ETV Bharat / bharat

ৰাজ্যবাসীৰ ওচৰত দুখ প্ৰকাশ কৰি ২০২৫ চনত শান্তি স্থাপনৰ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰীৰ

"বহু লোকে প্ৰিয়জনক হেৰুৱাইছে । বহু লোকে নিজৰ ঘৰ এৰিছে । মই সঁচাকৈয়ে অনুশোচনাত দগ্ধ । মই ক্ষমা বিচাৰিব বিচাৰোঁ ।" মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে কয় ।

CM Biren Singh on Manipur violence
মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেণ সিং (X@NBirenSingh)
author img

By ANI

Published : December 31, 2024 at 7:48 PM IST

3 Min Read
Choose ETV Bharat

ইম্ফল : ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিছে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে । ২ শতাধিক লোকৰ মৃত্যু হোৱা আৰু বহু লোক গৃহহীন হোৱাৰ ঘটনাত দুখ প্ৰকাশ কৰি বীৰেণ সিঙে মঙলবাৰে জনসাধাৰণক 'অতীতক পাহৰি যাবলৈ' আৰু শান্তিপূৰ্ণ আৰু সমৃদ্ধ মণিপুৰৰ বাবে নতুন জীৱন আৰম্ভ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য যে মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক অনুসূচিত জনজাতিৰ তালিকাত মেইটেই সম্প্ৰদায়ৰ অন্তৰ্ভুক্তিৰ বিষয়ে বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে (এ টি এছ ইউ এম) 2023 চনৰ 3 মে' তাৰিখে উলিওৱা এক সমদলৰ পিছতে মণিপুৰত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটে ।

সংকটৰ কথা উল্লেখ কৰি মণিপুৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "এই সমগ্ৰ বছৰটো অতি দুৰ্ভাগ্যজনক । মই দুখ অনুভৱ কৰিছোঁ আৰু বিগত ৩ মে'ৰ পৰা আজিলৈকে যি ঘটিছে তাৰ বাবে মই ৰাজ্যখনৰ জনসাধাৰণক দুখিত বুলি ক'ব বিচাৰোঁ ।"

"বহু লোকে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে । বহু লোকে তেওঁলোকৰ ঘৰ এৰিছে । মই সঁচাকৈয়ে অনুশোচনা অনুভৱ কৰোঁ । মই ক্ষমা বিচাৰিব বিচাৰোঁ ।" তেওঁ লগতে কয় । বীৰেণ সিঙে লগতে ৰাজ্যখনৰ বিভিন্ন সম্প্ৰদায়ক 'অতীতৰ ভুলবোৰ পাহৰি নতুন জীৱন আৰম্ভ কৰিবলৈ'ও আহ্বান জনায় ।

"বৰ্তমান বিগত ৩-৪ মাহত শান্তিৰ দিশত অগ্ৰগতি প্ৰত্যক্ষ কৰি মই আশাকৰোঁ যে ২০২৫ চনৰ নৱবৰ্ষৰ সৈতে ৰাজ্যখনত স্বাভাৱিক অৱস্থা আৰু শান্তি পুনৰ পুনৰ প্ৰতিষ্ঠা হ'ব । মই ৰাজ্যখনৰ সকলো সম্প্ৰদায়ক অনুৰোধ কৰিব বিচাৰোঁ যে যি ঘটিল সেয়া ঘটি গ'ল । আমি এতিয়া অতীতৰ ভুলবোৰ পাহৰিব লাগিব আৰু এটা নতুন জীৱন আৰম্ভ কৰিব লাগিব । এখন শান্তিপূৰ্ণ মণিপুৰ, এখন সমৃদ্ধ মণিপুৰত আমি সকলোৱে একেলগে থাকিব লাগিব ।" তেওঁ কয় ।

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আজিলৈকে ৰাজ্যখনত প্ৰায় ২০০ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১২,২৪৭ খন এজাহাৰ পঞ্জীয়ন কৰা হৈছে । এক সংবাদমেল সম্বোধন কৰি বীৰেণ সিঙে উল্লেখ কৰে যে ৬২৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু প্ৰায় ৫,৬০০ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে । তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে গৃহহাৰা লোকসকলৰ বাবে নতুন ঘৰ নিৰ্মাণ কৰিবলৈ পুঁজি যোগান ধৰিছে ।

লগতে পঢ়ক :উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰত-ম্যানমাৰ সীমান্তৰ জনগাঁথনিগত তথ্য নিশ্চিত কৰাটো বিচাৰিছে গৃহ মন্ত্ৰণালয়ে - DEMOGRAPHIC DATA OF NE STATES
লগতে পঢ়ক :দেশৰ শীৰ্ষ ১০ ধনী মুখ্যমন্ত্ৰীৰ তালিকাত অসমৰ মুখ্যমন্ত্ৰী; কিমান সম্পত্তি আছে হিমন্ত বিশ্ব শৰ্মাৰ ? - ADR RICHEST CMS LIST