ETV Bharat / bharat

অদম্য় ইচ্ছাশক্তিৰ নিদৰ্শন, শাৰীৰিক বাধা নেওচি সাফল্য়ৰ শিখৰত জ্ঞান দাস

এখন হাত ৯-১০ ইঞ্চি আৰু আনখন হাত অলপ দীঘল । দুয়োখন হাততেই নাই আঙুলি । তথাপিও নামানে হাৰ ।

Odisha's Gyana Das Defies Disability To Become Asst Professor
অধ্যাপক জ্ঞান দাস (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 2, 2025 at 7:19 PM IST

5 Min Read
Choose ETV Bharat

কটক: এজন অন্য়ধৰণে সক্ষম যুৱক । তেওঁৰ এখন হাত ৯-১০ ইঞ্চি আৰু আনখন হাত ইখনতকৈ অলপ দীঘল । দুয়োখন হাততেই নাই আঙুলি । সেয়েহে শৈশৱৰে পৰাই তেওঁ কলমেৰে লিখিব পৰা নাছিল । এনে অৱস্থাৰ বাবে তেওঁক পিতৃয়ে প্ৰায়ে প্ৰহাৰ কৰিছিল ।

তেওঁৰ শাৰীৰিক অৱস্থাৰ কথা ভাবি মাতৃয়ে তেওঁক কলম কেনেকৈ ধৰিব লাগে সেয়া শিকাইছিল । ইয়াৰ পিচৰ পৰাই আৰু তেওঁৰ কলম হাতৰ পৰা পিচলি পৰা নাই । এই উৎসৰ্গিত মনোভাৱৰ বাবেই সপোনক বাস্তৱত ৰূপ দি আজি তেওঁ এগৰাকী সহকাৰী অধ্যাপক হিচাপে শিক্ষাৰ্থীসকলক এখন চৰকাৰী মহাবিদ্যালয়ত জ্ঞানৰ পোহৰ বিলাবলৈ সক্ষম হৈছে । তেওঁ হৈছে জ্ঞান দাস ।

ওড়িশাৰ কেন্দ্ৰাপাৰা জিলাৰ জনাৰাবাৰিমূলত জন্মগ্ৰহণ কৰা জ্ঞানৰ পিতৃৰ নাম গোপাল চন্দ্ৰ দাস আৰু মাতৃ কনকলতা । বৰ্তমান তেওঁ কেওনঋাৰত বাস কৰে । তেওঁৰ পিতৃ-মাতৃৰ লগতে দুজন ভাতৃয়ে কটকত বসবাস কৰে ।

Asst Professor Gyana Das at his home
সহকাৰী অধ্যাপক জ্ঞান দাস (ETV Bharat)

জ্য়েষ্ঠ সন্তান বিশেষভাৱে সক্ষম হোৱা দেখি পিতৃ-মাতৃয়ে মনত প্ৰথমে খুব দুখ অনুভৱ কৰিছিল । কিন্তু জ্ঞানে এই দুখন হাতেৰেই লিখি আজিৰ এই অৱস্থাত উপনীত হৈছে ।

ইটিভি ভাৰতৰ সৈতে হোৱা পৰা বাৰ্তালাপত শৈশৱৰ দিনৰ কথাবোৰ মনত পেলাই জ্ঞানে মিচিকীয়া হাঁহিমাৰি কয়, "জীৱন যুঁজ প্ৰত্য়াহ্বানেৰে পৰিপূৰ্ণ আছিল; কিন্তু পিছলৈ মই এইবোৰ অনুভৱ নকৰা হ'লো । এতিয়া মই যন্ত্ৰণা অনুভৱ নকৰা হৈছো । মই এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে মই আজি এই পৰ্যায়ত উপনীত হৈছো । সকলোবোৰ সম্ভৱ হৈছে ভগৱানৰ আশীৰ্বাদৰ বাবে ।"

উল্লেখ্য যে, ২০০৪ চনত জ্ঞানে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল । তাৰ পিছত তেওঁ বাণিজ্যৰ প্লাছ-২ত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । ইয়াৰ পাছত তেওঁ ৰেভেনশ্ব' বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । ইয়াৰ পাছত তেওঁ কটকস্থিত মধুসুদন আইন বিশ্ববিদ্যালয়ৰ পৰা এলএলবি সম্পূৰ্ণ কৰে আৰু ২০২২ চনত উটকল বিশ্ববিদ্যালয় (ভূৱনেশ্বৰ)ৰ পৰা তেওঁৰ পিএইচডি লাভ কৰে ।

ইয়াৰ পিচতে জ্ঞানে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই । ২০১৬ চনত তেওঁ ষ্টেট ছিলেকচন ব'ৰ্ড (এসএছবি)পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কেন্দ্ৰপাৰা স্বায়ত্ত মহাবিদ্যালয়ত বাণিজ্য বিভাগৰ প্ৰৱক্তা হিচাপে যোগদান কৰে ।

তেওঁ পাঁচ বছৰ ধৰি বাণিজ্য বিভাগৰ মূৰব্বী হিচাপে কাম কৰে । ইয়াৰ পিচত তেওঁ OPSC পৰীক্ষা উত্তীৰ্ণ হৈ কেংঋাৰ মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰে । প্ৰতি সপ্তাহত আৰু বন্ধৰ দিনত তেওঁ কটকত থকা নিজৰ পৰিয়ালক সময় দিবলৈ চেষ্টাৰ ত্ৰুটি নকৰে ।

