অহা দুই-তিনি দিনত ৰাজ্যত হ’ব মুষলধাৰ বৰষুণ, ৰেড এলাৰ্ট জাৰি
অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশকে ধৰি দেশৰ উত্তৰ-পূব ৰাজ্যৰ বিভিন্ন ঠাইত আগন্তুক দুই-তিনি দিনত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ।

Published : September 2, 2025 at 11:50 AM IST
নতুন দিল্লী : সাৱধান ! আকৌ হ’ব ধাৰাসাৰ বৰষুণ ৷ এদিন-দুদিন নহয়, সম্ভৱতঃ একেৰাহে হ’ব এই বৰষুণ ৷ ফলত ব্যাহত হৈ পৰিব জনজীৱন ৷ পিছে এয়া আমাৰ ভাষ্য নহয় ৷ এই তথ্য দিছে বতৰ বিজ্ঞান বিভাগে ৷
বতৰ বিজ্ঞান বিভাগে ইতিমধ্য়ে ৰেড এলাৰ্ট জাৰি কৰিছে । তথ্য মতে, দেশৰ কেইবাখনো ৰাজ্য়ত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভানা আছে । হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ,পঞ্জাব, হাৰিয়ানা আৰু পূব ৰাজস্থানত হোৱা মুষলধাৰ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে । অৱশ্যে অহা তিনিদিনত উত্তৰ-পশ্চিম ভাৰতৰ বহু কেইখন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।
ইয়াৰ সমান্তৰালকৈ আগন্তুক দুই-তিনি দিনৰ ভিতৰত গুজৰাট, কংকন, গোৱা, মহাৰাষ্ট্ৰ, গুজৰাট, উপকূলীয় কৰ্ণাটকত হোৱা ধাৰাসাৰ বৰষুণৰ সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰা হৈছে। একেদৰে এহা ৪ আৰু ৫ ছেপ্টেম্বৰত গুজৰাটৰ একাংশ ঠাইত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে বুলি বতৰ বজ্ঞান কেন্দ্ৰত তথ্য়ত প্ৰকাশ ।
যোৱা ২৪ ঘণ্টাত বৰষুণ :
যোৱা ২৪ ঘণ্টাৰ ভিতৰত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাবৰ উপৰিও পশ্চিম ৰাজস্থান আৰু তেলেংগানাৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হয় । তদুপৰি পূব ৰাজস্থানৰ উত্তৰ প্ৰদেশৰ হাৰিয়ানাৰ বিভিন্ন ঠাইত মুষলধাৰ বৰষুণ হৈছে । জম্মু, চণ্ডীগড়, মধ্যপ্ৰদেশ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, ওড়িশা, ছত্তীশগড়, মধ্য মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ ঠায়ে ঠায়ে বৰষুণ হোৱাৰ তথ্য় লাভ কৰা হৈছে ।
বতৰৰ পূৰ্বাভাস আৰু সতৰ্কবাণী :
বংগৰ উত্তৰ-পূব উপকূলীয় আৰু ম্যানমাৰ উপকূলৰ ওপৰত নিম্ন আৰু মধ্যম ট্ৰপ'স্ফিয়াৰিক স্তৰত ঘূৰ্ণীবতাহ চলি আছে । অহা কেইঘণ্টামানৰ ভিতৰত ইয়াৰ প্ৰভাৱত উত্তৰ বংগ উপসাগৰৰ ওপৰত নিম্ন চাপ গঠন হোৱাৰ সম্ভাৱনা আছে ।
উত্তৰ-পশ্চিম ভাৰত :
তথ্য় অনুসৰি জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, উত্তৰাখণ্ড, পশ্চিম উত্তৰ প্ৰদেশ, পূব আৰু পশ্চিম ৰাজস্থানত অহা এদিন বা দুদিনত পাতলৰ পৰা মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
পূব আৰু মধ্য ভাৰত:
আগন্তুক দুই-তিনি দিনত ওড়িশা, পশ্চিম বংগৰ উপৰি ঝাৰখণ্ড, ছিকিম, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, বিদৰ্ভা, পূব আৰু পশ্চিম মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বেলেগ বেলেগ ঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে । এই সময়ছোৱাত বহু ঠাইত পাতল বৰষুণৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে ।
উত্তৰ-পূব ভাৰত:
অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশকে ধৰি দেশৰ উত্তৰ-পূব ৰাজ্যৰ বিভিন্ন ঠাইত আগন্তুক দুই-তিনি দিনত স্বাভাৱিকৰ পৰা ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে । এই সময়ছোৱাত বহু ঠাইত বজ্ৰপাত আৰু বজ্ৰৰ সৈতে পাতলীয়া বৰষুণৰ সম্ভাৱনা থকা বুলিও বতৰ বিজ্ঞান বিভাগৰ তথ্য়ত প্ৰকাশ ।
দক্ষিণ ভাৰত :
অহা দুই-তিনি দিনত তেলেংগানা, উপকূলীয় অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, মাহে আৰু য়ানামৰ বহু ঠাইত পাতলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত উক্ত অঞ্চলৰ কিছু কিছু ঠাইত বজ্ৰপাত আৰু বজ্ৰৰ সৈতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে ।

