চুৰি ভোটেৰে প্ৰধানমন্ত্ৰী হৈছে মোদী ! সুবিধা দিলে প্ৰমাণ কৰিব ৰাহুল গান্ধীয়ে
ভোটাৰ তালিকাত খেলিমেলিৰ তথ্য উদঙাই দিয়াৰ পিছত প্ৰশ্ন উত্থাপন হ'বলৈ ধৰাত নিৰ্বাচন আয়োগে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু বিহাৰত ৱেবছাইট বন্ধ কৰাৰো তেওঁ অভিযোগ কৰে ।

Published : August 8, 2025 at 7:44 PM IST
বেংগালুৰু : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতৰ নিৰ্বাচন আয়োগৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে ৰাহুল গান্ধীয়ে । শুকুৰবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে কয় যে যদিহে তেওঁ ইলেক্ট্ৰ'নিক ডাটা (ভোটাৰ তালিকাৰ) লাভ কৰে তেন্তে চুৰি ভোটৰ জৰিয়তে যে মোদী প্ৰধানমন্ত্ৰী হৈছিল তাৰ প্ৰমাণ দিব ।
ভোটাৰ তালিকাৰ খেলিমেলি সন্দৰ্ভত উঠা অভিযোগৰ বিৰুদ্ধে কংগ্ৰেছে বেংগালুৰুত আয়োজন কৰা প্ৰতিবাদী সমাবেশত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে তেওঁ ইতিমধ্যে লোকসভাৰ এখন আসনত (বেংগালুৰু চেণ্ট্ৰেল) ভোট চুৰিৰ কথা প্ৰমাণ কৰিছে । ভাৰতৰ নিৰ্বাচন আয়োগে যদি তেওঁক সকলো সমষ্টিৰ ভোটাৰ তালিকাৰ ইলেক্ট্ৰ'নিক ডাটা দিয়ে তেন্তে তেওঁ প্ৰমাণ কৰিব যে কেইবাখনো আসনত ভোট চুৰিৰ ঘটনা সংঘটিত হৈছিল ।
ৰাহুল গান্ধীয়ে কয়, "আপোনালোকৰ হয়তো মনত আছে, মাত্ৰ ২৫ খন আসনৰ ব্যৱধানত মোদী প্ৰধানমন্ত্ৰী হৈছে । প্ৰায় ২৫ খন আসনত বিজেপিৰ জয়ৰ ব্যৱধান ৩৫ হাজাৰ বা তাতকৈ কম । আমি যদি ইলেক্ট্ৰ'নিক ডাটা লাভ কৰোঁ তেন্তে আমি প্ৰমাণ কৰি দিম যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে ।"
উল্লেখ্য যে বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছিল যে বেংগালুৰু চেণ্ট্ৰেল লোকসভা আসনৰ অন্তৰ্গত মহাদেৱপুৰা বিধানসভা সমষ্টিত এক লাখৰো অধিক ভুৱা ভোট সংযোজন কৰা হৈছে, যাৰ বাবে বিজেপিয়ে আসনখন লাভ কৰে ।
আনহাতে, ভোটাৰ তালিকাৰ খেলিমেলি সন্দৰ্ভত জনসাধাৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে । "মোৰ কালিৰ সংবাদমেলৰ পিছত আমাৰ নথি-পত্ৰৰ ভিত্তিত ই চি আইক তেওঁলোকৰ ৱেবছাইটত কেইবাজনো লোকে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে । প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে ই চি আয়ে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু বিহাৰত থকা ৱেবছাইটসমূহ বন্ধ কৰি দিছে । তেওঁলোকে (ই চি আই) জানে যে যদি মানুহে এনে প্ৰশ্ন কৰি থাকে, তেন্তে তেওঁলোকৰ সমগ্ৰ ব্যৱস্থাটো ভাঙি যাব ।" ৰাহুল গান্ধীয়ে কয় ।
ইফালে তেওঁক অভিযোগ আৰু শপতনামা দাখিল কৰিবলৈ কোৱাৰ বাবে ই চি আইৰ ওপৰতো তীব্ৰ আক্ৰমণ কৰে । "নিৰ্বাচন আয়োগে মোৰ পৰা শপতনামা দাবী কৰি আহিছে । মই এজন সাংসদ আৰু সংবিধানৰ ওপৰত হাত দি লোকসভাৰ ভিতৰতে শপত গ্ৰহণ কৰিছোঁ ।" তেওঁ কয় ।
১০ বছৰৰ ভিতৰত অনুষ্ঠিত সকলো নিৰ্বাচনৰ ভোটগ্ৰহণৰ মেচিন ৰিডেবল ভোটাৰ তালিকা আৰু ভিডিঅ’ ফুটেজৰ দাবী পুনৰবাৰ উল্লেখ কৰি ৰাহুলে কয় যে যদি ই চি আয়ে তেওঁক তথ্য নিদিয়ে, তেন্তে বেংগালুৰু চেণ্ট্ৰেল লোকসভা আসনৰ ক্ষেত্ৰত কৰাৰ দৰে আন সমষ্টিতো ভোট চুৰিৰ প্ৰমাণ প্ৰকাশ কৰিব ।
"আমাৰ হাতত কেইবাটাও সমষ্টিৰ ভোটাৰ তালিকা (নথি) আছে । ই চি আয়ে যদি আমাক ইলেক্ট্ৰ'নিক ডাটা দিবলৈ অস্বীকাৰ কৰে, তেন্তে আমি মেনুৱেলী বিশ্লেষণ কৰি সেয়া উদঙাই দিম । সময় লাগিব পাৰে, কিন্তু বিৰোধী দলসমূহে নিশ্চিতভাৱে এদিন এই তথ্য ই চি আইত উপনীত কৰাব ।"
তেওঁ লগতে ই চি আইক প্ৰমাণ নষ্ট কৰাৰ বিৰুদ্ধেও সকীয়াই দিয়ে । "ভোটাৰ তালিকা আৰু ভিডিঅ’ ফুটেজ প্ৰমাণৰ দৰে । যদি আপোনালোকে সেয়া নষ্ট কৰে, ইয়াৰ অৰ্থ হ'ব আপোনালোকে অপৰাধ কৰিছে । ই আমাৰ সংবিধানৰ ওপৰত আক্ৰমণৰ দৰে অপৰাধ । যদি আপোনালোকে সংবিধানক আক্ৰমণ কৰে, তেন্তে আমি আপোনালোকক আক্ৰমণ কৰিম ।" ৰাহুল গান্ধীয়ে কয় ।

