নতুন দিল্লী: উৎকট গৰমৰ পৰা কিছু পৰিমাণে সকাহ পাব দেশবাসীয়ে ৷ দেশৰ ঠায়ে ঠায়ে হ’ব বৰষুণ ৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷ দিল্লীৰ পৰা কেৰালা আৰু মুম্বাইৰ পৰা গুৱাহাটীলৈকে সকলোতে ঘটিছে বতৰৰ নাটকীয় পৰিৱৰ্তন ৷
গুৱাহাটী: ধাৰাসাৰ বৰষুণৰ মাজতে ভূমিস্খলনৰ সম্ভাৱনা
উত্তৰ-পূর্বাঞ্চলত পৰৱৰ্তী দুই-তিনি দিনৰ বাবে ধাৰাসাৰ বৃষ্টিপাতৰ সম্ভাৱনা জাৰি কৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) ৷ তদুপৰি ধাৰাসাৰ বৃষ্টিপাতৰ বাবে কোনো কোনো অঞ্চলত ভূমিস্খলন হোৱাৰো সম্ভাৱনা আছে ৷ প্ৰতিকূল এই পৰিস্থিতিয়ে দৈনন্দিন জীৱনযাত্ৰাত ব্যাঘাত জন্মোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি, মে’ মাহৰ শেষৰফালে আৰু জুন মাহৰ আৰম্ভণিতে হোৱা বাৰিষাৰ বৰষুণৰ ফলত ২১ খন জিলাৰ ৬.৭৯ লাখৰো অধিক লোক বান আৰু ভূমিস্খলনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে । প্ৰায় ১৫ হাজাৰ হেক্টৰ শস্যৰ ক্ষতিসাধন হৈছে আৰু বানত ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।
গুৱাহাটীৰ নামনি আৰু পাহাৰীয়া অঞ্চলৰ বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ, অত্যাৱশ্যকীয় সামগ্ৰী মজুত কৰিবলৈ, প্ৰয়োজন হ’লে সুৰক্ষিত স্থানলৈ যাবলৈ পৰামৰ্শ দিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ।
দিল্লীবাসীয়ে পাব কিছু সকাহ
দেওবাৰে পুৱা দিল্লী-এন চি আৰত হোৱা এজাক মধ্যমীয়া বৰষুণে গৰমৰ মাত্ৰা কিছু পৰিমাণে হ্ৰাস কৰে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰৰ পৰা বুধবাৰলৈ বানৰ সতৰ্কবাণীৰে ৰাজধানী চহৰখনত জাৰি কৰিছে য়েল্ল’ এলাৰ্ট ৷ বৰষুণৰ সৈতে বলিব বতাহ । সোমবাৰে দেশৰ ৰাজধানীৰ সৰ্বোচ্চ তাপমাত্ৰা হৈছে ৪২.৫ ডিগ্ৰী চেলছিয়াছ ।
ৰাজধানী দিল্লীত ১৬-১৯ জুনলৈ বা তাৰ পিছত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে ৷ এই সময়ছোৱাত তাপমাত্ৰা পূৰ্বৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পোৱাৰ লগতে আকাশ ডাৱৰীয়া হৈ থাকিব ৷
মুম্বাই: ধাৰাসাৰ বৃষ্টিপাত আৰু অৰেঞ্জ এলাৰ্ট
দেশৰ সৰ্বাধিক ব্যস্ত চহৰ মুম্বাইত সোমবাৰে পুৱতি নিশা ২ বজাৰ পৰা পুৱা ৫ বজাৰ ভিতৰত হোৱা প্ৰচণ্ড বৰষুণে মহানগৰখনক ধুৱাই পেলায় ৷ আই এম ডিয়ে মুম্বাই আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহ ক্ৰমে- থানে, পালঘৰ, ৰাইগড়, ৰত্নাগিৰি আৰু সিন্ধুদুৰ্গকে ধৰি অন্যান্য জিলাসমূহৰ বাবে জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট ৷
সোমবাৰে চহৰখনত হোৱা বৰষুণৰ পৰিমাণ আছিল এনেধৰণৰ- দুৰ্গত ৭৪ মিলিমিটাৰ, বান্দ্ৰাত ৬২ মিলিমিটাৰ আৰু মালাবাৰ পাহাৰত ৬০ মিলিমিটাৰ ।
পুৱাৰ ভাগলৈ বৰষুণ কমিলেও ঠায়ে ঠায়ে জমা হোৱা পানীৰ ফলত দৈনন্দিন জীৱনযাত্ৰাত ব্যাঘাত জন্মে ৷ আই এম ডিৰ পূৰ্বাভাস অনুসৰি চলিত সপ্তাহটোত ফ’ৰ্ট, মাটুংগা, মালাবাৰ হিল আৰু লোৱাৰ পেৰেলৰ দৰে ঠাইত বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কোনো জৰুৰী কাম নাথাকিলে ভ্ৰমণ পৰিহাৰ কৰিবলৈ অঞ্চলকেইটাৰ বাসিন্দাসকলক পৰামৰ্শ প্ৰদান কৰিছে ৷
কেৰালাত ৰেড এলাৰ্ট আৰু বিদ্যালয় বন্ধ
