দালাই লামাৰ ঐতিহাসিক যাত্ৰাৰ স্মৃতিত আৰম্ভ ফ্ৰিডম ট্ৰেইল
১৯৫৯ চনৰ ৩১ মাৰ্চত চতুৰ্দশ দালাই লামা ভাৰতত প্ৰৱেশ কৰা পথটো পুনৰ অনুসৰণ কৰি বহু প্ৰত্যাশিত ট্ৰেকিং কাৰ্যসূচীটো সোমবাৰৰ পৰা আৰম্ভ হয় ।

Published : April 1, 2025 at 11:37 AM IST
খিনজামানে: খিনজেমানে হৈছে এক ঐতিহাসিক পদযাত্ৰা । প্ৰায় ৩০০ লোকৰে জেমিথাঙৰ খিনজেমানেৰ পৰা চতুৰ্দশ দালাই লামাই পদযাত্ৰাৰে টাৱাঙত প্ৰৱেশ কৰা পথটো আজিৰে পৰা অনুসৰণ কৰি ৫ এপ্ৰিলত টাৱাঙত উপস্থিত হ’ব ।
এই পদযাত্ৰা সমগ্ৰ পথৰ মুঠ ২০ টা ঠাই স্পৰ্শ কৰাৰ পিছত শেষৰ দিনা প্ৰায় ৭০ কিলোমিটাৰ অতিক্ৰম কৰি টাৱাঙত উপস্থিত হ’ব ।
১৯৫৯ চনৰ ৩১ মাৰ্চত চতুৰ্দশ দালাই লামা গ্যালৱা টেনজিন গিয়াটছ’ই ভাৰতত প্ৰৱেশ কৰা পথটো পুনৰ অনুসৰণ কৰি বহু প্ৰত্যাশিত ছয়দিনীয়া ট্ৰেকিং কাৰ্যসূচী সোমবাৰে বিয়লি কেঞ্জামানীৰ পৰা আৰম্ভ হয় ।

লুংলাৰ বিধায়ক চেৰিং লামু আৰু ফ্ৰিডম ট্ৰেইলৰ অধ্যক্ষ ডোকা এ জাম্বে ৱাংডিৰ সহযোগত উপ আয়ুক্ত কাংকি দৰঙৰ উদ্যোগত জিলা প্ৰশাসন টাৱাঙে আয়োজন কৰিছে । এই কাৰ্যসূচীৰ সমন্বয়ক অতিৰিক্ত উপাযুক্ত লুংলাৰ তাছি ধোণ্ডুপ আৰু সহকাৰী অতিৰিক্ত উপাযুক্ত জেমিথাংৰ দীৱান মাৰা ।
১৯৫৯ চনত পৰম পবিত্ৰ দালাই লামাই টাৱাঙত উপস্থিত হোৱাৰ দিনটোৰ স্মৃতিত ৫ এপ্ৰিলত টাৱাঙৰ পুংটেঙত এই ট্ৰেকিং অনুষ্ঠানৰ সামৰণি পৰিব ৷ খিনজেমানেত উদ্বোধনী অনুষ্ঠানৰ আৰম্ভণিতে পবিত্ৰ দালাই লামাৰ বাবে দীৰ্ঘজীৱন প্ৰাৰ্থনা কৰা হয়, তাৰপিছত বৌদ্ধ ধৰ্মাৱলম্বী ৰিনপচি আৰু গাঁৱৰ মানুহে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে ।

