ETV Bharat / bharat

সাৱধান ! আহি আছে 'শক্তি', আই এম ডিয়ে দিছে সতৰ্কবাণী

তীব্ৰগতিত আহি আছে 'শক্তি' । উপকূলীয় অঞ্চলৰ পৰা লোকসকলৰ বাবে বিশেষ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে ।

cyclone Shakti
ঘূৰ্ণীবতাহ 'শক্তি'কলৈ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী (ANI)
author img

By ANI

Published : October 4, 2025 at 12:08 PM IST

2 Min Read
Choose ETV Bharat

মুম্বাই : ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দিছে ঘূৰ্ণীবতাহৰ সতৰ্কবাণী । ৪-৭ অক্টোবৰৰ ভিতৰত মধ্যমীয়াৰ পৰা প্ৰবল ঘূৰ্ণীবতাহৰ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান বিভাগে (আই এম ডি)। অৱশ্যে এই ঘূৰ্ণীবতাহ 'শক্তি' মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলৰ মাজেৰে পাৰ হ'ব বুলি আশংকা কৰা হৈছে । যাৰ বাবে আই এম ডিয়ে মহাৰাষ্ট্ৰৰ কিছুমান জিলাৰ বাবে ঘূৰ্ণীবতাহৰ সতৰ্কবাণী জাৰি কৰিছে ।

প্ৰকাশিত তথ্য অনুসৰি এই সতৰ্কবাণীত মুম্বাই, থানে, পালঘৰ, ৰায়গড়, ৰত্নাগিৰি আৰু সিন্ধুদুৰ্গ জিলাক সামৰি লোৱা হৈছে । ৪ৰ পৰা ৫ অক্টোবৰৰ ভিতৰত উত্তৰ মহাৰাষ্ট্ৰৰ উপকূলত বতাহৰ গতিবেগ ঘণ্টাত ৪৫-৫৫ কিলোমিটাৰ আৰু ৬৫ কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে । ঘূৰ্ণীবতাহৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি বতাহৰ গতি বৃদ্ধি পাব পাৰে । উত্তৰ মহাৰাষ্ট্ৰৰ উপকূলত ৫ অক্টোবৰলৈকে ঘূৰ্ণীবতাহে খুন্দা মৰাৰ সম্ভাৱনা আছে ।

সেয়েহে মাছমৰীয়াসকলক সাগৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মহাৰাষ্ট্ৰৰ আভ্যন্তৰীণ অংশ বিশেষকৈ পূব বিদৰ্ভ আৰু মাৰাথৱাড়াৰ কিছু অংশত প্ৰচণ্ড বৰষুণৰ আগজাননী দিছে আৰু উত্তৰ কোংকনৰ নামনি অঞ্চলত বানৰো সম্ভাৱনা আছে ।

ঘূৰ্ণীবতাহ 'শক্তি'ৰ সতৰ্কবাণীৰ প্ৰতি সঁহাৰি জনাই প্ৰস্তুতিৰ বাবে নিৰ্দেশ জাৰি কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে । জিলা প্ৰশাসনে দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থা সক্ৰিয় কৰিবলৈ, উপকূলীয় আৰু নামনি অঞ্চলৰ লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰৰ পৰিকল্পনা কৰিবলৈ, ৰাজহুৱা পৰামৰ্শ জাৰি কৰিবলৈ, সাগৰীয় যাত্ৰাৰ বিৰুদ্ধে পৰামৰ্শ দিবলৈ আৰু প্ৰচণ্ড বৰষুণৰ সময়ত সুৰক্ষা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে ।

লগতে পঢ়ক :চীনৰ জল আতংক প্ৰতিহত কৰিবলৈ ভাৰতৰ বৃহৎ বান্ধৰ পৰিকল্পনা