৬ দশক ধৰি আকাশত গৰ্জন কৰি উৰি ফুৰাৰ পাছত এতিয়া জিৰণি ল’ব যুদ্ধ বিমান মিগ-২১ এ
সমাপ্ত হ'ব এক ঐতিহাসিক অধ্যায়ৰ । ১৯৭১ ৰ যুদ্ধত মিগ-২১ বিমানৰে ঢাকাৰ ৰাজ্যপাল আবাসত আক্ৰমণ কৰিছিল ।

Published : September 20, 2025 at 5:02 PM IST
নতুন দিল্লী: মিগ-২১ ৰ অৱসৰৰ সৈতে অন্ত পৰিব ভাৰতীয় বায়ুসেনা সৈন্য বিমানৰ এক ঐতিহাসিক অধ্যায়ৰ । এই বিমানে এৰি থৈ গৈছে এনে এক সেৱাৰ অধ্যায়, যিয়ে ভাৰতৰ যুঁজাৰু বিমানৰ নতুন দিশ গঢ়িছিল ।
ভাৰতীয় বায়ুসেনাৰ মিগ-২১ ৰ স্থানত যুঁজাৰু বিমান তেজস (এলএচি) মাৰ্ক 1A ক চামিল কৰা হ'ব পাৰে । ভাৰতীয় বায়ুসেনাৰ ৰাজহাড় বুলি কোৱা মিগ-২১ ৰ প্ৰায় ৬০ বছৰৰ সেৱা ভাৰতীয় বায়ুসেনাাৰ শক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছিল । বায়ুসেনাই ২৬ ছেপ্টেম্বৰত যুঁজাৰু বিমান মিগ-২১ ক শ্ৰদ্ধাসহকাৰে আঁতৰাবলৈ প্ৰস্তুতি চলাইছে । ভাৰতীয় বায়ুসেনাই যুঁজাৰু বিমান মিগ-২১ য়ে ৬ টা দশকৰ অভূতপূৰ্ব সেৱাৰ উৎসৱ উদযাপন কৰি শ্ৰদ্ধাঞ্জলি অৰ্পন কৰা হ'ব ।
For 62 years, the MiG-21 ruled India’s skies | Swift, Fearless, Unforgettable
— Ministry of Defence, Government of India (@SpokespersonMoD) September 20, 2025
This Sunday, listen to Air Cmde S.S. Tyagi (Retd), the man with 4,000+ hours in the cockpit, and soar through stories of daring operations, breathtaking manoeuvres, moments of glory, triumphs, and… pic.twitter.com/RfVGZZcDgH
এক্সযোগে এটা প'ষ্টত ভাৰতীয় বায়ুসেনাই বিমানখনৰ কথা উল্লেখ কৰি কয় যে, এয়া এনে এক যুঁজাৰু ঘোঁৰা যি দেশৰ গৌৰৱ আকাশলৈ লৈ গৈছিল । এটা বিশেষ ভিডিঅ'ত মিগ-২১ ৰ ইতিহাস দাঙি ধৰা হৈছে । ১৯৬৩ চনত চামিল হোৱা মিগ-২১ য়ে প্ৰায় ৬ দশক ধৰি সেৱা আবঢ়ালে । চণ্ডীগড়ত ইয়াৰ প্ৰথম স্কুৱাড্ৰন স্থাপিত কৰা হৈছিল, ২৮ স্কোৱাড্ৰনক ভাৰতৰ প্ৰথম ছুপাৰছনিক যুঁজাৰু বিমানৰূপে 'ফাৰ্ষ্ট ছুপাৰছনিক্স' হিচাপে উপনাম দিয়া হৈছিল ।
Mig-21- Six decades of service, countless tales of courage, a warhorse that carried pride of a nation into the skies.@DefenceMinIndia@SpokespersonMoD@HQ_IDS_India@adgpi@indiannavy@IndiannavyMedia@CareerinIAF pic.twitter.com/lXv8YlO7PB
— Indian Air Force (@IAF_MCC) September 20, 2025
মিগ-২১ বিমানে বহু অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । ইয়াৰ ভিতৰত ১৯৭১ ত পাকিস্তানৰ সৈতে হোৱা যুদ্ধতো জড়িত আছিল, য'ত ই নিজৰ যুদ্ধৰ ক্ষমতা প্ৰমাণ কৰিছিল, যাৰ বাবে বহুতে প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা এক লাভজনক বিমান বুলি মানি আহিছে ।

