সামাজিক মাধ্যমত ভাইৰেল এখন চেকে সকলোকে কৰিলে আচৰিত
বেংকৰ চেকখনত কেইবাটাও বানান ভুল আছিল আৰু চেকখনত বিদ্যালয়ৰ অধ্যক্ষৰ চহী আৰু ছীল আছিল । ইয়াৰ পাছতেই শিক্ষা বিভাগে মধ্যাহ্ন ভোজন ইনচাৰ্জক নিলম্বন কৰে ।

Published : October 4, 2025 at 10:11 PM IST
ছিৰমৌৰ (হিমাচল প্ৰদেশ): হিমাচল প্ৰদেশত এইকেইদিনত বেংকৰ এখন চেক ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈছে, য’ত ইংৰাজী বানান ইমানেই ভুল আছে যে মানুহে চাই চাই হাঁহি হাঁহি ৰখাব নোৱৰা অৱস্থা হৈছে । চেকখনত উল্লেখ কৰা বেংকৰ শাখাৰ পৰা জানিব পৰা গৈছে যে বেংকটো হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাৰ । এই চেকখনত ছিৰমৌৰৰ ৰনহাটৰ এখন বিদ্যালয়ৰ অধ্যক্ষৰ চহী আৰু ছীলো আছে । যাৰ কাৰণে ৰাইজে অধ্যক্ষৰ জ্ঞান আৰু হিমাচল প্ৰদেশৰ শিক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ঘটনাটো পোহৰলৈ অহাত শিক্ষা বিভাগে তদন্ত কৰে আৰু ইয়াৰ আঁৰৰ ৰহস্য উদ্ঘাটন কৰে । খোদ অধ্যক্ষই এই বিষয়ত নিজৰ পক্ষ উপস্থাপন কৰিছে ।
বিদ্যালয় পৰিচালনাৰ প্ৰতিবেদন শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ
ইটিভি ভাৰতে যেতিয়া সমগ্ৰ বিষয়টোৰ তদন্ত কৰিছিল তেতিয়া পোহৰলৈ আহিছিল যে ভুলেৰে ভৰা এই চেকখন বিদ্যালয়খনে প্ৰচাৰ কৰা নাছিল বৰঞ্চ বেংকৰ এজন কৰ্মচাৰীয়েহে প্ৰচাৰ কৰিছিল । লগতে এই চেকখন বিদ্যালয়ৰ অধ্যক্ষই পূৰণ কৰা নাছিল বৰঞ্চ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা লোকে পূৰণ কৰিছিল । সেয়েহে বিদ্যালয় পৰিচালনা সমিতিয়ে সেই বেংক কৰ্মচাৰীৰ বিৰুদ্ধে বেংক পৰিচালনা সমিতিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এখন পত্ৰ লিখা হৈছে । লগতে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিবেদন জিলা শিক্ষা বিভাগে শিক্ষা সঞ্চালকালয়লৈও প্ৰেৰণ কৰিছে । এই বিষয়ত পৰৱৰ্তী পদক্ষেপ সঞ্চালক পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব ।
উচ্চ শিক্ষাৰ উপ-সঞ্চালকে কি ক’লে ?
ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত জিলা ছিৰমৌৰ উচ্চ শিক্ষাৰ উপ-সঞ্চালক হিমেন্দ্ৰ সিং বালীয়ে কয় যে ৰনহাট স্কুলৰ চেক ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ ঘটনাত বিভাগটোৱে ততাতৈয়াকৈ বিদ্যালয় পৰিচালনা সমিতিৰ পৰা প্ৰতিবেদন বিচাৰিছিল আৰু সেই প্ৰতিবেদন বিভাগটোৱে লাভ কৰিছে । প্ৰতিবেদন অনুসৰি এই চেকখন জাৰি কৰা দিনটোত এছ অ এছ. পৰীক্ষা আছিল । লগতে অধ্যক্ষজন যথেষ্ট ব্যস্ত আছিল । বহু নথি-পত্ৰত স্বাক্ষৰ কৰিব লাগিছিল । গতিকে অধ্যক্ষই খৰখেদাকৈ পৰীক্ষণ কৰিলে আৰু চেকত উল্লেখ কৰা ধনৰ পৰিমাণ চাইহে চহী কৰিলে ।
ছিৰমৌৰৰ উচ্চ শিক্ষাৰ উপ-সঞ্চালক হিমেন্দ্ৰ সিং বালীয়ে কয়, "এই চেকখন বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা ব্যক্তিজনে পূৰণ কৰিছিল আৰু তেওঁ লিখিতভাৱে নিজৰ ভুল স্বীকাৰ কৰিছে । এই চেকখন বেংকৰ এজন কৰ্মচাৰীয়ে ছ'চিয়েল মিডিয়াত ভাইৰেল কৰা বুলি তদন্তত প্ৰকাশ পাইছে, যাৰ বাবে অধ্যক্ষই লিখিতভাৱে বেংকৰ পৰিচালকৰ ওচৰত অভিযোগ দাখিল কৰিছে আৰু আৰ বি আইৰ নিয়ম অনুসৰি সংশ্লিষ্টৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কৈছে ।" শিক্ষা বিভাগৰ উপ-সঞ্চালকগৰাকীয়ে কয় যে এই সমগ্ৰ গোচৰৰ প্ৰতিবেদন সঞ্চালকলৈ প্ৰেৰণ কৰা হৈছে আৰু এতিয়া এই বিষয়ত পৰৱৰ্তী ব্যৱস্থা সঞ্চালক পৰ্যায়ত গ্ৰহণ কৰা হ’ব ।
কি ক’লে অধ্যক্ষই ?
