আলিগড়: আয়কৰ বিভাগৰ এখন জাননীয়ে কঁপাইছে এটা পৰিয়ালক । অতি দুখীয়া পৰিয়ালটোলৈ আয়কৰ বিভাগে প্ৰেৰণ কৰা জাননীখনে এই পৰিয়ালটোৰ সদস্য়সকলৰ মাজত সৃষ্টি কৰিছে আতংকৰ ।
আয়কৰ বিভাগে উত্তৰ প্ৰদেশৰ আলিগড়ৰ এজন তলা মিস্ত্ৰীলৈ এই জাননীখন প্ৰেৰণ কৰাৰ পিছত পৰিয়ালটোৰ সদস্য়সকলৰ নিদ্ৰাহৰণ হোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে । যোগেশ শৰ্মা নামৰ তলা মিস্ত্ৰীজনলৈ ১১ কোটি ১১ লাখ ৮৫ হাজাৰ ৯৯১ টকা আয়কৰ জমা কৰাৰ জাননী প্ৰেৰণ কৰিছে আয়কৰ বিভাগে । আৰ্থিক সংকটত ভুগি থকা যোগেশ শৰ্মাই এই জাননীখন লাভ কৰাৰ পাছত তেওঁৰ পৰিয়ালটোৱে চকুৰে সৰিয়হ ফুল দেখিছে । আৰ্থিক সংকটত জুৰুলা যোগেশ শৰ্মাই তলা মিস্ত্ৰীৰ কাম কৰাৰ লগতে হাজিৰা কৰি কোনোমতে পৰিয়ালটো চলাই আছিল যদিও এই জাননীখন লাভ কৰাত তেওঁ বিপদৰ সন্মুখীন হৈছে ।

যোগেশ শৰ্মা দীৰ্ঘদিনৰ পৰা তলাৰ স্প্ৰিং তৈয়াৰ কৰা কাম কৰি আহিছে । তেওঁ ভাৰাঘৰতেই থাকে । মাহে তেওঁ ১৫ৰ পৰা ২০ হাজাৰ টকা উপাৰ্জন কৰে । এই ধনেৰেই পৰিয়ালটোক পোহপাল দি আছে । তেওঁৰ আৰ্থিক অৱস্থা ইমানেই বেয়া যে ধনৰ অভাৱত তেওঁৰ ঘৰৰ বিদ্যুৎ কৰ্তন হৈছে । দুদিন ধৰি ঘৰত চৌকা পৰ্যন্ত জ্বলা নাই। তেওঁৰ পত্নী বিগত দুবছৰ ধৰি যক্ষ্মা ৰোগত আক্ৰান্ত হৈ আছে । আনকি টকাৰ অভাৱত পত্নীৰ চিকিৎসাও কৰিব পৰা নাই । যোগেশ শৰ্মাই এই সন্দৰ্ভত কয় যে কেইমাহমান পূৰ্বে তেওঁক আয়কৰ বিভাগৰ পৰা ১০ লাখ টকাৰ জাননী এখন প্ৰেৰণ কৰিছিল যিখন তেওঁ উপেক্ষা কৰিছিল।
কিয়নো তেওঁলোকৰ বেছি আয় নাই । কিন্তু এতিয়া যেতিয়া ১১ কোটিৰ বেছি ধনৰ বিষয়ে জাননী আহিছে, সেয়ে তেওঁলোক সম্পুৰ্ণ বিভ্ৰান্ত । তেওঁলোকে কয় যে এই জাননী কোনো ভুলৰ ফল হ'ব পাৰে আৰু তদন্তৰ পাছতহে সঁচা কথা জানিব পৰা যাব । যোগেশ শৰ্মাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৰকাৰৰ পৰা ন্যায়ৰ আবেদন জনাইছে । তেওঁলোকে কয় যে তেওঁলোকৰ আৰ্থিক অৱস্থা ইমান শোচনীয় যে তেওঁলোকে এই জাননী পৰিশোধ কৰাৰ চিন্তাই কৰা নাই । অৱশ্য়ে জাননীখনত উল্লেখ কৰা হৈছে যে তলা মিস্ত্ৰী যোগেশ শৰ্মাৰ পেন কাৰ্ডত ডাঙৰ লেনদেন কৰা হৈছে ।
পেন কাৰ্ডৰ দুৰ্ব্য়ৱহাৰো হ'ব পাৰে । আয়কৰ বিভাগৰ বিষয়া দুৰ্গেশ কুমাৰে কয় যে যোগেশৰ পেন কাৰ্ডত লেনদেন বিভাগৰ প'ৰ্টেলত দেখা গৈছে যাৰ ফলত তেওঁলোকক জাননী জাৰি কৰা হৈছে । যোগেশ শর্মাৰ পেন কাৰ্ড ক'ত ক'ত ব্যৱহাৰ কৰা হৈছে, তাৰ তদন্ত কৰা হৈছে । উল্লেখ্য় যে কিছুদিন পূৰ্বে এজন ফলৰ ৰস বিক্ৰেতালৈ ৭ কোটি টকাৰ জাননী প্ৰেৰণ কৰিছিল আয়কৰ বিভাগে ।