ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰৰ চাম্বাত ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ ওচৰত হোমষ্টে আৰম্ভ

Jammu Border Tourism: জম্মু আৰু কাশ্মীৰ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওচৰত হোমষ্টে নিৰ্মাণৰ অনুমতি দিয়াৰ লগে লগে চাম্বাৰ বাসিন্দাসকলে কৈছে যে তেওঁলোকে উক্ত স্থানত দৃশ্যমান পৰিৱৰ্তন দেখিছে ।

Jammu Border Tourism
ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ ওচৰত হোমষ্টে আৰম্ভ
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 7:43 PM IST

6 Min Read
Choose ETV Bharat

নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰী : জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ আন্তৰ্জাতিক সীমান্তৰ সমীপত থকা নিজৰ হোমষ্টেত পৰ্যটকক আদৰণি জনাবলৈ সাজু হৈছে প্ৰাক্তন সৰ্পঞ্চ মোহন সিং ভট্টি, তিনি বছৰ পূৰ্বে এই মাহতে ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ যুদ্ধবিৰতি কাৰ্যকৰী হোৱাৰ পিচত শেহতীয়াকৈ পৰিস্থিতি পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সীমান্তত প্ৰচলিত শান্তিৰ মাজতে সীমান্ত পৰ্যটন বৃদ্ধিৰ বাবে ৰামগড় খণ্ডৰ বিখ্যাত বাবা চামলিয়াল মন্দিৰৰ নিচেই কাষে কাষে হোমষ্টে নিৰ্মাণৰ বাবে শেহতীয়াকৈ জম্মু-কাশ্মীৰ প্ৰশাসনে অনুমতি দিছে । পূৰ্বতে ভাৰত-পাকিস্তান সৌহাৰ্দ্যৰ প্ৰতীক হিচাপে গণ্য কৰা জিৰ’ লাইনত থকা বাবা চামলিয়ালৰ বিখ্যাত মন্দিৰটোৱে বছৰৰ মাজভাগত বিশেষকৈ বাৰ্ষিক মেলা উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তক আকৰ্ষণ কৰে ।

বাৰ্ষিক মেলাৰ সময়ত পাকিস্তানৰ পৰা প্ৰতিনিধি দল মন্দিৰত প্ৰণাম জনাবলৈ আহিছিল যদিও ২০১৮ চনৰ ১৩ জুনত সীমা অতিক্ৰম কৰাৰ পাচত হোৱা গুলীচালনাৰ ফলত এজন সহকাৰী কমাণ্ডেণ্টকে ধৰি চাৰিজন বি এছ এফৰ জোৱানৰ মৃত্যু হোৱাৰ পিচত এই প্ৰথা বন্ধ কৰা হয় ।

যোৱা বছৰ ৮-৯ নৱেম্বৰৰ মাজনিশা ৰামগড় চেক্টৰত পাকিস্তান ৰেঞ্জাৰৰ গুলীচালনাত এজন বিএছএফ জোৱান নিহত হৈছিল ৷ ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত দুয়োখন দেশে পুনৰ যুদ্ধবিৰতিৰ বাবে সহমতত উপনীত হোৱাৰ পিচত এইটো প্ৰথমটো প্ৰাণহানি হোৱাৰ ঘটনা আছিল ।

ফাটৱালৰ দাঘ চান্নী গাঁৱত দুমহলীয়া হোমষ্টে নিৰ্মাণ কৰা ভট্টিয়ে পৰ্যটকক সীমাত বাস কৰা অনুভৱ কৰাবলৈ আৰু সীমান্তৰ সিপাৰৰ পৰা গুলীবৰ্ষণৰ ক্ষেত্ৰত যিকোনো ক্ষতি প্ৰতিহত কৰাৰ বাবে সুৰক্ষা ব্যৱস্থা হিচাপে এটা সুসজ্জিত ভূগৰ্ভস্থ বাংকাৰো নিৰ্মাণ কৰিছে ৷

সীমান্ত ভ্ৰমণৰ সময়ত আপুনি বাংকাৰৰ বাহিৰে সকলোবোৰ দেখিব, বাংকাৰ আমি সীমা অতিক্ৰম কৰি গোলাবৰ্ষণৰ সময়ত ব্যৱহাৰ কৰি আছো । যিজনে এই বাংকাৰ দেখা নাছিল (সীমান্ত ভ্ৰমণৰ সময়ত) তেওঁ একো দেখা নাই, ভট্টিয়ে সংবাদ প্ৰতিষ্ঠান পিটিআইক জনায় ।

ভট্টিয়ে কৈছিল যে তেওঁলোকে আনফালৰ পৰা গুলীচালনা বা গোলাবৰ্ষণ হ’লে দৰ্শনাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ভূগৰ্ভস্থ বাংকাৰটো নিৰ্মাণ কৰিছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী এ বি বাজপেয়ীয়ে কোৱাৰ দৰে আমি আমাৰ প্ৰতিবেশীক সলনি কৰিব নোৱাৰো কিন্তু অবাঞ্চিত পৰিস্থিতিত আবদ্ধ নহ’বলৈ আমি সাজু হৈ থাকিব লাগিব ।

চাম্বাৰ উপায়ুক্ত অভিষেক শৰ্মাই কয় যে জিলাখনৰ ৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বহুতো স্থান আছে য'ত চামলিয়াল মন্দিৰৰ দৰে বৃহৎ সংখ্যাত পৰ্যটকক আকৰ্ষিত কৰাৰ সম্ভাৱনা আছে , 300 বছৰ পুৰণি মন্দিৰ বামু চক, বাবা বালি কৰণ আৰু বাবা সিদ্ধ গোৰিয়া মন্দিৰ আদি ।

