ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - HOROSCOPE FOR 5 th APRIL

Daily Horoscope For 5th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 5th April
আজিৰ দিনটোৰ ৰাশিফল
author img

By ETV Bharat Assamese Team

Published : April 5, 2024 at 12:09 AM IST

5 Min Read
Choose ETV Bharat

মেষ ৰাশি : আজিৰ দিনটো আনন্দমনেৰে পাৰ হ’ব । গৃহসজ্জা আৰু ঘৰৰ আভ্যন্তৰীণ সাল সলনি কৰিব পাৰে । আপোনাৰ সপোনৰ গাড়ী লাভ কৰাৰ সম্ভাৱনা আছে । কৰ্মস্থলীত সকলো আশাব্যঞ্জক ৷ কোনো ওচৰ চুবুৰীয়া চহৰত সামাজিক অনুষ্ঠানত উপস্থিত থকাৰ উদ্দেশ্যেৰে যাত্ৰাৰ পৰিকল্পনা হ’ব পাৰে।

বৃষ ৰাশি : ব্যৱসায় বঢ়াবলৈ পৰিকল্পনা কৰিব পাৰে ৷ আপোনাৰ উদ্ভাৱনী ধাৰণা আৰু উন্নত প্ৰযুক্তিয়ে আপোনাৰ ব্যৱসায়ক সফলতা লাভ কৰাত সহায় কৰিব ৷ ব্যৱসায়ৰ বাবে ভ্ৰমণ কৰিব লগা হ’ব পাৰে। কৰ্মস্থলীত আপোনাৰ উৰ্ধতম কৰ্তৃপক্ষ আপোনাৰ কামৰ দ্বাৰা প্ৰভাম্বিত হ’ব ৷ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে । পিতৃ তথা বয়োজেষ্ঠসকলৰ পৰা উপকৃত হ’ব।

মিথুন ৰাশি : আজি আপুনি দিনটোত বহুতো ঘটনাৰ সাক্ষী হ’ব পাৰে । নেতিবাচক চিন্তাধাৰা এৰাই চলক, নহ’লে নিৰাশ আৰু উদাস হব পাৰে । অনৈতিক কামে আপোনাক বিপদত পেলাব পাৰে । খাদ্যৰ প্ৰতি লক্ষ্য ৰাখক, অস্বাস্থ্যকৰ খাদ্য নাখাব ৷ নতুন আঁচনি আৰু প্ৰকল্পৰ বাবে ব্যৱসায় উন্নত হ’ব পাৰে । জ্যেষ্ঠৰ লগত বিবাদ নকৰিব । শিল্প আৰু সাহিত্যৰ প্ৰতি সৃজনশীল আকৰ্ষণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

ককৰ্ট ৰাশি : কোনো লোকৰ লগত আবেগিক সম্পৰ্ক গাঢ় হ’ব আৰু আপোনালোকৰ এই সম্পৰ্ক অটুত হ’ব । বন্ধু-বৰ্গৰ লগত সময় কটাওক, ভাল সময় উপভোগ কৰক। চিনেমা অথবা খেলে আপোনাক অধিক আনন্দিত কৰিব পাৰে । খং নিয়ন্ত্ৰণ কৰক ৷ নতুন কাম আৰম্ভ কৰিবলৈ শুভ দিন ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে, সাৱধানে গাড়ী চলাওক ৷

সিংহ ৰাশি : আৰ্থিক সম্পদ আৰু ব্যৱসায় বিস্তাৰৰ বাবে শুভ দিন । ব্যৱসায়ীৰ বাবে, আপোনাৰ সহযোগী, বিশেষভাৱে আপোনাৰ কনিষ্ঠ আৰু কৰ্মচাৰীসকলে আপোনাক লাভআন্বিত কৰিব ৷ বিনিয়োগ আৰু ব্যাসৰ মাধ্যমেৰে আৰ্থিক লাভ কৰিব পাৰিব । আৰ্থিক সংকটত ই আপোনাৰ সহায় কৰিব। নিকটৱৰ্তী বন্ধুৰ লগত ফুৰিবলৈ যাওক ৷ বজাৰ কৰক, খাদ্য খাওক, আনন্দ কৰি সময়বোৰ উদ্‍যাপন কৰক।

কন্যা ৰাশি : ট্ৰেণ্ডী ষ্টাইলিচ পোছাক ক্ৰয় কৰক । শিল্পজাত সামগ্ৰী আৰু কলা সৃষ্টি কৰিবলৈ প্ৰেৰণা লাভ কৰিব ৷ ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ বাবে দিনটো শুভ । কৰ্মস্থলীত প্ৰতিদ্বন্দীসকলতকৈ কৈ নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰি আপুনি সুখী হ’ব। এটা সুন্দৰ দিন।

