ৰাজা ৰঘুবংশীক হত্য়াৰ পিছত ইন্দোৰলৈ গৈ ভাৰা ফ্লেটত তিনিদিন আছিল সোনম
মাত্ৰ একাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা সত্বেও কুশৱাহাই ইন্দোৰত সোনমৰ পৰিয়ালৰ মালিকানাধীন এটা ফাৰ্ণিচাৰ ছিট ইউনিটত একাউণ্টেণ্ট হিচাপে কৰ্মৰত আছিল ।

By PTI
Published : June 11, 2025 at 1:47 PM IST
ইন্দোৰ /শ্বিলং: ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত পত্নী সোনম ৰঘুবংশীক মঙলবাৰে নিশা ইন্দোৰৰ পৰা শ্বিলঙলৈ অনাৰ পিছতেই এই লোমহৰ্ষক হত্য়াকাণ্ডৰ আঁৰৰ কাহিনীৰ তদন্তই ক্ষিপ্ৰ গতি লাভ কৰিছে । মেঘালয়ত সন্ধানহীন হোৱা সোনম ৰঘুবংশীয়ে ঘাতকৰ দ্বাৰা স্বামী ৰাজা ৰঘুবংশীক হত্য়া কৰাৰ পিছত ইন্দোৰলৈ গৈছিল আৰু তাতেই এটা ফ্লেট ভাৰাত লৈ তিনিদিন আছিল । মঙলবাৰে এই তথ্য় প্ৰকাশ কৰি এগৰাকী আৰক্ষী বিষয়াই কয়, "সোনমে ইন্দোৰলৈ আহি ২৫ মে'ৰ পৰা ২৭ মে'ৰ ভিতৰত ডেৱাছ নাকা অঞ্চলত এটা ফ্লেট ভাৰাত লৈ তিনিদিন তাত আছিল ।" বিষয়াগৰাকীয়ে লগতে কয়, "এই সন্দৰ্ভত মেঘালয় আৰক্ষীয়ে বিস্তাৰিত তথ্য দিব পাৰিব ।"
ইপিনে, মেঘালয় আৰক্ষীৰ এটা দল আন এজন অভিযুক্ত বিশাল চৌহানৰ ইন্দোৰত থকা ঘৰত উপস্থিত হয় । ইন্দোৰৰ সহকাৰী আৰক্ষী আয়ুক্ত পুণমচন্দ্র যাদৱে কয় যে চৌহানে দিয়া তথ্যৰ ভিত্তিত ৰাজা ৰঘুবংশীক হত্য়া কৰাৰ সময়ত তেওঁ পিন্ধা পেণ্ট আৰু চাৰ্ট তেওঁৰ ঘৰৰ পৰা জব্দ কৰা হৈছে । সহকাৰী আৰক্ষী আয়ুক্তগৰাকীয়ে কয়, "মেঘালয় আৰক্ষীয়ে এই কাপোৰ ফৰেণচিক বিজ্ঞান লেব'ৰেটৰীলৈ প্ৰেৰণ কৰিব যাতে এই কাপোৰত তেজৰ দাগ আছে নে নাই সেয়া জানিব পৰা যায় ।"
অভিযুক্তক সোধালে চৰ :
ইন্দোৰৰ অতিৰিক্ত উপ-আয়ুক্ত ৰাজেশ ডাণ্ডোটিয়ে কয় যে মেঘালয় আৰক্ষীৰ এটা ১২ জনীয়া দলে এখন আদালতৰ পৰা ট্ৰেনজিত কাষ্ট'ডি লাভ কৰাৰ পিছত চাৰিজন অভিযুক্ত ৰাজ কুশৱাহা, আকাশ ৰাজপুত, আনন্দ কুৰ্মী আৰু বিশাল চৌহানক শ্বিলঙলৈ নিয়া হৈছে । এগৰাকী প্ৰত্য়ক্ষদৰ্শীৰ ভাষ্য় অনুসৰি মঙলবাৰে নিশা দেবী অহিল্যাবাঈ হোলকাৰ বিমানবন্দৰত ৰাজাৰ হত্যাৰ গোচৰৰ এজন অভিযুক্তক দেখাৰ লগে লগে চৰ সোধায় ।
