হত্যাই যাৰ নিচা, তেনে এক চাইক’ কিলাৰৰ কাহিনী - Psycho Killer
Psycho Killer: বিহাৰৰ মতিহাৰীত নৃশংস ঘটনা ৷ চাইক’ কিলাৰৰ হাতত প্ৰাণ হেৰুৱালে তেওঁৰ পত্নীসহ তিনিগৰাকী কন্যাই ৷ ইয়াৰ পূৰ্বে অভিযুক্তটোৱে তেওঁৰ এগৰাকী কন্যাক চলন্ত ৰে’লৰ পৰা দলিয়াই হত্যা কৰিছিল । পঢ়ক সম্পূৰ্ণ কাহিনী ...

Published : March 29, 2024 at 6:11 PM IST
নেশ্যনেল ডেস্ক, 29 মাৰ্চ : মানুহৰ ভিন্ন চখ আছে ৷ কিন্তু কিছু চখে আপোনাৰো গাৰ নোম শিয়ঁৰাই তুলিব পাৰে ৷ এটা চাইক’ কিলাৰ আৰু এটা নহয় দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ড ৷ এই ঘটনা বিহাৰৰ মতিহাৰীৰ চম্পাৰণৰ ৷ চাইক’ কিলাৰ লোকৰ হাতত প্ৰাণ হেৰুৱালে তিনি কন্যাসহ পত্নীয়ে ৷ চোকা অস্ত্ৰৰে ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰে চাৰিওগৰাকীক ৷ ইয়াৰ পূৰ্বেও অভিযুক্তটোৱে তেওঁৰ এগৰাকী কন্যাক চলন্ত ৰে’লৰ পৰা দলিয়াই হত্যা কৰিছিল ৷ তাৰ পিচতে কাৰাবাস খাটিছিল চাইক’ কিলাৰটোৱে ৷
পত্নীসহ তিনিগৰাকী নিৰীহ কন্যাক হত্যা:
শুকুৰবাৰে পুৱা জিলাখনৰ পাহাৰপুৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বাবাৰিয়া গাঁৱত এগৰাকী মহিলা আৰু তিনিগৰাকী কন্যাক নিৰ্মমভাৱে ডিঙি ৰেপি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহে ৷ এই ঘটনাৰ তথ্য পোৱাৰ পিচত, গাওঁবাসীয়ে ঘটনাস্থলীত ভিৰ কৰি লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ একেলগে চাৰিগৰাকীক এনেদৰে তেজেৰে লুটুৰি পুটুৰি হৈ পৰি থকা দেখা পাই গাওঁবাসী হতবাক হৈ পৰে । এই ঘটনা সংঘটিত কৰা চাইক’ কিলাৰটো ইদু আনচাৰী বুলি জানিবলৈ পৰা গৈছে ।
চাইক’ কিলাৰৰ ভয়ংকৰ কাহিনী:
জানিব পৰা অনুসৰি ইদু আনছাৰীয়ে হত্যা কৰা পত্নীগৰাকী তেওঁৰ দ্বিতীয় পত্নী আছিল। ইয়াৰ পূৰ্বে, তেওঁৰ প্ৰথম পত্নী অসুস্থতাৰ বাবে মৃত্যুক আকোৱালি লৈছিল । প্ৰথম পত্নীৰ মৃত্যুৰ পিচত, তেওঁ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয় । তেওঁৰ প্ৰথম পত্নীৰ দুজন পুত্ৰ আছে, তেওঁলোকে বাহিৰত থাকে ৷ তেওঁৰ দ্বিতীয় পত্নীৰ চাৰিগৰাকী কন্যা আছিল ৷