এই পদযাত্ৰাত অংশগ্ৰহণকাৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি লুংলাৰ বিধায়ক চেৰিং লামুৱে যাত্ৰাৰ আধ্যাত্মিক আৰু ঐতিহাসিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "আমি ফ্ৰিডম ট্ৰেইলৰ এই ছয়দিনীয়া যাত্ৰাত তললৈ নামি থকাৰ সময়তে আমি পৰম পবিত্ৰ দালাই লামাৰ প্ৰজ্ঞাৰ পৰা শক্তি আহৰণ কৰিছো আৰু শান্তিপূৰ্ণ ভৱিষ্যতৰ আশা কৰিছো । তিব্বতৰ সৈতে আমাৰ সম্পৰ্ক শতিকা পুৰণি, সংস্কৃতিৰ ভাগ-বতৰা কৰা ইতিহাস, সংস্কৃতি আৰু পাৰস্পৰিক বুজাবুজিৰ মাজত এইসমূহ শিপাই আছে । আমাৰ জনসাধাৰণৰ মাজৰ বন্ধন সীমাৰ বাহিৰলৈ গৈছে । আমি হিজ হলিনছৰ শিক্ষাৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই আছো ৷ লগতে তেওঁৰ মমতা, অহিংসা আৰু মানৱীয় মূল্যবোধৰ প্ৰসাৰৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতা আমাৰ মাজত আছে” ৷
অধ্যক্ষ ডোকা জাম্বে ৱাংডি (DoKAA Jambey Wangdi) য়ে সকলো অংশগ্ৰহণকাৰীলৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে পৰম পবিত্ৰ দালাই লামাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা কৰে । তেওঁ সকলোকে পবিত্ৰতাৰ শিক্ষাক দৈনন্দিন জীৱনত সন্নিৱিষ্ট কৰিবলৈ আহ্বান জনায় ।

টাৱাঙৰ উপায়ুক্ত কংকি ডেৰাঙে অনুষ্ঠানটো সফল কৰি তোলাত লুংলা প্ৰশাসন আৰু ই এ চি জেমিথাঙৰ প্ৰচেষ্টাক শলাগ লয় । তেওঁ খিনজেমানেৰ ঐতিহাসিক তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি লক্ষ্য কৰে যে, ইয়াতেই ১৯৫৯ চনত তেতিয়াৰ প্ৰশাসকসকলে তেওঁৰ পবিত্ৰতাক গ্ৰহণ কৰিছিল । ইয়াৰোপৰি ১৯৬২ চনত সীমান্ত ৰক্ষা কৰাৰ সময়ত সৰ্বোচ্চ বলিদান দিয়া সৈনিকসকলক শ্ৰদ্ধাঞ্জলি জনায় ।
অনুষ্ঠানত বমডিলাৰ পৰা অহা তিব্বতী বসতি বিষয়া আৰু অতিৰিক্ত উপায়ুক্ত লুংলাৰ তাছি ধোণ্ডুপে দুয়োজনে এই পদক্ষেপৰ আধ্যাত্মিক আৰু সাংস্কৃতিক গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
সোমবাৰে দিনৰ ১২.০৩ বজাত এই ট্ৰেকিং কাৰ্যসূচী আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰে অধ্যক্ষ ডোকা জাম্বে ৱাংডি DoKAA Jambey Wangdi আৰু লুংলাৰ বিধায়ক চেৰিং লামুৱে । আই টি বি পিৰ জোৱানসকলে চুডাংমোত পৰম পবিত্ৰ দালাই লামাৰ প্ৰতিকৃতি আৰু সেই পবিত্ৰ গছৰ এটা ডাল সন্মানৰ ৰক্ষক প্ৰদান হিচাপে লাভ কৰে ।

মঙলবাৰে ঐতিহাসিক পথটোৰে ট্ৰেকিং যাত্ৰা অব্যাহত থকাৰ সময়তে অংশগ্ৰহণকাৰীসকলে গৰ্জাম চোয়েটেনলৈ আগবাঢ়িব । টাৱাঙৰ জিলা প্ৰশাসনে ৫ এপ্ৰিলত পুংটেঙত অনুষ্ঠিত হ’বলগীয়া শিখৰ কাৰ্যসূচীত যোগদান কৰিবলৈ সকলো আগ্ৰহী ব্যক্তিক আমন্ত্ৰণ জনাইছে, যিয়ে পৰম পবিত্ৰ দালাই লামাৰ ঐতিহাসিক যাত্ৰাৰ স্মৃতিত এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে চিহ্নিত কৰিব ।
প্ৰথম দিনাৰ ট্ৰেকিং কাৰ্যসূচীত ৩০০ গৰাকী অংশগ্ৰহণকাৰীয়ে যোগদান কৰে য'ত গাওঁবুঢ়া, সীমা গাৰ্ডিং বাহিনী, বৌদ্ধ সন্যাসী আৰু পৰ্যটকৰ লগতে জোৱানসকল উপস্থিত থাকে ।

