ETV Bharat / bharat

চাকৰি ঘূৰাই পালে নিলম্বিত এয়াৰ ইণ্ডিয়াৰ ২৫ কেবিন ক্ৰুৱে ! - Air India Express crisis

Air India Express crisis: এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সংকট দূৰ কৰাৰ বাবে দিল্লীৰ মুখ্য শ্ৰম আয়ুক্ত (চিএলচি) কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্মচাৰী সন্থাই বিভিন্ন বিষয় উত্থাপন কৰে । বিষয়সমূহ পৰ্যালোচনা কৰিবলৈ সন্মত হয় এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষ ।

Air India Express crisis
চাকৰি ঘূৰাই পালে নিলম্বিত এয়াৰ ইণ্ডিয়াৰ ২৫ কেবিন ক্ৰুৱে ! (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024 at 2:25 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, ১০ মে' : শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ কেবিন ক্ৰুৰ সমূহীয়া ছুটী আৰু তাৰ পিচত ২৫ গৰাকী জ্যেষ্ঠ ক্ৰুক কামৰ পৰা অব্যাহতি দিয়াৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ সিদ্ধান্ত আদিয়ে ব্যাপক চৰ্চা লাভ কৰিছে । অসুস্থতাৰ কাৰণ দৰ্শাই ছুটী লোৱাৰ পিচতো এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষই ২৫ গৰাকী কেবিন ক্ৰুক কামৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত দিয়াক লৈ উদ্বিগ্ন আছিল এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্মচাৰী সন্থা ।

ইয়াৰ পিচতে বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্তৃপক্ষই এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কৰ্মচাৰী সন্থাই উত্থাপন কৰা বিষয়বোৰ পৰ্যালোচনা কৰিবলৈ সন্মত হয় । লগতে ২৫ গৰাকী কেবিন ক্ৰুৰ নিলম্বন প্ৰত্যাহাৰ কৰিবলৈও সন্মত হয় । দিল্লীৰ মুখ্য শ্ৰম আয়ুক্ত (চিএলচি) কাৰ্যালয়ত ৫ ঘণ্টাৰ বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হয় ।

সূত্ৰৰ মতে কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা প্ৰায় ২৫ গৰাকী সদস্য আৰু এআইএক্স কৰ্তৃপক্ষৰ ৫ গৰাকী সদস্য আছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দীঘলীয়া আলোচনা, অনুৰোধ, মীমাংসা আৰু মুখ্য শ্ৰম আয়ুক্তৰ আবেদনৰ পিচত সন্থাৰ প্ৰতিনিধিসকলে সন্মত হৈছিল যে সকলো কেবিন ক্ৰু, যিসকলে অসুস্থ বুলি প্ৰতিবেদন দিছে, তেওঁলোকে লগে লগে ফিটনেছ প্ৰমাণপত্ৰৰ সৈতে কৰ্তব্যত যোগদান কৰিব পাৰিব ।

মুখ্য শ্ৰম আয়ুক্তৰ (কেন্দ্ৰীয়) আবেদনত কৰ্তৃপক্ষই ২৫ গৰাকী কেবিন ক্ৰুক পুনৰ কামত যোগদান কৰিবলৈ দিবলৈ সন্মত হৈছে । অৱশ্যে কৰ্তৃপক্ষই সেৱা নিয়মাৱলী অনুসৰি এই কেবিন ক্ৰুসকলৰ বিষয়বোৰ পৰ্যালোচনা কৰিব ।

ইটিভি ভাৰতে লাভ কৰা খবৰ অনুসৰি বিষয়টোৰ মীমাংসাৰ বাবে পৰৱৰ্তী বৈঠক মুখ্য শ্ৰম আয়ুক্তই ২৮ মে'ত আবেলি ৩ বজাত নিৰ্ধাৰণ কৰিছে । শেহতীয়াকৈ একাংশ কেবিন ক্ৰু কোম্পানীটোৰ বিৰুদ্ধে ক্ষোভিত হোৱা দেখা গৈছে । চাকৰিৰ সুৰক্ষা, দৰমহা সংৰক্ষণ আৰু জ্যেষ্ঠতা আৰু দক্ষতাৰ স্বীকৃতিক লৈ তেওঁলোকে দীৰ্ঘদিন ধৰি প্ৰতিবাদো সাব্যস্ত কৰি আহিছে ।

ইফালে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ মুখপাত্ৰই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বৈঠকৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে । অব্যাহতি দিয়া কেবিন ক্ৰুসকলক পুনৰ কৰ্মক্ষেত্ৰলৈ তেওঁ স্বাগতম জনাইছে । আনহাতে অনিয়মীয়া বিমান চলাচলৰ বাবে অসুবিধাত পৰা যাত্ৰীসকলৰ ওচৰত তেওঁ ক্ষমাও বিচাৰিছে ।

বিমান বিলম্ব বা বাতিলৰ ক্ষেত্ৰত টিকট সম্পৰ্কীয় অসুবিধাৰ বাবে যাত্ৰীসকলক হোৱাটছএপ নম্বৰ +91 6360012345 বা airindiaexpress.com ত যোগাযোগ কৰিবলৈ তেওঁ অনুৰোধ জনাইছে ।

লগতে পঢ়ক :ছুটী লৈ বিপদত এয়াৰ ইণ্ডিয়াৰ ২৫ ক্ৰু সদস্য - Air India Crew Strike