ETV Bharat / bharat

গুজৰাটত ৰান্ধো আৰু মহাৰাষ্ট্ৰত খাওঁ: এগৰাকী মহিলা আৰু দুখন ৰাজ্যৰ কাহিনী - TALE OF ONE WOMAN AND TWO STATES

মাগানিবেনৰ কাহিনীটো কেৱল ভূগোলৰ এটা অংশ মাজতেই সীমাবদ্ধ নহয়, বৰঞ্চ মানচিত্ৰত ৰেখাৰে বান্ধিব নোৱৰা সংযোগৰ কাহিনী ।

Tale Of One Woman and Two States
এগৰাকী মহিলা আৰু দুখন ৰাজ্যৰ কাহিনী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2025 at 12:21 PM IST

3 Min Read

আহমেদাবাদ (গুজৰাট) : এগৰাকী জনজাতীয় মহিলা যিয়ে প্ৰায় দুটা দশক ধৰি দুখন ৰাজ্যৰ সীমান্তৰ এটা ঘৰত অকলে বসবাস কৰি আহিছে ৷ গুজৰাটৰ টাপি জিলাৰ এটা ঘৰত এইগৰাকী মহিলা অকলে থাকে । এই মহিলাগৰাকীয়ে গুজৰাটত খাদ্য ৰান্ধি কেইখোজমান খোজকাঢ়ি গৈ মহাৰাষ্ট্ৰত খায় । এই কথা জানি আপুনি হয়তো আচৰিত হ’ব, কিন্তু এইটো একেবাৰে সঁচা । সোংগাধ তালুকৰ গেশ্বৰ গাঁও আৰু মহাৰাষ্ট্ৰ ৰাজ্যৰ খোকাৰৱালা গাঁৱৰ সীমান্তত আছে এই অনন্য ঘৰটো ।

মাগানিবেন গামিত নামৰ ৭০ বছৰীয়া মহিলাগৰাকীয়ে প্ৰায় দুটা দশক ধৰি অকলে এই ঘৰটোত বসবাস কৰি আহিছে । জনজাতীয় সমাজৰ পৰা অহা মাগানিবেনে স্বামীৰ মৃত্যুৰ পিছৰে পৰা এই ঘৰতে একাকী জীৱন কটাবলগীয়া হৈছে । তেওঁৰ ঘৰটো চৰণীয়া পথাৰত অৱস্থিত ।

Tale Of One Woman and Two States
মাগানিবেন গামিত (ETV Bharat)

মাগানিবেনক তেওঁৰ দৈনন্দিন কাম-কাজৰ কথা সোধাত তেওঁ ধেমালিতে কয়, “মই গুজৰাটত ৰান্ধো আৰু মহাৰাষ্ট্ৰত খাওঁ ।” নিজৰ স্থানীয় জনজাতীয় উপভাষাত কথা কওঁতে তেওঁ ক্ষন্তেকতে স্পষ্ট কৰি দিয়ে, “মই গুজৰাটত ভোট দিওঁ ।” গুজৰাটৰ সোংগাধ তালুকাৰ গেশ্বৰ গাঁৱত তেওঁৰ পাকঘৰটো থকাৰ বিপৰীতে তেওঁৰ মূল দুৱাৰখন মহাৰাষ্ট্ৰৰ নন্দুৰবাৰ জিলাৰ খোকাৰৱালা গাঁৱত খোল খায় ।

ঘৰটো চৰণীয়া পথাৰত আছে, যাৰ বাবে ইয়াক স্থায়ীকৈ নিৰ্মাণ কৰাটো আইনগতভাৱে অসম্ভৱ হৈ পৰিছে । কিন্তু গাঁৱৰ ৰাইজে তেওঁক সহায় কৰিব বুলি আশ্বাস দিছে আৰু অন্ততঃ বিদ্যুতৰ সংযোগ লাভৰ ক্ষেত্ৰত যাতে কোনো সমস্যাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে । অৱশ্যে তেওঁ ঘৰখনৰ বিশেষ সলনি কৰিবলৈ বৰ বেছি আগ্ৰহী নহয় ।

Tale Of One Woman and Two States
এগৰাকী মহিলা আৰু দুখন ৰাজ্যৰ কাহিনী (ETV Bharat)

যিহেতু নিশা হৈ অহাৰ লগে লগে কোঠাবোৰ আন্ধাৰ হৈ পৰে, সেয়েহে মাগানিবেন মহাৰাষ্ট্ৰৰ ফালে পোহৰাই থকা অংশত খাদ্য গ্ৰহণ কৰাটো পছন্দ কৰে । তেওঁ কয় যে ৰেচনৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী কল্যাণমূলক আঁচনি গুজৰাটৰ পৰা লাভ কৰে আৰু তেওঁ গুজৰাটত ভোটধিকাৰ সাব্যস্ত কৰে ।

মাগানিবেন গৌৰৱেৰে কয়, ‘মই গুজৰাটত ভোট দি আহিছো । আনকি তেওঁ গুজৰাটত ঘৰ কৰো দিয়ে আৰু ভনীয়েকে কাগজ-পত্ৰৰ কামত সহায় কৰে । যদিও তেওঁৰ ঘৰ দুখন ৰাজ্যত বিভক্ত, তথাপিও গুজৰাটৰ সৈতে তেওঁৰ স্পষ্টভাৱে সংলগ্ন । গেশ্বৰৰ গাঁওবাসীয়ে তেওঁক সদায় নিজৰ বুলি গণ্য কৰি পৰিয়ালৰ দৰে ব্যৱহাৰ কৰি আহিছে ।

বহু সময়ত দুয়োখন ৰাজ্যৰ মাজৰ ব্যৱধান চাবলৈ কৌতুহলী মানুহে মাগানিবেনৰ ঘৰলৈ যায় । কিন্তু মাগানিবেন অবিচলিত । তেওঁ অনুভৱ কৰে যে মানুহে কোনো পাৰ্থক্য দেখা নাপালে । তেওঁৰ কাহিনীটো কেৱল ভূগোলৰ এটা অংশ মাজতেই সীমাবদ্ধ নহয় বৰঞ্চ মানচিত্ৰত ৰেখাৰে বান্ধিব নোৱৰা সংযোগৰ কাহিনী ।

"মই অকলে বাস কৰো কিন্তু যোৱা ২০ বছৰ ধৰি মোৰ ওচৰ-চুবুৰীয়া দুখন ৰাজ্যৰ মানুহ । মই ইয়াক এক বিশেষ সুবিধা হিচাপে লওঁ ।"- মাগানিবেনে গৌৰৱেৰে কয় ।

লগতে পঢ়ক : সমুদ্ৰৰ গৰ্জনকো নেওচি পালতৰা 'তাৰিণী'ৰ বুকুত উঠি তিনি মহাসাগৰ পৰিক্ৰমা কৰি আহিল ৰূপা-দিলনাই

জনজাতীয় লোকৰ ভূমি ক্ৰয় কৰিব বিচাৰিছে ! যদিহে আপুনি অজনজাতীয় লোক তেনেহ’লে সেই আশা বাদ দিয়ক

ডেষ্টিনেশ্যন ৱেডিং ! শিৱ-পাৰ্বতীয়ে বিয়া পতা মন্দিৰটোতো পাতিব পাৰে বিয়াখন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.