দক্ষিণৰ ৰাজ্য বিশেষকৈ কেৰালাত বাৰিষাৰ সম্পূৰ্ণ প্ৰভাৱ দেখা গৈছে । আই এম ডিৰ ৰেড এলাৰ্টৰ পাছত সোমবাৰে ৰাজ্য চৰকাৰে কেইবাখনো জিলাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰে ।
ৰাজ্যখনৰ কেইবাখনো জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে ৷ যাৰ বাবে নদীসমূহৰ জলপৃষ্ঠ আৰু ভূমিস্খলন সংঘটিত হ’ব পৰা অঞ্চলসমূহ নিৰীক্ষণ কৰাৰ দায়িত্ব লৈছে নাগৰিক সমাজে ৷
ধাৰাসাৰ বৃষ্টিপাতৰ সতৰ্কবাণী জাৰি কৰি আই এম ডিয়ে কেৰালাৰ বাসিন্দাসকলক ঘৰৰ ভিতৰতে থাকি সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে । ইতিমধ্যে জুন মাহত কেৰালাত বৰষুণৰ পৰিমাণ অধিক হোৱাৰ ফলত কোনো কোনো অঞ্চল বানৰ কবলত পৰাৰ লগতে পাহাৰীয়া অঞ্চলত ভূমিস্খলন সংঘটিত হৈছিল ৷
কৰ্ণাটক সম্ভাব্য বিপদ আৰু ৰেড এলাৰ্ট
ধাৰাসাৰ বৰষুণে কৰ্ণাটকৰ উপকূলীয় অঞ্চল ক্ষতিগ্ৰস্ত কৰাৰ ফলতে উড়ুপি আৰু দক্ষিণ কানাড়া জিলা প্ৰশাসনে সোমবাৰে বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰে । পৰৱৰ্তী ২৪ ঘণ্টাত ১১০-২১০ মিলিমিটাৰ বৰষুণ হোৱাৰ জাননী জাৰি কৰি আই এম ডিয়ে অঞ্চলটোত ৰেড এলাৰ্ট ঘোষণা কৰে । নাগৰিক সমাজে সম্ভাব্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বানৰ সতৰ্কবাণী জাৰি কৰে আৰু মাছমৰীয়াসকলক সাগৰত প্ৰৱেশ নকৰিবলৈ পৰামৰ্শ দিয়ে ।
হিমাচল প্ৰদেশ আৰু মধ্যপ্ৰদেশত বাৰিষাৰ বৰষুণ
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশত য়েল্ল’ এলাৰ্ট জাৰি কৰি ১৬ জুনৰ পৰা ১৯ জুনলৈ বিভিন্ন স্থানত বজ্ৰপাত আৰু ধুমুহা বতাহৰ (ঘণ্টাত ৪০-৫০ কিলোমিটাৰ) সম্ভাৱনা ব্যক্ত কৰিছে । ২০ আৰু ২১ জুনত দহখন জিলাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে ।
ইফালে ২১-২২ জুনত ছিণ্ডোৱাৰা, বালাঘাট আৰু ডিন্দোৰি জিলাৰ মাজেৰে মধ্যপ্ৰদেশত মৌচুমী প্ৰৱেশৰ সম্ভাৱনা আছে । আই এম ডি ভূপাল কেন্দ্ৰৰ পূৰ্বাভাস অনুসৰি মধ্য ভাৰতত অতি শীঘ্ৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে, যি কৃষিক্ষেত্ৰৰ বাবে লাভদায়ক বিবেচিত হ’ব ৷
সমগ্ৰ ভাৰতত বতৰৰ ব্যাপক সালসলনি
উত্তৰ আৰু দক্ষিণ ভাৰতত বতৰৰ ধৰণ বিপৰীতমুখী হোৱা দেখা গৈছে ৷ জয়পুৰ আৰু পাটনাৰ দৰে উত্তৰৰ চহৰসমূহত তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছৰ পৰা ৪৩ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পোৱাৰ বিপৰীতে দক্ষিণ আৰু পশ্চিমৰ ৰাজ্যসমূহত বাৰিষাৰ প্ৰভাৱ পৰিছে ৷ এই ৰাজ্যসমূহত দিনৰ সময়ৰ উষ্ণতা ২৫ ডিগ্ৰী চেলছিয়াছৰ পৰা ৩৩ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হোৱা পৰিলক্ষিত হৈছে ৷
বিশেষজ্ঞসকলৰ মতে, জুন মাহৰ শেষৰফালে উত্তৰ ভাৰতত প্ৰভাৱ নেপেলোৱালৈকে গৰম অব্যাহত থাকিব ৷ তাৰমাজত অৱশ্যে দিল্লী আৰু লক্ষ্ণৌৰ দৰে চহৰ দুখনত হ’বলগীয়া বৰষুণ, বতাহ-ধুমুহাই জনসাধাৰণক সাময়িক সকাহ প্ৰদান কৰিব ৷
সুৰক্ষা আৰু প্ৰস্তুতিৰ ব্যৱস্থা
- অপ্ৰয়োজনীয় ভ্ৰমণ এৰাই চলক
- ভূমিস্খলনৰ প্ৰৱণতা থকা এলেকাৰ পৰা আঁতৰত থাকক
- গৰমৰ প্ৰতি লক্ষ্য ৰাখি অতি প্ৰয়োজনীয় কাম নহ’লে ঘৰৰ বাহিৰলৈ নাহিব
লগতে পঢ়ক: মহানগৰীত স্বাভাৱিক অৱস্থাতকৈ ৪.৭ ডিগ্রী চেলছিয়াছ বেছি তাপমাত্ৰা - OPPRESSIVE HEAT WAVES