হায়দৰাবাদ: মে'ডে... মে'ডে... মে'ডে... ৷ এয়া কোনো বিশ্ব শ্ৰমিক দিৱসৰ শ্ল'গান নহয় ৷ এয়া হৈছে বিমান পৰিবহণখণ্ডত বিশ্বজুৰি স্বীকৃত এক সাংকেতিক ভাষা ৷ সাধাৰণতে সামৰিক বা অসামৰিক বিমান পৰিবহণ দুয়োটা খণ্ডতে কেতবোৰ সাংকেতিক ভাষা ব্যৱহাৰ কৰা হয় ৷ বিশেষকৈ এয়াৰ ট্ৰেফিক কণ্ট্ৰল (ATC) আৰু বিমানৰ কেপ্টেইন আৰু ফাৰ্ষ্ট অফিচাৰ (সহযোগী পাইলট)ৰ মাজত এইধৰণৰ সাংকেতিক ভাষাৰেই সকলো কথা-বতৰা পতা হয় ৷ এ টি চিয়েও উৰণৰ পৰা অৱতৰণলৈকে এই দীঘলীয়া সময়ছোৱাত এইধৰণৰ কেতবোৰ সাংকেতিক ভাষাৰেই বিমানৰ পাইলট আৰু সহযোগী পাইলটক সকলো নিৰ্দেশনা দি থাকে আৰু সমান্তৰালভাৱে বিমানৰ চালকেও সাংকেতিক ভাষাৰেই এ টি চিৰ সৈতে যোগাযোগ ৰক্ষা কৰি উৰণ সম্পূৰ্ণ কৰে ৷ তেনে এটা সাংকেতিক ভাষাই হৈছে এই "মে'ডে" ৷
মে'ডে... মে'ডে... মে'ডে (Mayday) বাৰ্তা কেতিয়া দিয়া হয় ?
বিমান এখনৰ উৰণ, অৱতৰণৰ সময়ত বা মাজ আকাশতো বিভিন্নধৰণৰ বিজুতি ঘটিব পাৰে ৷ প্ৰতিগৰাকী পাইলটে আপ্ৰাণ চেষ্টা কৰে সেই বিজুতি দূৰ কৰিবলৈ ৷ কিন্তু যেতিয়া পৰিস্থিতি পাইলটৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায় আৰু পাইলটে বিমানখন বচোৱাৰ সকলো পথ একপ্ৰকাৰ বন্ধ হৈ পৰে তেতিয়াই এই সাংকেতিক বাৰ্তা পাইলটে ব্যৱহাৰ কৰে ৷ এবাৰ দুবাৰ নহয়, একেলগে তিনিবাৰ পাইলটে মে'ডে... মে'ডে... মে'ডে বুলি বাৰ্তা পঠিওৱা মানে বুজিব লাগিব যে বিমানখন সাংঘাটিক বিপৰ্যয়ত পৰিছে ৷ ই হৈছে আন্তৰ্জাতিক বিমান পৰিবহণ খণ্ডৰ স্বীকৃত সাংকেতিক বাৰ্তা ৷ এই সাংকেতিক বাৰ্তা এ টি চিয়ে লাভ কৰাৰ লগে লগেই সেই বিমানখনক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ সাজু হৈ পৰে সংশ্লিষ্ট সকলো পক্ষ ৷
মে'ডেৰ সৃষ্টিকৰ্তা কোন ?
এই মে'ডে সাংকেতিক বাৰ্তাটোৰ আৱিষ্কাৰক আছিল ইংলেণ্ডৰ ক্ৰয়ডন বিমান বন্দৰৰ এ টি চিৰ ৰেডিঅ' বিভাগৰ অফিচাৰ ইন-চাৰ্জ ফ্ৰেডেৰিক ষ্টেনলে মকফৰ্ড ৷ 1920 চনত মকফৰ্ডে ৰেডিঅ' বিভাগৰ অফিচাৰ ইন-চাৰ্জ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত প্ৰথমবাৰৰ বাবে এই সাংকেতিক শব্দটো ব্যৱহাৰ কৰিছিল ৷ এই সাংকেতিক শব্দটো আহিছে মূল ফৰাচী শব্দ 'মেইডাৰ' (m'aider) ৰ পৰা ৷ যাৰ অৰ্থ হ'ল- আহক আৰু মোক সহায় কৰক (come and help me)৷ ফ্ৰেডেৰিক ষ্টেনলে মকফৰ্ডে ব্যৱহাৰ কৰা এই আপাতকালীন সাংকেতিক শব্দটো 1923 চনৰ পৰা সাৰ্বজনীনভাৱে বিমান পৰিবহণ সেৱাত ব্যৱহাৰ কৰা আৰম্ভ হয় আৰু ইয়াক আন্তৰ্জাতিকভাৱে স্বীকৃতি প্ৰদান কৰা হয় ৷ ইয়াৰ আগলৈকে পাইলটে আপাতকালীন সময়ত SOS ছিগনেল ব্যৱহাৰ কৰাৰ নিয়ম আছিল ৷
বৃহস্পতিবাৰেও এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ পাইলটে মে'ডে বাৰ্তা দিছিল
ইমান নিমিষতে ঘটি গ'ল সমগ্ৰ ঘটনাটো যে পাইলটৰ মে'ডে বাৰ্তায়ো বচাব নোৱাৰিলে বৃহস্পতিবাৰে এয়াৰ ইণ্ডিয়াৰ AI-171 অভিশপ্ত বিমানখনে কঢ়িয়াই নিয়া 241 গৰাকী লোকৰ জীৱন ৷ ভয়ংকৰ বিপদৰ আগজাননী পাই বিমানখনৰ কেপ্টেইন (পাইলট) সুমীত ছাভৰৱাল আৰু ফাৰ্ষ্ট অফিচাৰ (সহযোগী পাইলট) ক্লাইভ কুন্দাৰে এ টি চিলৈ মে'ডে বাৰ্তা পঠিয়াইছিল ৷ তাৎক্ষণিকভাৱে এ টি চিয়েও বিমানখনৰ সৈতে যোগাযোগ কৰিছিল যদিও ইতিমধ্যে সকলো শেষ হৈ গৈছিল ৷
লগতে পঢ়ক: দুৰ্ঘটনাৰ পূৰ্বে মে’ ডে কল কৰিছিল পাইলটে; আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ বিশ্বজুৰি শোকৰ বন্যা