ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিলে হিমন্ত বিশ্ব শৰ্মাই - Himanta Biswa targeted Hemant Soren
Assam CM Himanta Biswa Sarma: ক’ভিড ভেকচিন সন্দৰ্ভত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণৰ বক্তব্যক লৈ প্ৰতিক্ৰিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । নিজেই টুইট কৰি ভেকচিন ল’বলৈ আহ্বান জনোৱাৰ পাছত ক’ভিড ভেকচিনৰ বাবে যুৱকৰ মৃত্যু হৈছে বুলি মুখ্যমন্ত্ৰী ছোৰেণে কেনেকৈ ক’ব পাৰে বুলি কটাক্ষ মুখ্যমন্ত্ৰী শৰ্মাৰ ৷

Published : September 9, 2024 at 10:27 PM IST
নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ গুৱা শ্বহীদস্থলীত ফাঁচি দিয়াৰ সম্ভাৱনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে দিয়া বক্তব্যৰ সন্দৰ্ভত তেওঁ কয়, "ভগৱানে তেওঁক দীৰ্ঘায়ু কৰক । দেশক তেওঁৰ প্ৰয়োজন । তেওঁক কিয় ফাঁচি দিয়া হ’ব ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আমি কেৱল বিচাৰো আপুনি অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াওক । আমি বিচাৰো যে কনিষ্টবল নিযুক্তিৰ শাৰীৰিক পৰীক্ষাৰ সময়ত প্ৰাণ হেৰুওৱা যুৱকৰ পৰিয়ালৰ এজন ব্যক্তিক চাকৰিত নিযুক্তি দিয়ক । সেই পৰিয়াললৈ ৫০ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰক । এইখিনি কোৱাৰ পিছত তেওঁ কেনেকৈ ফাঁচিৰ কথা ক’ব পাৰে ?"
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিড ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয়, "শেহতীয়াকৈ হেমন্ত ছোৰেণে নিযুক্তি পৰীক্ষাৰ দৌৰত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলে ষ্টেৰইড লৈছিল বুলি কৈছিল । ক’ভিড ভেকচিনৰ বাবেও যুৱসকলৰ মৃত্যু হৈছে । যদি ভেকচিনেই মৃত্যুৰ কাৰণ হয় তেন্তে মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে নিজেই ভেকচিন গ্ৰহণ কৰিছে । আপোনাৰ শৰীৰত কোনো সমস্যাৰ সন্মুখীন হৈছে নেকি ? তাৰ মানে আপুনি ঝাৰখণ্ডৰ যুৱক-যুৱতীসকলক আন কোনো ক’ভিড ভেকচিন দিছিল ?"
হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে এইজনেই সেইজন মুখ্যমন্ত্ৰী যিয়ে টুইট কৰি অনুৰোধ কৰিছিল যে সকলোৱে ক’ভিড ভেকচিন ল’ব লাগে । এনে পৰিস্থিতিত তেওঁ যুৱক-যুৱতীৰ মৃত্যুত এনেদৰে কেনেকৈ বক্তব্য কৰিব পাৰে ।
বিমানবন্দৰত তেওঁক সোধা হৈছিল যে টেক্সাছ বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত ৰাহুল গান্ধীয়ে কৈছিল যে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ কেইমিনিটমানৰ ভিতৰতে বি জে পি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি মানুহৰ ভয় নাইকীয়া হৈ পৰিল । মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত কয়, "ৰাহুল গান্ধীয়ে কি কৈছে মই নাজানো । ক'ত আছিল ভয়ৰ পৰিবেশ ? ইয়াৰ উত্তৰ ৰাহুল গান্ধীয়েহে দিব পাৰিব । অৱশ্যে তেওঁৰ বক্তব্য মই চাব পৰা নাই । মই আজি নিশা চাম আৰু তাৰ পাছত উত্তৰ দিম ।"