চলন্ত ৰে’লৰ পৰা কন্যাক দলিয়াই হত্যা :
ইদু আনছাৰী চাৰি বছৰৰ পূৰ্বে তেওঁৰ পৰিয়ালৰ সৈতে মতিহাৰী জিলাৰ বাবাৰিয়া গাঁৱলৈ স্থানান্তৰিত হৈছিল । প্ৰাপ্ত তথ্য অনুসৰি, ইদুৱে কেইবছৰমানৰ পূৰ্বে চলন্ত ৰে’লৰ পৰা দলিয়াই তেওঁৰ এগৰাকী কন্যাক হত্যা কৰিছিল । ঘটনা অনুসৰি, ইদুৱে পৰিয়ালৰ সৈতে ৰে’লেৰে দিল্লীৰ পৰা আহি আছিল । সেই সময়তে, ইদুৱে কন্যাক ৰেলৰ পৰা দলিয়াই দিছিল, য'ত ছোৱালীগৰাকীৰ মৃত্যু হৈছিল । এই ঘটনাৰ সন্দৰ্ভত ইদুৱে উত্তৰ প্ৰদেশৰ সীতাপুৰ কাৰাগাৰত কাৰাবাস খাটি আছিল ৷ আজিৰ পৰা ছয়মাহৰ পূৰ্বে কাৰাগাৰৰ পৰা মুকলি হৈ ইদু ঘৰলৈ উভতি আহিছিল ৷
এজন এজনকৈ চাৰিওগৰাকীক কৰা হৈছিল হত্যা :
এতিয়া ৰমজান মাহ চলি আছে ৷ বৃহস্পতিবাৰৰ নিশা ইদু আনছাৰীয়ে তেওঁৰ পৰিয়ালৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পিচত শুবলৈ গ’ল ৷ যেতিয়া ইদুৰ পত্নী আৰু কন্যা গভীৰ টোপনিত আছিল, ইদুৱে উঠি প্ৰথমে তেওঁৰ পত্নী আৰু তাৰ পিচত তিনি কন্যাক ডিঙি কাটি হত্যা কৰিছিল ৷
গাওঁবাসীয়ে পুৱালৈ ঘৰৰ পৰা কোনো ওলাই নহা দেখি সন্দেহ কৰে ৷ তেওঁলোকে ঘৰলৈ ভিতৰলৈ গৈ চাওঁতে দেখে যে, ইদুৰ দ্বিতীয় পত্নী আফৰিনা খাতুন (৩৫) আৰু তেওঁলোকৰ তিনি কন্যা ১৪ বছৰীয়া আব্ৰুন, ১২ বছৰীয়া শ্ব্ৰুন আৰু ৯ বছৰীয়া শ্বেহজাদিৰ মৃতদেহ ঘৰৰ ভিতৰত তেজেৰে লুটুৰি পুতুৰি হৈ পৰি আছিল ৷ ঘৰৰ মজিয়াত তেজে ডোঙা বান্ধিছিল ৷
ঘটনা সন্দৰ্ভত ডিএছপি, আৰেৰাজ ৰঞ্জন কুমাৰে কয়, "প্ৰাথমিক তদন্তত প্ৰকাশ পোৱা অনুসৰি, ঘটনাটোৰ কাৰণ হৈছে স্বামী আৰু পত্নীৰ মাজত হোৱা বিবাদ । অভিযুক্তটোৱে ইয়াৰ পূৰ্বেও তেওঁৰ কন্যাক চলন্ত ৰে’লৰ পৰা দলিয়াই দিছিল, য'ত কন্যাগৰাকীৰ মৃত্যু হৈছিল । ইদুৱে ইতিমধ্যে এই ঘটনাৰ বাবে কাৰাগাৰত কাৰাবাস খাটিছে । মুকলি হোৱাৰ পিচত, ইদুৱে পুনৰ এনে ঘটনা সংঘটিত কৰিছে । বৰ্তমান, এফ.এছ.এল. আৰু কুকুৰ দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু অনুসন্ধান অব্যাহত ৰাখিছে ৷"
লগতে পঢ়ক: বেতজান চাহ বাগিচাত পাত ছিঙি থকা অৱস্থাত মহিলাক শিৰচ্ছেদ