এই ঘটনাটো মেঘালয় আৰক্ষীৰ এটা দলে চাৰি অভিযুক্তক লৈ বিমানবন্দৰত সোমোৱাৰ সময়তে সংঘটিত হয় । এগৰাকী যাত্রীয়ে নিজৰ বয়-বস্তু লৈ বিমানবন্দৰত অপেক্ষা কৰি থকা সময়তেই সমগ্ৰ দেশ কঁপোৱা ঘটনাৰ এই অভিযুক্ত কেইজনক দেখাৰ লগে লগে ওচৰত গৈ এজনক চৰ মাৰি ক্ষোভ প্ৰকাশ কৰে । অৱশ্য়ে এই অভিযুক্তসকলে মাস্ক পৰিধান কৰি থকা বাবে যাত্ৰীগৰাকীয়ে কাক চৰ মাৰিছিল সেয়া জানিব পৰা হোৱা নাই যদিও এই ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ।
আৰক্ষী বিষয়াৰ মতে ৰাজ কুশৱাহা, যিয়ে সোনমৰ সৈতে মেঘালয়ত মধুচন্দ্ৰিকাৰ সময়ত ৰাজ ৰাঘুবংশীক হত্যাৰ ষড়যন্ত্র কৰিছিল আৰু হত্যাকাণ্ডত জড়িত আন তিনি ঘাতক পূৰ্বৰ পৰাই সোনমৰ পৰিচিত আছিল । ইন্দোৰ আৰক্ষীয়ে পুনৰ কয় যে এই ঘটনাত জড়িত সোনমৰ সন্দেহযুক্ত বয়ফ্ৰেণ্ড কুশৱাহাৰ ওপৰত যাতে কাৰো সন্দেহ নোপজে তাৰ বাবে তেওঁ মেঘালয়লৈ যোৱা নাছিল আৰু তেওঁ তেওঁৰ দৈনন্দিন কামকাজ কৰি আছিল । মাত্ৰ একাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা সত্বেও কুশৱাহাই ইন্দোৰৰ গোবিন্দ নগৰৰ খৰচা এলেকাত থকা সোনমৰ পৰিয়ালৰ মালিকানাধীন এটা ফাৰ্ণিচাৰ ছিট ইউনিটত একাউণ্টেণ্ট হিচাপে কৰ্মৰত আছিল । তেওঁ পৰিয়ালৰ ব্যৱসায় চলাইছিল ।
উল্লেখ্য় যে যোৱা ১১ মে'ত ইন্দোৰত বিয়া হোৱাৰ পাছত ৰাজা আৰু সোনমে মধুচন্দ্ৰিকা যাপনৰ বাবে মেঘালয়লৈ গৈছিল । তেওঁলোকে যোৱা ২৩ মে'ত নংগ্ৰেইত হোমষ্টে চেক আউট কৰাৰ পাছতে হেৰাই গৈছিল । যোৱা ২ মে'ত থকা ঠাইৰ পৰা ২০ কিলোমিটাৰ আঁতৰত ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল । যোৱা ৰবিবাৰে উত্তৰপ্ৰদেশ গাজীপুৰত সোনমে নন্দগঞ্জ আৰক্ষী থানাত আত্মসমৰ্পন কৰিছিল ।
পূৰ্বে অপৰাধৰ গোচৰ নাছিল অভিযুক্তৰ বিৰুদ্ধে :
প্ৰাথমিক তথ্য় অনুসৰি স্থানীয় আৰক্ষী থানাত এই অভিযুক্তকেইটাৰ বিৰুদ্ধে পূৰ্বৰ কোনো অপৰাধৰ গোচৰ নাই । এই অভিযুক্তকেইটাৰ বয়স ২০ ৰ পৰা ২৫ বছৰ । ইন্দোৰ আৰক্ষী বিষয়াৰ মতে, এই অভিযুক্তকেইটাৰ পৰস্পৰৰ মাজত পূৰ্বে চিনাকী নাছিল । কুশৱাহা আৰু আন তিনি অভিযুক্ত মেঘালয় আৰক্ষীৰ ট্ৰেনজিট ৰিমাণ্ডত আছে ।মেঘালয়ৰ চোহৰাৰ এগৰাকী পৰ্যটক গাইডে ৰাজা আৰু সোনমৰ সৈতে দেখা পোৱা তিনিজনৰ বিষয়ে ফটো চাই আৰক্ষীক অৱগত কৰিছিল ।
