ETV Bharat / bharat

QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং: ভাৰতীয় শিক্ষানুষ্ঠানৰ তালিকাৰ শীৰ্ষত আই আই টি দিল্লী

QS ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত অগ্ৰগতি আই আই টিৰ দৰে অগ্ৰণী শিক্ষানুষ্ঠানৰ ৷ ৮ খন নতুন প্ৰতিষ্ঠানৰ এই তালিকাত স্থান লাভ ৷

QS WORLD UNIVERSITY RANKINGS 2026
আই আই টি দিল্লীৰ ফাইল ফটো (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 1:54 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: দেশৰ অন্যতম শীৰ্ষ তথ্য-প্ৰযুক্তিৰ শিক্ষানুষ্ঠান আই আই টি দিল্লীৰ সফলতা ৷ কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত আই আই টি দিল্লীৰ স্থান উন্নীত । চলিত বৰ্ষত আই আই টি দিল্লীয়ে কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত দখল কৰিছে ১২৩ নং স্থান ৷ যোৱা বছৰ শিক্ষানুষ্ঠানখন আছিল ১৫০ নম্বৰ স্থানত ।

দেশৰ অন্যান্য বিশ্ববিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহেও এই তালিকাত স্থান লাভ কৰিছে । আই আই টি দিল্লীয়ে দুবছৰত ৭০ টাতকৈও অধিক স্থান অতিক্ৰম কৰি এই স্থান অৰ্জন কৰিছে ।

আই আই টি দিল্লীয়ে আমেৰিকাৰ জৰ্জিয়া ইনষ্টিটিউট অৱ টেকন’লজিৰ সৈতে যৌথভাৱে এই স্থান দখল কৰিছে ৷ অৱশ্যে বিগত বৰ্ষত ১১৮ নং স্থান দখল কৰা আই আই টি বোম্বে এইবৰ্ষত অৱনমিত হৈছে ১২৯ নং স্থানলৈ ৷

আনহাতে, এইবেলি এই ৰেংকিঙত ৮ খন নতুন প্ৰতিষ্ঠানে স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ভাৰতত সম্প্ৰতি ৫৪ খন এনেধৰণৰ প্ৰতিষ্ঠান আছে ৷ যাৰ ফলত ভাৰতে আমেৰিকা (১৯২ খন প্ৰতিষ্ঠান), ব্ৰিটেইন (৯০ খন প্ৰতিষ্ঠান) আৰু চীন (৭২ খন প্ৰতিষ্ঠান)ৰ পিছতে চতুৰ্থ সৰ্বাধিক স্থান দখলকাৰী দেশত পৰিগণিত হৈছে ।

দ্ৰুতগতিত হৈছে বিকাশ

এই সন্দৰ্ভত কিউ এছৰ(QS) ৰ অধ্যক্ষা জেচিকা টাৰ্ণাৰে কয়, ‘‘ভাৰতে বিশ্বব্যাপী উচ্চশিক্ষাৰ মানচিত্ৰত পুনৰ নিজৰ স্থান অংকিত কৰিছে ৷ আন যিকোনো দেশৰ তুলনাত আঠখন নতুন বিশ্ববিদ্যালয় এই ৰেংকিঙত অন্তৰ্ভুক্ত হোৱাটো বিকাশৰ এক উৎসাহজনক লক্ষণ । ইয়াৰ পৰা স্পষ্ট ইংগিত পোৱা যায় যে ব্যৱস্থাটো দ্ৰুতগতিত আৰু বৃহৎ পৰিসৰত বিকশিত হৈছে ।’’

কিহৰ ভিত্তিত কৰা হয় মূল্যায়ন

তেওঁ লগতে কয়, ‘‘আমি স্পষ্টভাৱে অগ্ৰগতি দেখিবলৈ পাইছো । ভাৰতীয় বিশ্ববিদ্যালয়সমূহে নিজৰ বিশ্বব্যাপী গৱেষণাৰ পদাংক শক্তিশালী কৰি তুলিছে আৰু অধ্যাপকৰ অনুমতি, বহনক্ষমতা আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা নেটৱৰ্ক আদিৰ দৰে ক্ষেত্ৰত আগবাঢ়ি আছে ।

লণ্ডনস্থিত বিশ্বব্যাপী উচ্চ শিক্ষা বিশ্লেষণ প্ৰতিষ্ঠান কোৱাৰেলি চাইমণ্ডছে বছৰি প্ৰকাশ কৰা কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙে বিশ্ববিদ্যালয়সমূহক শৈক্ষিক সুনাম, অধ্যাপক-ছাত্ৰৰ অনুপাত, গৱেষণাৰ প্ৰভাৱ, আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ বৈচিত্ৰ্য আৰু স্নাতক নিয়োগ যোগ্যতাকে ধৰি বিভিন্ন কৰ্মক্ষমতাৰ সূচকৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয়সমূহৰ মূল্যায়ন কৰে ।

লগতে পঢ়ক: এ কে-৪৭ ৰ কাৰ্টিজৰ সৈতে গ্ৰেপ্তাৰ সেনা জোৱান