তুলা ৰাশি : আজিৰ দিনটোত পৰিপক্ক হওক আৰু পৰিয়ালৰ সৰু বিবাদক এৰাই চলক। মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক । সম্পত্তি অথবা ভূমি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ চলিব । গীত তথা কোনো সৃষ্টিমূলক কামত জড়িত হ’ব পাৰে । শিক্ষাৰ্থীসকলৰ বাবে শুভ ৷

বৃশ্চিক ৰাশি: সকলো সমস্যাৰ সমাধান লাভ কৰিব । ভাতৃ-ভগ্নীৰ সম্পৰ্ক শুভ । বিয়লি ভাগত, আপুনি বিৰক্ত আৰু আগ্ৰাসী হৈ পৰিব। পৰিয়ালৰ লোকৰ মাজত ব্যৱধান বৃদ্ধি পাব ৷ ধন ব্যয় হ’ব। কোনো অনৈতিক কৰ্মত লিপ্ত নহ’ব ৷

ধনু ৰাশি : আপোনাৰ খং আৰু কথা নিয়ন্ত্ৰণ কৰক ৷ নিজকে ধৰ্মীয় কাৰ্যত লিপ্ত কৰাওক আৰু নিজকে শান্ত কৰিবৰ বাবে ধ্যান সাধনা কৰক । শিক্ষাৰ্থীসকলে একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰক ৷ বিয়লিলৈ আপোনাৰ মনটো শান্ত হ’ব ৷ আপোনাৰ প্ৰতিদ্বন্দী আৰু বিৰোধীসকল আপোনাৰ পৰা বহুত দূৰত থাকিব, সেয়ে তেওঁলোকৰ বিষয়ে চিন্তা নকৰিব । সুখময় সন্ধিয়া উপভোগ কৰক ।

মকৰ ৰাশি : আপোনাৰ নতুন প্ৰকল্প আৰম্ভ কৰিবলৈ শুভ দিন ৷ আপোনাৰ কামৰ দ্বাৰা কৰ্মস্থলীত সকলো প্ৰভান্বিত হ’ব ৷ ঘৰত পৰিস্থিতি অলপ চিন্তাযুক্ত আৰু চাপযুক্ত হব পাৰে ৷ ধ্যান তথা যোগ সাধনা কৰক ৷ ই আপোনাৰ অশান্ত মনলৈ স্থিৰতা আনিব ৷ বিয়লিভাগত নেতিবাচক মনোভাৱে আপোনাৰ মন আচন্ন কৰি ৰাখিব পাৰে। ব্যক্তিগত খৰচৰ বাবে ধন ব্যয় কৰিব পাৰে । সুবিধা পালে, আপোনাৰ কষ্টোপাৰ্জিত ধন শ্বেয়াৰ অথবা সম্পত্তি ক্ৰয় কৰাত ব্যয় কৰক ৷

কুম্ভ ৰাশি : নিজকে ধৰ্মীয় কাম কাজত ব্যস্ত কৰক । ধৰ্মীয় যাত্ৰাত যথেষ্ট পৰিমাণে ব্যয় কৰিব পাৰে । আইনী সমস্যা নিস্পত্তি হোৱাৰ সম্ভাৱনা আছে । বিয়লিভাগত আপুনি কৰা সকলো কামতে সফলতা লাভ কৰিব ৷ স্বাস্থ্য কুশলে থাকিব । পৰিয়ালৰ লগত সময় কটাওক।

মীন ৰাশি : শ্বেয়াৰ তথা নিবেশৰ পৰা আৰ্থিক লাভ পোৱাৰ সম্ভাৱনা আছে ৷ কামত অগ্ৰগতি লাভ কৰিব আৰু উপকৃত হ’ব । ঘৰুৱা পৰিৱেশো শান্ত আৰু উত্‍সাহজনক হ’ব । বন্ধুবৰ্গৰ লগত ফুৰিবলৈ যাওক। বিয়লি উদ্বিগ্নতা হ’ব পাৰে, অত্যাধিক ব্যয়ৰ সম্ভাৱনা আছে। ধৰ্মীয় কাৰ্য-কলাপ, ৰীতি-নীতি আদিত ব্যয় হ’ব পাৰে । সতৰ্কতাৰে চলক।