ETV Bharat / bharat

মানৱ সৰবৰাহ গোচৰ: অসমকে ধৰি ৬ খন ৰাজ্যৰ ২২ টা স্থানত এনআইএৰ অভিযান

বিদেশত নিযুক্তিৰ নামক প্ৰৱঞ্চনা । ভুৱা কল চেণ্টাৰত বন্দী ভাৰতৰ যুৱক-যুৱতী । উক্ত গোচৰত এনআইএয়ে ভাৰতৰ ২২ টা স্থানত অভিযান চলাইছে ।

Human trafficking case
মানৱ সৰবৰাহ গোচৰ : ৬ ৰাজ্যৰ ২২ টা স্থানত এনআইএৰ অভিযান (IANS)
author img

By ETV Bharat Assamese Team

Published : November 28, 2024 at 2:07 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : মানৱ সৰবাৰহ গোচৰ সন্দৰ্ভত এনআইএয়ে দেশৰ ৬ খন ৰাজ্যৰ ২২ টা স্থানত অভিযান অব্যাহত ৰাখিছে । এই মানৱ সৰবৰাহত বিদেশী চক্ৰ জড়িত থকাৰ সন্দেহত এনআইএয়ে এই গুৰুত্বপূৰ্ণ অভিযানটো চলাইছে । প্ৰাপ্ত খবৰ অনুসৰি, এই অভিযান ৬ খন ৰাজ্যত চলি আছে আৰু মানৱ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ বহুতো দেশৰ সৈতে আছে । ২০২৪ চনত এই সন্দৰ্ভত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএয়ে এটা গোচৰ ৰুজু কৰিছিল ।

এনআইএয়ে চাইবাৰ জালিয়াতিৰ গোচৰত এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে । চাইবাৰ জালিয়াতিৰ জৰিয়তে, বিহাৰৰ গোপালগঞ্জৰ যুৱকসকলক বিদেশত চাকৰি দিয়াৰ নামত প্ৰলোভিত কৰা হৈছিল, তাৰ পিছত যেতিয়া তেওঁলোক বিদেশলৈ গৈছিল, তেওঁলোকক এটা ভুৱা কল চেণ্টাৰত বন্দী কৰি ৰখা হৈছিল আৰু চাইবাৰ জালিয়াতিৰ কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল । একে সময়তে, এই চক্ৰটো ম্যানমাৰ লাওছৰ সৈতেও সম্পৰ্কিত বুলি সন্দেহ কৰা হৈছে ।

সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰৰ সন্দেহ

ইয়াৰ পূৰ্বে, ৫ অক্টোবৰত এনআইএয়ে সন্ত্ৰাসবাদী ষড়যন্ত্ৰ আৰু সন্ত্ৰাসবাদৰ পুঁজি যোগানৰ সন্দেহত একেলগে ৫ খন ৰাজ্যৰ ২২ টা স্থানত তালাচী চলাইছিল । মহাৰাষ্ট্ৰ, জম্মু আৰু কাশ্মীৰ, উত্তৰ প্ৰদেশ, অসম আৰু দিল্লীত তালাচী চলোৱা হৈছিল । সন্ত্ৰাসবাদী সংগঠন জইশ-ই-মহম্মদৰ সৈতে সম্পৰ্কিত গোচৰ সন্দৰ্ভত এই অভিযান চলোৱা হৈছিল । এনআইএয়ে বাৰামুলা আৰু জম্মু-কাশ্মীৰৰ অন্যান্য অঞ্চলতো অভিযান চলাইছিল । বাৰামুলাত ধৰ্মগুৰু ইকবাল ভাটৰ ঘৰত নিৰাপত্তা বাহিনীৰ সহায়ত এনআইএয়ে সেই সময়ত তালাচী চলাইছিল ।

১ অক্টোবৰত পশ্চিমবংগৰ কেইবাখনো জিলাত অভিযান চলোৱা হৈছিল । এনআইএৰ দলে দক্ষিণ ২৪ পৰগণা, আছানচোল, হাওৰা, নাদিয়া আৰু কলকাতাৰ ১১ টা স্থানত তালাচী চলাইছিল ।

লগতে পঢ়ক :দিল্লীত কোনে কৰিলে ইডিৰ বিষয়াক আক্ৰমণ ?