ETV Bharat / bharat

উফ ৰক্ষা ! আহিব সপোনৰ বৰষুণজাক

সমগ্ৰ দেশৰ লগতে উত্তৰ-পূব ভাৰতৰ অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আদি ৰাজ্যত পৰৱৰ্তী ৭ দিনৰ বাবে বৰষুণৰ সম্ভাৱনা জাৰি কৰা হৈছে ৷

WEATHER UPDATE IN INDIA
প্ৰতীকী ফটো (IANS Photo)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 11:01 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : সাময়িকভাৱে শাম কাটিব উৎকট গৰমৰ মাত্ৰা ! দেশৰ কেইবাখনো ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ ৷ এই সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ আৰব সাগৰ, গুজৰাট, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ কিছু কিছু অংশ, ছত্তীশগড়, ঝাৰখণ্ড আৰু বিহাৰৰ কিছু অংশ আৰু উত্তৰ প্ৰদেশৰ পূব অংশ পৰৱৰ্তী দুদিনৰ বাবে বৰষুণৰ সম্ভাৱনা জাৰি কৰা হৈছে ৷

দক্ষিণ-পশ্চিম বাংলাদেশৰ একাংশ অঞ্চলৰ ওপৰত পৰা নিম্নচাপৰ প্ৰভাৱত পশ্চিমবংগৰ গংগাৰ উপকূলীয় অঞ্চল, গুজৰাটৰ একাংশ অঞ্চল, ঝাৰখণ্ড আৰু ওড়িশাত বুধবাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । পৰৱৰ্তী দুই-তিনিদিন ধৰি মেঘালয়কে ধৰি উত্তৰ-পূব ভাৰতৰ আন আন ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

  • বিগত ২৪ ঘণ্টাত কেনেকুৱা আছিল বতৰ ?

সৌৰাষ্ট্ৰ, কচ্চ, তামিলনাডুৰ নৈ বা সাগৰৰ ঘাট থকা অঞ্চলসমূহ, দক্ষিণ কৰ্ণাটকৰ উপকূলীয় অঞ্চল, কেৰালা, হিমাচল প্ৰদেশ, পশ্চিমবংগৰ গংগাৰ উপকূলীয় অঞ্চল, ওড়িশাৰ উত্তৰাঞ্চল আৰু মিজোৰামৰ একাধিক স্থানত ধাৰাসাৰ বৃষ্টিপাত হৈছিল ৷

আনহাতে, পশ্চিমবংগত থকা হিমালয়ৰ পাদদেশ অঞ্চল, ছিকিম, গুজৰাট, বিহাৰ, ছত্তীশগড়, ঝাৰখণ্ড, পঞ্জাব, পূব ৰাজস্থান, পশ্চিম মধ্যপ্ৰদেশ, কংকন, গোৱা, মধ্য মহাৰাষ্ট্ৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, অসম আৰু মেঘালয়ৰ বহু স্থানতো হৈছিল ধাৰাসাৰ বৰষুণ ।

  • বতৰৰ পূৰ্বাভাস আৰু সতৰ্কবাণী

উত্তৰ-পূব ভাৰত

উত্তৰ-পূব ভাৰতৰ অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আদি ৰাজ্যত পৰৱৰ্তী ৭ দিনৰ বাবে বৰষুণৰ সম্ভাৱনা জাৰি কৰা হৈছে ৷ এই সময়ছোৱাত ৰাজ্য কেইখনৰ অধিকাংশ অঞ্চলতে প্ৰবল বৃষ্টিপাত, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা জাৰি কৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷

পূব আৰু মধ্য ভাৰত

বুধবাৰৰ পৰা পৰৱৰ্তী এদিন বা দুদিনত পশ্চিমবংগৰ গংগাৰ উপকূলীয় অঞ্চল, ঝাৰখণ্ড, বিহাৰ, ওড়িশা, মধ্যপ্ৰদেশ, বিদৰ্ভ, ছত্তীশগড়, আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ একাধিক স্থানত বৰষুণৰ সম্ভাৱনা আছে ৷ তদুপৰি কোনো কোনো এলেকাত ধুমুহা, বজ্ৰপাত আৰু প্ৰচণ্ড বতাহ-বৰষুণৰ সম্ভাৱনাও জাৰি কৰিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে ৷

পশ্চিম ভাৰত

গুজৰাট, কংকন, গোৱা, মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়াৰ অধিকাংশ অঞ্চলত এদিনৰ পৰা দুদিনলৈকে বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত অঞ্চলসমূহত বৰষুণৰ লগতে ধুমুহা, বজ্ৰপাত আৰু প্ৰচণ্ড বতাহ বলাৰো সম্ভাৱনা আছে ৷

দক্ষিণ উপদ্বীপীয় ভাৰত

কৰ্ণাটক, কেৰালা, তামিলনাডু, পুডুচেৰী, মাহে আৰু লক্ষদ্বীপত আজিৰ পৰা পৰৱৰ্তী দুদিনত বৰষুণ অহাৰ লগতে প্ৰচণ্ড বতাহ বলাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত তেলেংগানা, অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চল, য়ানাম, ৰায়ালাসীমাতো একেধৰণৰ বতৰ হোৱাৰ সম্ভাৱনা আছে ।

উত্তৰ-পশ্চিম ভাৰত

উত্তৰ-পশ্চিম ভাৰতৰ জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, হাৰিয়ানা, পূব উত্তৰ প্ৰদেশ, পূব ৰাজস্থানৰ বিভিন্ন স্থানত পৰৱৰ্তী এদিনৰ পৰা দুদিনৰ ভিতৰত স্বাভাৱিকৰ পৰা প্ৰচুৰ পৰিমাণে বৰষুণ আহিব পাৰে ৷ বৰষুণৰ সমান্তৰলাকৈ প্ৰচণ্ড বতাহ বলাৰো সম্ভাৱনা আছে ৷

সৰ্বাধিক তাপমাত্ৰাৰ পূৰ্বানুমান

ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বৰ্তমান সমগ্ৰ দেশৰ সৰ্বাধিক তাপমাত্ৰাৰ পৰিৱৰ্তন ঘটাৰ তেনে কোনো সম্ভাৱনা নাই ৷

লগতে পঢ়ক: সমগ্ৰ ভাৰতত বতৰৰ ব্যাপক পৰিৱৰ্তন; গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণৰ মাজতে ভূমিস্খলনৰ সম্ভাৱনা জাৰি - WEATHER UPDATE IN INDIA