বিদ্যালয়ৰ অধ্যক্ষ কুলদীপ সিঙে কয়, "এই চেকখন মধ্যাহ্ন ভোজন ইনচাৰ্জৰ নামত জাৰি কৰা হৈছিল, যিজনে নিজেই এই চেকখন পূৰ কৰিছিল, কিন্তু যেতিয়া এই চেকখন তেওঁৰ ওচৰলৈ চহী কৰিবলৈ অনা হৈছিল, তেতিয়াৰ ব্যস্ততাৰ বাবে, তেওঁ কেৱল সংখ্যাত লিখা ধনখিনিহে পৰীক্ষা কৰে, বানানত গুৰুত্ব নিদিলে । ইয়াৰ পিছত বেংকে লগে লগে চেকখন ঘূৰাই দিলে আৰু তাৰ পিছত দ্বিতীয়খন চেক জমা কৰা হ'ল । গোচৰটো শিক্ষাৰ উপ-সঞ্চালকলৈ প্ৰেৰণ কৰা হৈছে ।"
আচল কথাটো কি ?
দৰাচলতে চৰকাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ৰনহাটৰ মেনেজমেণ্টে জাৰি কৰা বেংক চেক এখনৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল । এই চেকখন যোৱা ২৫ ছেপ্টেম্বৰত মধ্যাহ্ন ভোজনৰ দায়িত্বত থকা অত্তৰ সিঙৰ নামত জাৰি কৰা হৈছিল । কিন্তু এই চেকখনত উল্লেখ কৰা ধনৰাশিৰ বাবে নহয়, বৰঞ্চ চেকখনত বানান ভুল হোৱাৰ বাবেহে চৰ্চিত হৈছে । এই ভুলবোৰ ইমানেই চাঞ্চল্যকৰ যে এই চেকখন দেখি সকলোৱে আচৰিত হয় । এই চেকখনত বিদ্যালয়ৰ অধ্যক্ষৰ চহী আৰু ছীল থকাৰ বাবে বিশেষকৈ চৰ্চিত হৈছিল ।
অত্তাৰ সিঙৰ নামত মুঠ ৭৬১৬ টকাৰ চেক জাৰি কৰা হৈছিল । চেকত থকা নম্বৰটো শুদ্ধকৈ লিখা আছিল যদিও ইংৰাজী শব্দবোৰত বহুত ভুল হৈছিল । ৭৬১৬ টো ইংৰাজীত Seven Thousand Six Hundred and Sixteen লিখাৰ সলনি Saven Thursday Six Harendra Sixty লিখা হয় । Seven ৰ পৰা Hundred লৈকে বানান ভুল আছিল । ইফালে Sixteen ৰ ঠাইত Sixty বুলি লিখা হৈছিল । যিটো হিন্দীত হ’ব ‘সাত বৃহস্পতিবাৰ ছয় হৰেন্দ্ৰ ষাঠি’ । এই কাৰণেই এই চেকখন ছ'চিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈ পৰিছিল ।
বিদ্যালয়ৰ পৰিচালনা সমিতিৰ ওপৰত প্ৰশ্ন উত্থাপন
ছ’চিয়েল মিডিয়াত এই চেক ভাইৰেল হোৱাৰ পিছতে বিদ্যালয়খনৰ লগতে অধ্যক্ষ আৰু হিমাচলৰ শিক্ষাৰ মানদণ্ডক লৈ প্ৰশ্ন উত্থাপন কৰে ব্যৱহাৰকাৰীসকলে । একাংশ লোকে কৈছিল যে ইমান ডাঙৰ ভুল অধ্যক্ষই কৰিব নোৱাৰে, কিন্তু চেকত চহী কৰি ষ্টাম্প লগাওঁতে চেকখন চাব নোৱাৰাটোও অধ্যক্ষৰ ভুল । কিন্তু গোটেই বিষয়টো তদন্ত কৰাৰ পিছত এই চেকখন অধ্যক্ষই নহয়, মধ্যাহ্ন ভোজনৰ দায়িত্বত থকাজনেহে পূৰণ কৰা বুলি কোৱা হৈছে ।
মধ্যাহ্ন ভোজন ইনচাৰ্জ অত্তৰ সিঙক নিলম্বন
ইফালে শনিবাৰে (৪ অক্টোবৰ) সন্ধিয়া শিক্ষা বিভাগে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজন ইনচাৰ্জ/ড্ৰয়িং মাষ্টৰ অত্তৰ সিঙক নিলম্বন কৰে । ছিৰমৌৰ জিলাৰ প্ৰাথমিক শিক্ষা বিভাগৰ উপ-সঞ্চালকে অত্তৰ সিঙক নিলম্বন কৰিবলৈ লিখিত নিৰ্দেশ জাৰি কৰিছে । যিহেতু বিষয়টোৱে দেশজুৰি শিৰোনাম দখল কৰাৰ লগতে শিক্ষা বিভাগ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে, সেয়েহে সঞ্চালকালয় পৰ্যায়ত বিষয়টো গুৰুত্বসহকাৰে লোৱা হৈছে বুলি ধাৰণা কৰা হৈছে । ফলস্বৰূপে বিভাগটোৱে অত্তৰ সিঙৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰিছে ।
লগতে পঢ়ক : এদিনতে ৩৬ লিটাৰ গাখীৰ দি অভিলেখ গঢ়িলে ৰাধাই

