; ২৪৬ জন ভাৰতীয়ক আগতীয়াকৈ মুকলি কৰি দিয়াৰ আহ্বান নতুন দিল্লীৰ

পাকিস্তানৰ জিম্মাত থকা সৰ্বসাধাৰণ বন্দী, মাছমৰীয়া আৰু তেওঁলোকৰ নাও আৰু নিৰুদ্দেশ হোৱা ভাৰতীয় প্ৰতিৰক্ষা জোৱানক আগতীয়াকৈ মুকলি কৰি ঘূৰাই পঠোৱাৰ আহ্বান ভাৰতৰ ।

INDIA PAKISTAN LIST OF PRISONERS
প্ৰতিনিধিত্বমূলক ফটো (File)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 7:51 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰত আৰু পাকিস্তানে মঙলবাৰে নতুন দিল্লী আৰু ইছলামবাদত একেলগে কূটনৈতিক মাধ্যমেৰে ইজনে সিজনৰ জিম্মাত থকা অসামৰিক বন্দী আৰু মাছমৰীয়াৰ তালিকা বিনিময় কৰে ।

২০০৮ চনৰ কনছুলাৰ প্ৰৱেশৰ দ্বিপাক্ষিক চুক্তিৰ বিধান অনুসৰি প্ৰতি বছৰে ১ জানুৱাৰী আৰু ১ জুলাইত এনে তালিকাৰ আদান-প্ৰদান কৰা হয় । ভাৰতে নিজৰ জিম্মাত থকা ৩৮২ জন অসামৰিক বন্দী আৰু ৮১জন মাছমৰীয়াৰ নাম শ্বেয়াৰ কৰিছে, যিসকল পাকিস্তানী বা পাকিস্তানৰ বুলি ধাৰণা কৰা হৈছে । একেদৰে পাকিস্তানে নিজৰ জিম্মাত থকা ৫৩জন অসামৰিক বন্দী আৰু ১৯৩জন মাছমৰীয়াৰ নাম শ্বেয়াৰ কৰিছে, যিসকল ভাৰতীয় বা ভাৰতীয় বুলি বিশ্বাস কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত প্ৰকাশ কৰে ।

ভাৰত চৰকাৰে পাকিস্তানৰ জিম্মাত থকা অসামৰিক বন্দী, মাছমৰীয়াৰ লগতে তেওঁলোকৰ নাও আৰু নিৰুদ্দেশ হোৱা ভাৰতীয় প্ৰতিৰক্ষা জোৱানক আগতীয়াকৈ মুকলি কৰি ঘূৰাই পঠিয়াবলৈ আহ্বান জনাইছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে ।

গৃহ মন্ত্ৰণালয়ে কয়, "পাকিস্তানক শাস্তি সম্পূৰ্ণ কৰা ১৫৯ জন ভাৰতীয় মাছমৰীয়া আৰু অসামৰিক বন্দীক মুকলি কৰি ঘূৰাই অনাৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈ কোৱা হৈছে । ইয়াৰ উপৰিও পাকিস্তানক পাকিস্তানৰ জিম্মাত থকা ২৬ জন অসামৰিক বন্দী আৰু মাছমৰীয়াক তাৎক্ষণিকভাৱে কনছুলাৰ প্ৰৱেশৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে, যিসকলক ভাৰতীয় বুলি ধাৰণা কৰা হৈছে আৰু এতিয়ালৈকে কনছুলাৰ সুবিধা প্ৰদান কৰা হোৱা নাই ।"

গৃহ মন্ত্ৰণালয়ে লগতে কয়, "পাকিস্তানক ভাৰতীয় বুলি বিশ্বাস কৰা সকলো ভাৰতীয় আৰু অসামৰিক বন্দী আৰু মাছমৰীয়াৰ সুৰক্ষা, নিৰাপত্তা আৰু মংগল নিশ্চিত কৰিবলৈ অনুৰোধ কৰা হৈছে, যেতিয়ালৈকে তেওঁলোকক মুক্ত আৰু ভাৰতলৈ ঘূৰাই অনা নহয় ।"

বিবৃতিটোত কোৱা হৈছে যে ভাৰতে ইখনে সিখন দেশৰ বন্দী আৰু মাছমৰীয়াৰ সৈতে জড়িত গোচৰৰ লগতে সকলো মানৱীয় বিষয়কে অগ্ৰাধিকাৰ ভিত্তিত সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।

ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতে পাকিস্তানক আহ্বান জনাইছে যে পাকিস্তানৰ পৰা জাতীয়তা নিশ্চিত নোহোৱাত ভাৰতৰ জিম্মাত থকা ৮০ জন অসামৰিক বন্দী আৰু মাছমৰীয়াৰ জাতীয়তা পৰীক্ষণ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে কৰিব লাগে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয়, "চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফলস্বৰূপে ২০১৪ চনৰ পৰা ২৬৬১ জন ভাৰতীয় মাছমৰীয়া আৰু ৭১ জন ভাৰতীয় অসামৰিক বন্দীক পাকিস্তানৰ পৰা প্ৰত্যাৱৰ্তন কৰা হৈছে । ইয়াত ২০২৩ চনৰ পৰা আজিলৈকে পাকিস্তানৰ পৰা ঘূৰাই পঠোৱা ৫০০ ভাৰতীয় মাছমৰীয়া আৰু ১৩ জন ভাৰতীয় অসামৰিক বন্দীক অন্তৰ্ভুক্ত কৰা হৈছে ।"

লগতে পঢ়ক : ভাৰতৰ মাটিত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ পাকিস্তানে মূল্য ভৰিব লাগিব : ৰাজনাথ সিং

সংঘাত বন্ধ কৰাৰ সিদ্ধান্ত ভাৰত-পাকৰ দুই নেতাই লৈছে; ট্ৰাম্পৰ ওলোটা খৰ

ভাৰতৰ আন এক কূটনৈতিক কৌশল; পাকিস্তানৰ সন্ত্ৰাসবাদপ্ৰীতি বিশ্বক জনাব সৰ্বদলীয় প্ৰতিনিধি দলে