ETV Bharat / bharat

আগন্তুক ৫ দিনত কিবা পৰিকল্পনা কৰিছে নেকি ? বতৰে দিব পাৰে বিধিপথালি

আই এম ডিৰ পূৰ্বাভাস অনুসৰি আগন্তুক পাঁচ দিনত ভাৰতৰ কেইবাটাও প্ৰান্তত বিজুলী-ঢেৰেকনিৰে বৰষুণ আৰু ধুমুহাৰ সম্ভাৱনা আছে ।

IMD weather forecasts
প্ৰতিনিধিত্বমূলক ছবি (ANI)
author img

By ANI

Published : May 17, 2025 at 10:32 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি আগন্তুক পাঁচ দিনত দেশৰ কেইবাটাও অঞ্চলত বৰষুণ আৰু ধুমুহা হ'ব পাৰে ।শুকুৰবাৰে এ এন আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আই এম ডিৰ বিজ্ঞানী অখিল শ্ৰীবাস্তৱে আঙুলিয়াই দিয়ে যে দক্ষিণ ভাৰত বিশেষকৈ তামিলনাডু, কেৰালা আৰু কৰ্ণাটকত আগন্তুক পাঁচ দিনলৈ ধাৰাবাহিক বিজুলী-ঢেৰেকনিৰে বৰষুণৰ লগতে ধুমুহা আহিব পাৰে আৰু ধাৰাসাৰ বৰষুণ হ’ব পাৰে । মধ্য ভাৰততো একেধৰণৰ বতৰৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।

উত্তৰ-পশ্চিম ভাৰতৰ কিছু অংশতো অনাগত দিনত বজ্ৰপাতৰ লগতে গ্ৰীষ্মপ্ৰৱাহৰ পৰিস্থিতি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি শ্ৰীবাস্তৱে কয় যে উত্তৰ-পূৰ্বাঞ্চলতো আগন্তুক পাঁচ দিনলৈ বৰষুণ অব্যাহত থাকিব । আনহাতে, পূব ভাৰতত বিশেষকৈ অসম, মেঘালয়, অৰুণাচল প্ৰদেশত বতৰ গৰম আৰু আৰ্দ্ৰ হৈ থাকিব বুলি ধাৰণা কৰা হৈছে । অৱশ্যে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বাসিন্দাসকলে গৰমৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা আছে ।

শ্ৰীবাস্তৱে কয়, "আজি আৰু কাইলৈ ​​সন্ধিয়া দিল্লীত বজ্ৰপাতৰ সৃষ্টি হ'ব পাৰে বুলি আমি অনুমান কৰিছো । মধ্যমীয়া বৰষুণৰো সম্ভাৱনা আছে । ইয়াৰ বাবেই তাপমাত্ৰা প্ৰায় ৩৭ৰ পৰা ৩৯ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব পাৰে । উত্তৰ প্ৰান্তৰ কেইবাখনো ৰাজ্যত গ্ৰীষ্মপ্ৰৱাহক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে বতৰৰ এই পৰিৱৰ্তন ঘটিছে । ইফালে উত্তৰ প্ৰদেশৰ মোৰাদাবাদত ক্ৰমবৰ্ধমান উষ্ণতাৰ ফলত চিকিৎসালয়ত ভৰ্তি হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ।

এই ক্ষেত্ৰত জ্যেষ্ঠ পৰামৰ্শদাতা চিকিৎসক ভি সিঙে কয় যে চিকিৎসালয়ত ভৰ্তি হৈ থকা শিশুসকলে টাইফয়েড, জ্বৰ, পনীয়া পায়খানা, চৰ্দি আৰু কাহ আদি ৰোগত আক্ৰান্ত হৈ আহিছে । সিঙে এ এন আইক কয়, "গ্ৰীষ্মকাল আৰম্ভ হৈছে আৰু এই সময়ত শিশুসকল টাইফয়েড, জ্বৰ, পনীয়া শৌচ, চৰ্দি আৰু কাহত আক্ৰান্ত হয় ।"

তেওঁ লগতে জনসাধাৰণক বাহিৰৰ পৰা অহা খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিয়ে । "যিহেতু বাহিৰৰ খাদ্যত মিশ্ৰণ কৰা থাকে, গতিকে আমাৰ পৰামৰ্শ হ'ল ইয়াক এৰাই চলিব লাগে । কাৰণ কিছু লোকে স্বাস্থ্যৰ বাবে অনুপযুক্ত বস্তু মিহলি কৰে... প্ৰায় ২০০ জন ৰোগী আহিছে আৰু ২৫-৩০ টা শিশুক ভৰ্তি কৰোৱা হৈছে...।" তেওঁ লগতে কয় ।

মোৰাদাবাদৰ এ চি এম এছ জিলা চিকিৎসালয়ৰ ডাঃ ৰাজেন্দ্ৰই বমি আৰু ডায়েৰিয়া ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰে । "গৰমৰ বাবে বমি আৰু ডায়েৰিয়া ৰোগত আক্ৰান্ত ৰোগী অলপ বৃদ্ধি পাইছে । কিন্তু এতিয়া সকলোকে অ' পি ডিত চোৱাটো সম্ভৱ নহয়... চিকিৎসালয়ৰ অ' পি ডিত প্ৰতিদিনে প্ৰায় ২২০০-২৫০০ ৰোগী বিভিন্ন ধৰণৰ বেমাৰ লৈ আহে... প্ৰায় ৯০-১০০ ৰোগীক ভৰ্তিও কৰোৱা হৈছে । গ্ৰীষ্মকাল আৰম্ভ হৈছে, কিন্তু এতিয়ালৈকে ইয়াৰ ব্যাপক প্ৰভাৱ পৰা নাই । নিয়ন্ত্ৰাধীন হৈ আছে ।" তেওঁ কয় ।

লগতে পঢ়ক :ইয়াতেই মোৰ হেঁপাহৰ ঘৰখন আছিল... পাক গোলাবৰ্ষণত গৃহহাৰা জম্মু-কাশ্মীৰৰ বাসিন্দাৰ বেদনাৰ উচুপনি - PAK SHELLING HITS JAMMU KASHMIR
লগতে পঢ়ক :অৰুণাচলত ভিনটেজ গ্ৰেনেড নিষ্ক্ৰিয় ভাৰতীয় সেনাৰ - VINTAGE GRENADES DEFUSED