Odisha's Gyana Das Defies Disability To Become Asst Professor
জ্ঞান দাসৰ দুয়োখন হাততেই নাই আঙুলি (ETV Bharat)

জ্ঞানৰ আবেগ দৃশ্যমান । শাৰীৰিক প্ৰত্যাহ্বান স্বত্বেও তেওঁ চকপেন্সিল আৰু মাৰ্কাৰৰে হোৱাইট ব'ৰ্ডত আন দহগৰাকীৰ দৰেই লিখি শিক্ষাৰ্থীসকলক জ্ঞান বিলাই আহিছে । লেপটপ ব্যৱহাৰ কৰা, কাপোৰ পিন্ধা, পানী খোৱা, ৰন্ধা, পাচলি কটা, লিখা আদি কামৰ বাবে তেওঁ কাৰো ওপৰত নিৰ্ভৰ নকৰে । সকলোবোৰ নিজেই সম্পাদন কৰে । তেওঁ কয়, "যদি আপোনাৰ ইচ্ছাশক্তি আছে সকলো সম্ভৱ । মই সত্যক স্বীকাৰ কৰিছো আৰু নিতৌ আগবাঢ়িছো ।"

তেওঁ কোনো বেদনা অনুভৱ কৰে নেকি বুলি প্ৰশ্ন কৰাত জ্ঞানে কয় যে তেওঁ দুঃখিত কাৰণ তেওঁ সাঁতুৰিব পৰা নাই বা বাইক চলাব পৰা নাই; কিন্তু তেওঁ ভাল ক্ৰিকেটাৰ । তেওঁ ভালকৈ বেটিং আৰু বলিং কৰিব পাৰে । সেইবাবে তেওঁ বিশ্ববিদ্যালয়ৰ ক্রিকেট দলতো স্থান লাভ কৰিছে । তেওঁৰ ৰেভেনশ্ব'ত থকা সময়ছোৱাত ৰাজ্যিক অন্য়ধৰণে সক্ষম দলটো স্থান লাভ কৰে । অৱশ্য়ে কিছুমান বিশেষ পৰিস্থিতিৰ বাবে তেওঁ ইয়াৰ কোনো এটা ইভেন্টতেই অংশগ্ৰহণ কৰিব পৰা নাছিল ।

Asst Professor Gyana Das at his home
ওড়িশাৰ জ্ঞান দাস (ETV Bharat)

বিগত বছৰবোৰত তেওঁক কৃত্ৰিম অংগ প্ৰতিষ্ঠাপন বাবে বহুতেই আহ্বান জনাইছে । আনকি কটক জিলাৰ আয়ুক্তয়ো তেওঁক সুযোগ গ্ৰহণ কৰিবলৈ কৈছিল যদিও তেওঁ সকলোলোৰে আমন্ত্ৰণ তথা আহ্বান প্ৰত্য়াখ্য়ান কৰি আহিছে । এই সন্দৰ্ভত তেওঁ কয়, "ভগৱানে মোক যি দিছে তাৰেই জীয়াই থাকিব বিচাৰো আৰু আগবাঢ়িব যাব খোজো । মই মোৰ অৱস্থাৰ বাবে কেতিয়াও লজ্জিত হোৱা নাই আৰু অনুভৱ কৰো যে মই কৃত্ৰিম হাতৰে সঠিকভাৱে কাম কৰিব নোৱাৰো ।"

জ্ঞানৰ বয়স এতিয়া ৩৮ বছৰ আৰু পৰিয়ালৰ সদস্য়সকলৰ দৰে মৰম দিব পৰা উপযুক্ত সংগীৰ বাবে অপেক্ষা কৰি আছে । তেওঁৰ ভৱিষ্যত সন্দৰ্ভত কয়, "মোৰ পত্নীয়ে মোক বুজি পোৱাৰ লগতে সহযোগ কৰিব লাগিব । মই যি বেয়াপাওঁ তেওঁ সেয়া কৰিব নোৱাৰিব । ভগৱানে হয়তো মোৰ আন এক পৰীক্ষা কৰিব বিচাৰিছে ।"

Asst Professor Gyana Das at his home
অধ্যাপক জ্ঞান দাস (ETV Bharat)

তেওঁৰ সৰু ভগ্নী উৎকালিকী দাসে কয়, "আমি আমাৰ ভাতৃক লৈ গৰ্বিত । তেওঁ এগৰাকী বিজেতা । তেওঁ অদম্য় সাহসৰ বাবে জীৱনত কেতিয়াও হাৰমনা নাই । তেওঁৰ অৱস্থাৰ সত্ত্বেও তেওঁ কাহানিও আনৰ পৰা সহায় বিচৰা নাই ।"

লগতে পঢ়ক:মধ্যপ্ৰদেশৰ পান্নাত হীৰাৰ উন্মাদনা: য’ত দুখীয়া পৰিয়ালে 250 টকাতে সলনি কৰিব বিচাৰে ভাগ্য - DIAMOND RUSH IN PANNA

সমুদ্ৰৰ গৰ্জনকো নেওচি পালতৰা 'তাৰিণী'ৰ বুকুত উঠি তিনি মহাসাগৰ পৰিক্ৰমা কৰি আহিল ৰূপা-দিলনাই - HISTORIC NAVIKA SAGAR PARIKRAMA II