মই আপোনালোকৰ লগত আছো: মণিপুৰৰ হিংসাত আক্ৰান্ত হোৱাসকলক লগ ধৰি ক'লে প্ৰধানমন্ত্ৰীয়ে
চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন ৷

Published : September 13, 2025 at 3:00 PM IST
ইম্ফল: ২০২৩ চনৰ মে’ মাহত জাতিগত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰথমবাৰলৈ মণিপুৰলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ৷ দুপৰীয়াৰ ভাগত ইম্ফলত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ধাৰাসাৰ বৰষুণৰ বাবে পথেৰে পোনে পোনে কুকি অধ্যুষিত চুৰাচান্দপুৰলৈ যায় ৷
প্ৰধানমন্ত্ৰীয়ে চুৰাচান্দপুৰত মণিপুৰৰ জাতিগত হিংসাৰ বাবে স্থানচ্যুত হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে বুলি বিষয়াসকলে জনায় ৷ তাৰ পিছত তেওঁ মণিপুৰ নগৰীয়া পথ, নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্পকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷ এই উন্নয়নমূলক প্ৰকল্প সমূহৰ ভিতৰত ৩,৬০০ কোটি টকাৰো অধিক মূল্যৰ মণিপুৰ নগৰীয়া পথ, নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্প; ২৫০০ কোটি টকাৰো অধিক মূল্যৰ পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প; ৫৫০ কোটি টকাৰ মণিপুৰ ইনফ’টেক ডেভেলপমেণ্ট (MIND) প্ৰকল্প আৰু ৯টা স্থানত কৰ্মৰত মহিলাৰ হোষ্টেল অন্যতম ।
প্ৰকল্পসমূহ উন্মোচন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি উন্মোচন কৰা প্ৰকল্পসমূহে আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত মণিপুৰবাসীৰ জীৱন উন্নত কৰিব ৷
ইফালে জনগোষ্ঠীয় সংঘাতৰ সন্দৰ্ভত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "এই ভূমি এসময়ত আশা আৰু সপোনৰ ভঁৰাল আছিল, কিন্তু এতিয়া ই হিংসাৰ কবলত পৰিছে ৷ যিকোনো ঠাইতে উন্নয়নৰ বাবে সত্য আৰু ন্যায়ৰ লগতে শান্তি অতি প্ৰয়োজনীয় ৷ কেন্দ্ৰৰ লগতে মইয়ো মণিপুৰৰ সৈতে সংহতিৰে থিয় দিছো ৷ মণিপুৰ সংঘাতৰ ফলত স্থানচ্যুত হোৱা লোকসকলৰ বাবে প্ৰায় ৭০০০ নতুন ঘৰ নিৰ্মাণ কৰা হৈছে ৷"
প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজধানী ইম্ফল আৰু চুৰাচান্দপুৰ জিলাত নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে ৷ প্ৰধানমন্ত্ৰীৰ সমাৱেশৰ স্থান ইম্ফলৰ প্ৰায় ২৩৭ একৰ আগুৰি থকা কাংলা দুৰ্গ আৰু চুৰাচান্দপুৰৰ শান্তি খেলপথাৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত ৰাজ্য আৰু কেন্দ্ৰ উভয় বাহিনীৰে বৃহৎ সংখ্যক জোৱান মোতায়েন কৰা হৈছে ।
ইম্ফলত প্ৰধানমন্ত্ৰীগৰাকীয়ে পাছত পুনৰ ১২০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ আজি আৰম্ভ হ’বলগীয়া প্ৰধান প্ৰকল্পসমূহৰ ভিতৰত আছে ইম্ফলৰ মন্ত্ৰীপুখৰীত ১০১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নতুন মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয় আৰু একে অঞ্চলতে ৫৩৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা অসামৰিক সচিবালয় ৷
কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত জাতিগত সংঘৰ্ষৰ পিছত মণিপুৰ ভ্ৰমণ নকৰাৰ বাবে বিৰোধী দলসমূহৰ অহৰহ সমালোচনাৰ মাজতে আজি প্ৰধানমন্ত্ৰী মোদী মণিপুৰত উপস্থিত হয় ৷ ২০২৩ চনৰ মে’ মাহৰ পৰা মণিপুৰত জাতিগত হিংসাৰ ফলত ২৬০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হয় ৷
কংগ্ৰেছৰ সাংসদ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীয়ে ‘তাত (মণিপুৰত) যি ঘটি আছে সেয়া ইমান দিনে চলি থাকিবলৈ দিলে আৰু ইমানবোৰ মানুহক হত্যা কৰিবলৈ দিলে’, আৰু কয় যে সেই ৰাজ্যত ব্যাপক হিংসাৰ দুবছৰৰ পাছত প্ৰধানমন্ত্ৰীয়ে সেই স্থান ভ্ৰমণ কৰাৰ সিদ্ধান্ত লোৱাত তেওঁ ‘আনন্দিত’ ৷
সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "মই আনন্দিত যে তেওঁ দুবছৰৰ পাছত সিদ্ধান্ত লৈছে যে এই ঠাইখন তেওঁৰ ভ্ৰমণৰ যোগ্য ৷ তেওঁ বহু আগতেই তালৈ যোৱা উচিত আছিল ৷ ই অতি দুৰ্ভাগ্যজনক যে তেওঁ তাত যি ঘটি আছে সেয়া ইমান দিনে হ'বলৈ দিছে আৰু ইমানবোৰ লোকক হত্যা কৰিবলৈ দিছে, ইমানবোৰ লোকক ইমান কষ্টৰ মাজত থাকিবলৈ দিলে, ইয়াৰ পাছত তেওঁ তালৈ যোৱাৰ সিদ্ধান্ত ল’লে ৷"
লগতে পঢ়ক : দেশৰ ৰে‘ল মানচিত্ৰত সংযোজিত হ’ল আইজল: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে বৈৰৱী-চাইৰাং ৰে’লপথ