মাওলাখিয়াটৰ গাইড এলবাৰ্ট পিডে কয়, "আৰক্ষীয়ে প্ৰদান কৰা ফটোৰ পৰা মই এজন সন্দেহজনক ব্যক্তিক চিনাক্ত কৰিছো ।" উত্তৰ-পূব ইন্দিৰা গান্ধী আঞ্চলিক স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ (NEIGRIHMS) বিষয়াসকলে কয় যে ৰাজা ৰঘুবংশীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে ইংগিত দিছে যে তেওঁৰ মূৰত চোকা বস্তুৰে দুবাৰ আঘাত কৰা হৈছিল ।
ইষ্ট খাচী হিলছৰ এছ পি বিবেক ছিয়েমে কয়, "মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে সূচাই যে মৃতকৰ মূৰত দুবাৰ জোৰে আঘাত কৰা হৈছিল-এটা পিছফালৰ পৰা আৰু এটা সন্মুখৰ পৰা কৰা হৈছিল ।" ইপিনে ৰাজ কুশৱাহাৰ মাতৃ চুন্নী দেৱীয়ে দাবী কৰিছে যে এই গোচৰটোত তেওঁৰ পুত্ৰ নিৰ্দোষী । তেওঁ কয় যে ৰাজে ইন্দোৰত ৰাজা ৰঘুবংশীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থকাৰ সময়ত কান্দিছিল ।
তেওঁ কয় যে তেওঁৰ পুত্ৰ সোনমৰ পৰিয়ালৰ মালিকানাধীন ব্যৱসায়ত বিগত দুবছৰৰ পৰা কাম কৰি আছে । ৰাজৰ ভনীয়েক সুহানীয়ে অভিযোগ খণ্ডন কৰি কয় যে তেওঁৰ ভ্ৰাতৃৰ সৈতে সোনমৰ কোনো প্ৰেমৰ সম্পৰ্ক নাছিল । তেওঁলোকে ইজনে আনজনক ভাই-ভনী হিচাপে সম্বোধন কৰিছিল । ইপিনে, ৰাজাৰ মাতৃ উমাই কয়, "প্ৰথমে আমি বিশ্বাস কৰা নাছিলো যে সোনমে পুত্রক হত্যা কৰিব পাৰিব; কিন্তু লাহে লাহে তেওঁ জড়িত থকাৰ বিষয়ে নিশ্চিত হওঁ ।" তেওঁ কয়, "যদি সোনমে অন্য ল'ৰাক ভাল পাইছিল, তেওঁ ৰাজাক বিয়া কৰাবই নালাগিছিল ৷ কিয় তেওঁ মোৰ পুত্ৰক হত্যা কৰিলে ?"
আনহাতে সোনমৰ মাতৃ সঙ্গীতাই কয় যে তেওঁৰ কন্য়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সত্য় নহয় । তেওঁ কয়- "মই এতিয়াই ক'ব নোৱাৰো মেঘালয়ত ৰাজাৰ সৈতে কি ঘটিছিল ।" তেওঁ এই হত্যাকাণ্ডৰ অনুসন্ধানৰ দাবী জনাইছে ।