কেন্দ্ৰ আৰু জম্মু আৰু কাশ্মীৰ প্ৰশাসন দুয়োটাই সীমান্ত পৰ্যটনৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । যোৱা বছৰ চামলিয়াল মন্দিৰলৈ অহা দৰ্শকে থকাৰ সমস্যাৰ সন্মুখীন হৈছিল আৰু এই ব্যৱধান দূৰ কৰিবলৈ আমি হোমষ্টেৰ প্ৰচাৰ কৰিছো বুলি শৰ্মাই কয় । তেওঁ কয় যে সীমান্তবাসীৰ পৰা উৎসাহজনক সঁহাৰি পোৱা গৈছে, বিশেষকৈ যুৱ উদ্যোগীসকলে যিসকলে নিজৰ ঘৰখন হোমষ্টেলৈ ৰূপান্তৰিত কৰিবলৈ সাজু হৈছে ।

জিলা প্ৰশাসন, পৌৰসভা সমিতি আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি ৪০ জন চিনাক্ত হোমষ্টে মালিকক অনলাইন আৰু অফলাইন দুয়োটা মোডতে তেওঁলোকৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে সহায়ৰ হাত আগবঢ়াইছে, ডেপুটি আয়ুক্তই কয় ।

তেওঁ কয় যে ৰাইজে আন্তঃৰাষ্ট্ৰীয় সীমান্ত ভ্ৰমণ কৰি ভাল পায় আৰু স্থানীয় জনসাধাৰণৰ অৰ্থনীতি বৃদ্ধিৰ বাবে চৰকাৰে সীমান্ত পৰ্যটন প্ৰচাৰৰ কৌশল লৈ ওলাই আহিছে । প্ৰশাসনৰ সৈতে বি এছ এফৰ সবল সমন্বয় আৰু যোগাযোগ আছে । বিএছএফ সীমান্তৰ গাঁওসমূহ ভ্ৰমণ কৰা লোকসকলৰ বাবেও সুখী কিয়নো ই দৰ্শনাৰ্থীসকলৰ মাজত জাতীয়তাবাদী উৎসাহ সৃষ্টি কৰে, শৰ্মাই কয় ।

দৰ্শনাৰ্থীসকলে জিৰ’ লাইনৰ কাষেৰে খেতি কৰাও প্ৰত্যক্ষ কৰিব পাৰে ৷ আনহাতে প্ৰশাসনে ৰামগড় আৰু চাম্বাত থকা কমিউনিটি বাংকাৰসমূহক মডেল বাংকাৰলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে, যাৰ বাবে এই অভিযানৰ অংশ হিচাপে জিম বা পুথিভঁৰাল স্থাপন কৰি গাঁথনিসমূহৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰা হৈছে ।

আমি দেখিছোঁ যে সীমান্তবাসীসকলৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা বাংকাৰবোৰ সঠিকভাৱে ব্যৱহাৰ বা ৰক্ষণাবেক্ষণ কৰা নহয় আৰু আন উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা নহয় । আমি এটা অভিযান আৰম্ভ কৰিছো যাতে ঠাইখিনি সঠিকভাৱে ব্যৱহাৰ কৰা হয়, উপায়ুক্তজনে কয় । চামলিয়ালৰ বাসিন্দা ওম প্ৰকাশে চৰকাৰী আঁচনিক আদৰণি জনাযই আৰু সীমান্তত শান্তি সুনিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে ।

আগতে সীমা অতিক্ৰম কৰি গোলাবৰ্ষণ কৰাটো এটা নিয়ম আছিল যদিও এতিয়া সীমান্তত শান্তি বিৰাজ কৰিছে আৰু গাঁৱৰ মানুহৰ বাবে নতুন সুযোগ মুকলি হৈছে বুলিও তেওঁ কয় ৷ লগতে কয় যে সীমান্তবাসীয়ে চিৰন্তন শান্তি বিচাৰে যাতে বেছিভাগ কৃষক জনসাধাৰণে কোনো ভয় নোহোৱাকৈ দুয়োফালে নিজৰ মাটি চোৱাচিতা কৰিব পাৰে ।

বাবা চামলিয়াল মন্দিৰৰ অধ্যক্ষ বিল্লু চৌধুৰীয়েও এই পদক্ষেপৰ বাবে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি কয়, আমাৰ গাঁওখন ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ দূৰত অৱস্থিত আৰু আমি বিচাৰো যে জনসাধাৰণ বৃহৎ সংখ্যাত ইয়ালৈ আহক । দিল্লী বা মুম্বাইৰ পৰা অহা এজন ব্যক্তিয়ে কেৱল সীমাৰ বিষয়েহে শুনিছে কিন্তু ইয়াত উপস্থিত হোৱাৰ পিচত তেওঁ এই পৰিস্থিতিৰ অনুভৱ কৰিব পাৰে ।

হোমষ্টেই কিছু টকা উপাৰ্জনৰ উপৰিও ভিন্ন ঠাইৰ সংস্কৃতিৰ সৈতে পৰিচিত হোৱাৰ সুযোগ প্ৰদান কৰে বুলিও তেওঁ কয় আৰু সীমান্তত এনে পৰিস্থিতিৰ বিকাশ হোৱাৰ কথা কোনেও কেতিয়াও চাগে ভবা নাছিল য’ত কেৱল বন্দুকৰ গুলীৰ শব্দহে শুনিবলৈ পোৱা যায় ।

লগতে পঢ়ক : ইছৰোৰ নতুন উৎক্ষেপণ চৌহদৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